ক’ভিডৰ বিভীষিকা ভেটিবলৈ ১০০০ নার্ছ–২১৫ আইচিইউ টেকনিচিয়ানক নিযুক্তি
ক’ৰোনাকালত স্বাস্থ্য বিভাগৰ আন এক বলিষ্ঠ পদক্ষেপ
নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্রত স্বাস্থ্য বিভাগে গ্রহণ কৰিছে এক বিশেষ পদক্ষেপ৷ ক’ভিড যুদ্ধৰ সমান্তৰালভাৱে প্রতিখন মেডিকেল কলেজ হাস্পতালত অতিৰিক্ত আই চি ইউ স্থাপনৰ লগতে প্রতিখন জিলা হাস্পতালত অহা জানুৱাৰী মাহৰ পূর্বে আই চি ইউ স্থাপনৰ ব্যৱস্থা কৰিছে৷ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত নতুনকৈ ১,০০০ ষ্টাফ নার্ছ আৰু ২১৫গৰাকী আই চি ইউ টেকনিচিয়ানক নিযুক্তি–পত্র বিতৰণ কৰি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷ ভাষণত মন্ত্রী ড০ শর্মাই কয় যে আছাম ক্রিটিকেল কেয়াৰ প্রগ্রেমৰ অধীনত ২৫০ কোটি টকা ব্যয় সাপেক্ষে প্রতিখন জিলা হাস্পতালত আই চি ইউ স্থাপনৰ পদক্ষেপ লোৱা হৈছে৷ বর্তমান ২১খন জিলা হাস্পতালত আই চি ইউ স্থাপনৰ কাম কৰা হৈছে৷ ভাৰত চৰকাৰৰ পৰা সেই কামৰ বাবে ১৪০ কোটি টকা লাভ কৰিছে৷ বাকী টকা অসম চৰকাৰে ব্যয় কৰিব৷ আই চি ইউ স্থাপনৰ লগতে আই চি ইউৰ চিকিৎসক, টেকনিচিয়ানৰ বাবে আৱাস স্থাপন আৰু যন্ত্র–পাতি ক্রয়ৰ নিবিদা ইতিমধ্যে আহ্বান কৰা হৈছে৷ অহা এমাহৰ ভিতৰত আই চি ইউ, নার্ছ নিয়োগৰ ব্যৱস্থা কৰা হ’ব৷ সেইদৰে কালি ৩৪জন চিকিৎসক নিযুক্তি দিয়া হৈছে আছাম ক্রিটিকেল কেয়াৰ প্রগ্রেমৰ অধীনত৷ আজি নিযুক্তি দিয়া আই চি ইউ টেকনিচিয়ানসকলক জিলা পর্যায়ৰ হাস্পতালত আই চি ইউ স্থাপন সম্পূর্ণ হৈ নুঠা পর্যন্ত তেওঁলোকক মেডিকেল কলেজৰ আই চি ইউত প্রশিক্ষণ দিয়া হ’ব৷ জিলা হাস্পতালত আই চি ইউ স্থাপন হৈ উঠিলে তেওঁলোকক সংশ্লিষ্ট স্থানত নিয়োগ কৰা হ’ব৷ জিলা হাস্পতালসমূহত আই চি ইউ স্থাপন হৈ উঠিলে অহা ১০ বছৰলৈ অসমত আৰু নতুনকৈ আই চি ইউ স্থাপন কৰিবলগীয়া নহ’ব৷ ভাষণত মন্ত্রী ড০ শর্মাই আৰু কয় যে গুৱাহাটীত মহেন্দ্র মোহন চৌধুৰী হাস্পতাল আৰু কালাপাহাৰ হাস্পতালক লৈ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দিশে স্বাস্থ্য বিভাগ অগ্রসৰ হৈছে৷ অহা ডিচেম্বৰ মাহৰ আগতেই গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ নির্মাণকার্য আৰম্ভ ক’ৰা হ’ব৷ মহেন্দ্র মোহন চৌধুৰী হাস্পতালৰ ৩৩ বিঘা মাটিত ৮০০ কোটি টকা ব্যয় সাপেক্ষে ১২ মহলীয়া বৃহৎ অট্টালিকা নির্মাণ কৰা হ’ব৷ এইখন চিকিৎসা মহাবিদ্যালয় হাস্পতাল পূর্বোত্তৰ ভাৰতৰ ভিতৰতে বৃহৎ হাস্পতাল হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে এই হাস্পতালত লিভাৰ, কিডনী আদি ট্রেন্সপ্লেণ্টৰ ব্যৱস্থা থাকিব৷ তদুপৰি কালাপাহাৰ হাস্পতালৰ পৰা মহেন্দ্র মোহন চৌধুৰী হাস্পতাললৈ ৫–৬ মিনিটৰ ভিতৰতে আহিব পৰা ফাষ্ট ট্রেক পথ নির্মাণ কৰিবলৈও গড়কাপ্টানী বিভাগক নির্দেশ দিয়া বুলিও তেওঁ জানিবলৈ দিয়ে৷ জি এম চি এইচৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতালখনত অহা বিহুৰ আগে আগে উদ্বোধন কৰিব পৰা যাব বুলি আশা ব্যক্ত কৰি