অসমৰ ৬ চিকিৎসকলৈ ক’ভিড যোদ্ধাৰ বঁটা
নিয়মীয়া বাৰ্তা ২ জুলাইঃ ক’ভিডকালত আগবঢ়োৱা মানৱ সেৱাৰ বাবে ৬গৰাকীকৈ অসমৰ চিকিৎসক ক’ভিড যোদ্ধা ৰূপে পুৰস্কৃত হৈছে৷ ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন (আই এম এ)–এ বৃহস্পতিবাৰে এই যোদ্ধাসকলৰ নাম ঘোষণা কৰিছে৷
আই এম এৰ অসম শাখাৰ হৈ ডাঃ সত্যজিৎ বৰাই প্রকাশ কৰা অনুসৰি পুৰস্কৃত হোৱা এই ৬গৰাকী ক’ভিড যোদ্ধা হ’ল– লখিমপুৰ শাখাৰ ডাঃ তুলসী প্রসাদ চুতীয়া, গুৱাহাটী শাখাৰ ডাঃ অনুপল কুমাৰ শর্মা, কাছাৰ শাখাৰ ডাঃ ঋতুৰাগ ঠাকুৰীয়া, যোৰহাট শাখাৰ ডাঃ উত্তম কুমাৰ নাথ, বঙাইগাঁও শাখাৰ ডাঃ শুভ্রদীপ বিশ্বাস আৰু তেজপুৰ শাখাৰ ডাঃ পীয়ূষ আগৰৱাল৷
উল্লেখ্য যে ক’ৰোনাৰ কঠিন পৰিস্থিতিৰ সময়ত আক্রান্ত লোকক চিকিৎসা সেৱা আগবঢ়োৱাৰ ক্ষেত্রত বিশেষ ভূমিকা লোৱা বাবেই এই ৬গৰাকী চিকিৎসকক ক’ভিড যোদ্ধা হিচাপে পুৰস্কৃত কৰা হৈছে৷