ভাল খবৰ অসমৰ ৫ জন ক’ৰোনা আক্ৰান্ত সম্পূৰ্ণ সুস্থঃ চিকিৎসালয়ৰ পৰা মুক্তি
নিয়মীয়া বাৰ্তা ২৫ মেঃ ক’ৰোনাৰ আতংকৰ মাজতে এটা ভাল খবৰ। আজি ৰাজ্যৰ গুৱাহাটী মেডিকেল কলেজ হাস্পাতল পৰা তিনিজন আৰু যোৰহাট মেডিকেল কলেজ হাস্পাতলৰ দুজন ক’ভিড ৰোগীক মুকলি কৰি দিয়া হয়। এই আটাইকেইজন ক’ভিড আক্ৰান্তৰ শেহতীয়া পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে। স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা জি এম চি এইচত ৰোগী কেইজন মুকলি কৰি দিয়াৰ সময়ত উপস্থিত আছিল।
স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত কয় যে তেৰ বছৰীয়া চম্পা বৰা অসম চৰকাৰৰ অধীনত মুম্বাইত হাৰ্ট ছাৰ্জাৰী কৰিবলৈ গৈছিল। কিন্তু অসমলৈ উভতি অহাৰ পিছত যোৱা ১৩ মেত চম্পা বৰা ক’ভিডত আক্ৰান্ত হয়। চম্পা বৰাৰ মাতৃও সংক্ৰমণৰ বাধা নেওচি চম্পাৰ লগতে ‘ জি এম চি এইচতে থাকে। তেওঁলোকৰ শেহতীয়াকৈ দুটা পৰীক্ষাত ফলাফল নিগেটিভ আহিছে।