নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ তিনি যুৱকসহ ২১জনক নিমিষতে পুতি পেলাইছিল শিল–বালি–বোকাই

উত্তৰাখণ্ডত দৈৱক্রমে প্রাণৰক্ষা পৰা বাইহাটাৰ বিপুলৰ শিহৰণকাৰী ভাষ্য

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ এটা বিকট শব্দ৷ মুহূর্তৰ পাছতেই মহাপ্রলয়৷ পর্বতৰ পৰা নামি অহা তীব্রবেগী হিমশীতল জলাধাৰে সৃষ্টি কৰিলে সংহাৰ৷ উত্তৰাখণ্ডৰ হিমস্খলন আৰু ইয়াৰ ফলত সৃষ্টি হোৱা বানৰ প্রত্যক্ষদর্শীৰ বিৱৰণে সকলোৰে বুকু কঁপাই গৈছে৷ ইমান আচম্বিতে কাল অমানিশা নামি আহিল যে সেই সময়ত তপোবনৰ এটা জলবিদ্যুৎ প্রকল্পত কর্মৰত অৱস্থাত থকা কর্মী–শ্রমিকসকলে আত্মৰক্ষাৰ কোনো সুযোগেই নাপালে৷ হঠাৎ সৃষ্টি হোৱা প্রলয়ৰ কাৰণো নাজানিলে তেওঁলোকে৷ তপোবনস্থিত ওম মেটেল ইনফাৰ প্রজেক্ট লিমিটেডৰ জলবিদ্যুৎ প্রকল্পত টানেলৰ ভিতৰত সেই সময়ত কর্মৰত হৈ আছিল ২১জন যুৱক৷ ইয়াৰ মাজত আছিল অসমৰো তিনিজন চফল ডেকা৷ চকুৰ পলকতে তেওঁলোকক শিল, বালি, বোকাই পুতি পেলালে৷ এই কৰুণ ঘটনাৰ একমাত্র সাক্ষী হৈ ৰ’ল অসমৰ বাইহাটা চাৰিআলিৰ বিপুল ডেকা৷

 ‘নিয়মীয়া বার্তা’ৰ এই সংবাদদাতাক ফোনযোগে বিপুলে কয় যে উত্তৰ প্রদেশ, বিহাৰ, পশ্চিমবংগ, মধ্যপ্রদেশৰ লগতে অসমৰ তিনি যুৱকসহ প্রকল্পটোৰ কামত নিয়োজিত হৈ থকা অৱস্থাত ২১জন লোকক দেওবাৰে পুৱা ১০.৩৫ বজাত হঠাৎ হোৱা জলপ্রলয়ে পুতি পেলায়৷ দৈৱক্রমে ৰক্ষা পৰে প্রকল্পটোত কাম কৰি থকা বিপুল ডেকা৷ ঘটনাৰ প্রাকমুহূর্তত এটা টেলিফোন কল অহাত কিছু দূৰলৈ আঁতৰি গৈছিল বিপুল৷ ফলত তেওঁ ৰক্ষা পৰে যদিও সেই ভয়ংকৰ প্রাকৃতিক দুর্যোগৰ দৃশ্যই আজিও তেওঁৰ বুকু কঁপাই আছে৷ এতিয়াও একেলগে কাম কৰা অসমৰ তিনি সহকর্মী আৰু আন শ্রমিকসকলৰ স্মৃতিয়ে তেওঁক আমনি দি আছে৷ ডেকাই জনোৱা মতে, প্রায় ২০ মিটাৰ ওখ বালি, শিল আৰু বোকাই আটাইকেইজনকে পুতি পেলাইছিল৷ বিপুল ডেকাই জনোৱা মতে, অসমৰ তিনিজন ক্রমে কামপুৰৰ ভাতৃদ্বয় অমৰজ্যোতি দাস, কমলজ্যোতি দাস আৰু কাকীৰ ডেৰাপথাৰৰ সুশান্ত ডালু সেই সময়ত কর্মৰত আছিল আৰু এই ঘটনাৰ ফলত বর্তমান পর্যন্ত তেওঁলোক সন্ধানহীন আছে৷

