নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়ো মাধ্যমৰ বাবে শিক্ষা সঞ্চালকালয়ত অনুমোদন

কোকৰাঝাৰত ফট্কা ফুটাই উছাহ এবছুৰ নেতা–কর্মীৰ

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ বি টি আৰ চুক্তি অনুসৰি গঠন হ’ব বড়ো মাধ্যমৰ বিদ্যালয়ৰ বাবে পৃথক সঞ্চালকালয়৷ এবছুৰ সভাপতি দ্বীপেন বড়ো, উপ–সভাপতি জয়ন্ত বসুমতাৰী আৰু সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীৰ নেতৃত্বত অহা এটা প্রতিনিধি দলৰ আগত এই কথা নিশ্চিত কৰিছে শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বড়ো মাধ্যমৰ বিদ্যালয়ৰ বাবে পৃথক সঞ্চালকালয় গঠন কৰা বিষয়টোত ইতিমধ্যে কেবিনেটে অনুমোদন জনাইছে আৰু ইয়াৰ বাবে প্রয়োজনীয় ধনৰ অনুমোদনো জনোৱা হৈছে৷

অহা ৫ ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনা ৰাজ্য চৰকাৰে এই বিষয়ে আনুষ্ঠানিক ঘোষণা কৰিব৷ বড়ো মাধ্যমৰ বিদ্যালয়ৰ বাবে পৃথক সঞ্চালকালয় গঠনৰ খবৰে কোকৰাঝাৰৰ এবছু কার্যালয়ত আনন্দৰ জোৱাৰ তুলিছে৷ এবছু সদস্যসকলে বোমা ফুটাই আনন্দ–উল্লাস প্রদর্শন কৰে৷

You might also like