মন্ত্রী ড০ শর্মাই কয় যে লখিমপুৰ মেডিকেল কলেজ হাস্পতালত অহা নৱেম্বৰ মাহৰ পৰা অ’ পি ডি সেৱা আৰম্ভ হ’ব৷ গোৱালপাৰা, চৰাইদেউ, বিশ্বনাথ, কৰিমগঞ্জ মেডিকেল কলেজৰ কামো এই বছৰৰ ভিতৰতে আৰম্ভ কৰা হ’ব৷ অহা ৬–৭ মাহৰ ভিতৰত ধুবুৰী, নগাঁও, নলবাৰী আৰু তিনিচুকীয়া মেডিকেল কলেজে প্রাণ পাই উঠিব বুলি তেওঁ আশা ব্যক্ত কৰে৷ সম্প্রতি ৰাজ্যৰ ২০খন হাস্পতালত কিডনী ডায়েলেছিছ চলি থকাৰ বিষয়ে জানিবলৈ দি তেওঁ আৰু কয় যে অহা ডিচেম্বৰ মাহৰ ভিতৰত আৰু ১০খন হাস্পতালত ডায়েলেছিছৰ ব্যৱস্থা কৰা হ’ব৷ ইপিনে, ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ শেহতীয়া কাম–কাজৰ ভূয়সী প্রশংসা কৰি মন্ত্রী ড০ শর্মাই ভাষণত কয় যে ২০০৬ চনৰ পৰা মাজতে এটা বছৰ বাদ দি সুদীর্ঘ ১৪ বছৰ তেওঁ স্বাস্থ্য বিভাগৰ সৈতে জড়িত হৈ আছে৷ ২০০৬ চনত তেওঁ যেতিয়া প্রথম স্বাস্থ্যমন্ত্রীৰ দায়িত্ব লৈছিল, সেই সময়ত তেওঁৰ এটা সপোন আছিল৷ ৰাইজে নার্ছিং হোমৰ পৰিৱর্তে চৰকাৰী চিকিৎসালয়লৈ অহাৰ ক্ষেত্রত আগ্রহ ব্যক্ত কৰে৷ ২০০৮–০৯ চনত তেওঁ বহুবাৰ ভাষণত সেই বিষয়ে উল্লেখ কৰিছিল৷ পিছে সেয়া সম্ভৱ হৈ নুঠাত পিছলৈ তেওঁ সেই বিষয়ে কোৱাটো এৰি দিছিল৷ কিন্তু শেহতীয়াকৈ ক’ভিড যুদ্ধৰ সময়ত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ চৰকাৰী খণ্ডৰ চিকিৎসক, নার্ছ, স্বাস্থ্যকর্মী, চাফাই কর্মীসকলে যি সেৱাৰ মনোভাবেৰে দিন–ৰাতি একাকাৰ কৰি ৰাইজক সেৱা আগবঢ়ালে, আজি ১৪ বছৰ পাছত তেওঁৰ সেই সপোনে সার্থকতা লাভ কৰা যেন অনুভৱ কৰিছে৷ মহামাৰী ক’ৰোনা ৰোধৰ ক্ষেত্রত স্বাস্থ্য বিভাগ যিদৰে জঁপিয়াই পৰিল, মানুহে উপলব্ধি কৰিলে চৰকাৰী ব্যৱস্থাই যেতিয়া কাম কৰে ভালদৰে কৰে৷ অসমৰ ৰাজহুৱা স্বাস্থ্য ব্যৱস্থা কিমান সক্ষম, কিমান সামর্থ্য সেয়া ক’ৰোনাৰ সময়ে বুজাই দিলে৷ পূর্বতে সম্ভৱ নোহোৱা বহু অসম্ভৱ কামো এই ক’ভিড কালতেই সম্পন্ন হ’ল৷ পূর্বতে স্বাস্থ্য বিভাগত এটা নিযুক্তিৰ বাবে, এটা আই চি ইউ স্থাপনৰ বাবে বিভাগে বহু পৰিকল্পনা, বহু বৈঠক অনুষ্ঠিত কৰিব লগা হৈছিল৷ ক’ৰবাত ৰঙা ফিতাৰ মেৰপেঁচৰ বাবে সেই কামৰ প্রক্রিয়া বহু দীঘলীয়া হৈছিল৷ কিন্তু এই ক’ভিড কালত দুই–তিনি বছৰ পৰিকল্পনা কৰিও শেষ কৰিব নোৱাৰা কাম ১৫–২০ দিনৰ ভিতৰত কৰিব পৰা পৰিৱেশ সৃষ্টি হ’ল৷ এই সময়ছোৱাত জি এম চি এইচত ৪০টা নতুন আই চি ইউ স্থাপন হ’ল৷ ৬০টা নির্মাণৰ কাম চলি আছে৷ অহা অক্টোবৰৰ পৰা প্রতিদিনে নতুন নতুন একোখনকৈ আই চি ইউ স্থাপন হ’ব৷ তদুপৰি এই সময়ছোৱাতে স্বাস্থ্য বিভাগত ৫,০০০ৰো অধিক নিযুক্তি সম্পন্ন হয়৷ ক’ভিড কালত ৰাজ্যৰ চৰকাৰী স্বাস্থ্যখণ্ডই ত্যাগৰ মনোভাবেৰে যি মানৱীয় সেৱা আগবঢ়ালে, যাৰ বাবে এতিয়া আঢ়্যৱন্তজনেও নার্ছিং হোমৰ পৰিৱর্তে মেডিকেল কলেজ বা চৰকাৰী হাস্পতালত ছিট এটা বিচাৰি তেওঁলৈ ফোন কৰে৷ অসমৰ ৰাজহুৱা স্বাস্থ্যখণ্ডই এই গতি আৰু শক্তি ধৰি ৰাখিব পাৰিলে ৰাজ্যৰ স্বাস্থ্যখণ্ড দেশৰ ভিতৰতে নহয়, বিশ্বৰ ভিতৰতে শক্তিশালী হিচাপে পৰিগণিত হ’ব৷