ওম মেটেল ইনফাৰ প্রজেক্ট লিমিটেডত ঠিকাদাৰ হিচাপে থকা বিপুল ডেকাই জনোৱা মতে, আজি কোম্পানীটোৰ তৰফৰ পৰা ২১জন সন্ধানহীনৰ তালিকা প্রকাশ কৰিছে৷ ইয়াৰ ভিতৰত অসমৰ তিনি যুৱকৰ লগতে আন ১৯জনৰ নাম হৈছে ভানু সিং (ৰায়পুৰ), বোলা জানা (পশ্চিমবংগ), ধানুষধাৰী (উত্তৰ প্রদেশ), গজেন্দ্র সিং (মধ্যপ্রদেশ), লালু জানা (পশ্চিমবংগ), নৰেন্দ্র সিং (মধ্যপ্রদেশ), নেমধাৰী প্রসাদ (বিহাৰ), ৰাহুল কিশোৰ (ডেৰাডুন) চুনু লোহাৰী (মধ্যপ্রদেশ), সুদীপ গৰিয়া (পশ্চিমবংগ), ভিলান কুমাৰ (উত্তৰ প্রদেশ), মনোজ কুমাৰ (বিহাৰ), ৰিকেশ নাওবাৰীয়া (মধ্যপ্রদেশ), সন্তোষ যাদৱ (উত্তৰ প্রদেশ), বিজয় কুমাৰ সিং (বিহাৰ), সুভাষ যাদৱ (বিহাৰ), গৌতম যাদৱ (বিহাৰ) আৰু উত্তৰ প্রদেশৰ বেদপ্রকাশ সিং৷ নিমিষতে ধ্বংস হৈ জলবিদ্যুৎ প্রকল্পটোত পোত যোৱা কর্মীসকলক উত্তৰাখণ্ডৰ চৰকাৰে উদ্ধাৰ কৰিবলৈ অভিযান চলাই আছে যদিও সম্পূর্ণ বালিময় হৈ যোৱাত বহু দিন লাগিব বুলি ডেকাই মত প্রকাশ কৰে৷ ডেকাই জনোৱা মতে, কোম্পানীটোৱে সন্ধানহীন হোৱা পৰিয়ালবর্গক আর্থিক সাহায্য দিয়াৰ যো–জা কৰাৰ লগতে কোনো সন্ধানহীন লোকৰ পৰিয়াল ঘটনাস্থলীলৈ যাবলৈ ইচ্ছা প্রকাশ কৰিলে আহ–যাহৰ সকলো ব্যৱস্থা কৰিব৷ ইপিনে, আজিও কামপুৰৰ সন্ধানহীন ভাতৃদ্বয়ৰ গৃহত এক শোকাকুল পৰিৱেশ অব্যাহত আছে৷ চোলাততে অমৰজ্যোতি আৰু কমলজ্যোতিৰ মাতৃয়ে হিয়া ঢ়াকুৰি কান্দি থকা দৃশ্যই আজিও সকলোকে মর্মাহত কৰি তোলে৷
উত্তৰাখণ্ডত নিখোজ হোজাই জিলাৰ কাকীৰ সুশান্তৰ পৰিয়ালত বিৰাজ কৰিছে হাহাকাৰ অৱস্থা
উত্তৰাখণ্ডত নিখোজ হোৱা হোজাই জিলাৰ কাকীৰ সুশান্ত ডালুৰ পৰিয়ালত সম্প্রতি এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে৷ কাকীৰ ডেৰাপথাৰ ডালু গাঁৱৰ প্রদীপ ডালু নামৰ লোকজনৰ দ্বিতীয় পুত্র সুশান্ত আছিল অতি মেধাৱী যুৱক৷ অতি দ্রৰিদ্র পৰিয়ালটোৰ পাঁচটি সন্তানৰ ভিতৰত পিতৃ প্রদীপ ডালুৱে দিন হাজিৰা কৰি অশেষ কষ্টৰে সুশান্তক পঢ়ুৱাইছিল৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত তিনিটা বিষয়ত লেটাৰ মার্কসহ প্রথম বিভাগত উত্তীর্ণ হোৱাৰ লগতে সুশান্তই সুখ্যাতিৰে স্নাতক ডিগ্রীও লাভ কৰিছিল৷ কিন্তু চৰকাৰী চাকৰি বিচাৰি বিমুখ হোৱা সুশান্তই পৰিয়াল পোহ–পালৰ তাগিদাত কর্মৰ সন্ধানত ২০২০ চনৰ অক্টোবৰ মাহত বহিঃৰাজ্য উত্তৰাখণ্ডলৈ গৈছিল৷ নগাঁও জিলাৰ কামপুৰৰ অমৰজ্যোতি দাস আৰু কমল দাসৰ সহযোগত সুশান্তই উত্তৰাখণ্ডত তপোবন নামৰ এটি কোম্পানীত কর্মৰত হৈ আছিল৷ উল্লেখ্য যে পৰিয়ালটোৰ একমাত্র ভৰসা সুশান্তৰ নিখোজৰ খবৰে পৰিয়ালটোত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে৷ লগতে ডেৰাপথাৰৰ ডালু গাঁওখনতো এক শোকৰ পৰিৱেশ সৃষ্টি হৈছে৷ উল্লেখ্য যে সুশান্ত তপোবনত নিখোজ কমলজ্যোতি দাসৰ খুলশালিয়েক৷

You might also like