নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি চৰকাৰ অসম চুক্তি আখৰে আখৰে ৰূপায়ণত দায়বদ্ধ

বিৰোধী শিবিৰক উভতি ধৰিলে ৰঞ্জিত দাসে

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণার্থে বিজেপি নেতৃত্বাধীন কেন্দ্র আৰু ৰাজ্য চৰকাৰে যি পদক্ষেপ গ্রহণ কৰিছে, তেনে দৃঢ় পদক্ষেপ পূর্বৰ কোনো চৰকাৰে লোৱা নাছিল৷ কেৱল ৬নং দফাই নহয়, সামগ্রিকভাৱে অসম চুক্তি ৰূপায়ণৰ বাবে বিজেপি দৃঢ় সংকল্পবব্ধ৷ সেয়েহে পূর্বৰ কোনো চৰকাৰৰ কার্যকালত গুৰুত্ব নোপোৱা অসম চুক্তি ৰূপায়ণ বিভাগটোৰ এটা পূর্ণ পর্যায়ৰ স্থায়ী সঞ্চালকালয় চুক্তি স্বাক্ষৰিত হোৱাৰ সুদীর্ঘ তিনিটা দশকৰ পাছত সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে স্থাপন কৰি তাৰ পৰা পূর্ণ পর্যায়ত চুক্তিৰ প্রতিটো দফা ৰূপায়ণৰ কাম সম্পাদন কৰি আহিছে৷ –এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ৷ বিবৃতিত ৰাজ্যিক বিজেপিৰ সভাপতি দাসে কয় যে বিজেপি নেতৃত্বাধীন দুয়োখন চৰকাৰে অতি আন্তৰিকতাৰে অসমীয়া জাতীয় জীৱনৰ সৈতে জড়িত প্রতিটো গুৰুত্বপূর্ণ বিষয়ত প্রতিশ্রুতি অনুসৰি দৃঢ়তাৰে অসম চুক্তিৰ প্রতিটো দফাত সন্নিৱিষ্ট বিষয়সমূহৰ ক্ষেত্রত ইতিবাচক পদক্ষেপ গ্রহণ কৰিছে৷ ফলত সুদীর্ঘ সময়জুৰি পূর্বৰ চৰকাৰসমূহে গুৰুত্বহীন কৰি পেলোৱা অসম চুক্তিৰ ৬নং দফাৰ শীঘ্রে ৰূপদানৰ বাবে অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ নেতৃত্বত গঠন হোৱা কমিটীখনে প্রতিবেদন প্রস্তুত কৰি চৰকাৰৰ ওচৰত দাখিল কৰিবলৈ সক্ষম হ’ল৷ এই প্রতিবেদন কার্যকৰী কৰিবলৈ সমিতিৰ সদস্যসকলে চৰকাৰক দুবছৰৰ সময় দিছিল৷ কিন্তু গোপনীয়তা ভংগ কৰি মাত্র পাঁচ মাহৰ ভিতৰতে প্রতিবেদনখন ৰাজহুৱা কৰা বিষয়টোত আশ্চর্য প্রকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দাসে৷ তেওঁ এই সন্দর্ভত বিৰোধীক কার্যতঃ উভতি ধৰি কয়– আমাৰ চৰকাৰ অসম চুক্তিৰ প্রতিটো দফা আখৰে আখৰে ৰূপায়ণৰ বাবে দায়বদ্ধ৷ দৃঢ় সংকল্পব্ধ৷ এইক্ষেত্রত অসমৰ ৰাইজক বিভ্রান্ত কৰাৰ অপচেষ্টা চলোৱা অনুচিত৷ যিটো বিষয়ত অসমৰ ৰাইজ তিনিটা দশক অপেক্ষা কৰিব লগা হ’ল, তেনে এটা অতি গুৰুত্বপূর্ণ বিষয়ৰ ক্ষেত্রত বিজেপি চৰকাৰে অসমৰ জাতীয় জীৱন সুৰক্ষিত কৰাৰ স্বার্থত যি দৃঢ় পদক্ষেপ গ্রহণ কৰিলে, সেয়া নিশ্চিতভাৱে ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হ’ব৷ বিজেপি নেতৃত্বাধীন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰ দুখন শাসনলৈ অহাৰ পূর্বে তিনিটা দশকজুৰি অসম চুক্তিৰ ষষ্ঠ দফা কার্যতঃ কাগজ আলোচনা আৰু ভাষ্যৰ মাজতে সীমাবদ্ধ হৈ আছিল৷ কিন্তু বিজেপি শাসনলৈ অহাৰ পাছতে ই কাগজৰ মাজৰ পৰা পৱিত্র সংসদৰ মজিয়ালৈ আহিল৷ ব্যৱহাৰিক কার্যপন্থা হাতত লোৱা হ’ল৷ কেৱল সেয়াই নহয়, ভাৰত–বাংলাদেশ সীমান্তৰ বেৰা সম্পূর্ণ কৰা, অসমৰ জাতি–মাটি–ভেটি, ভাষা–কৃষ্টি–সংস্কৃতি তথা ঐতিহ্য ৰক্ষাৰ বাবে চৰকাৰে ৰাজ্যখনৰ খিলঞ্জীয়া এক লাখ লোকক মাটিৰ পট্টা প্রদান কৰা, অসমৰ সত্রসমূহ আৰু কাজিৰঙা বেদখলমুক্ত কৰা, সত্রসমূহৰ উন্নয়নৰ বাবে পুঁজি আবণ্টন দিয়া, পুৰণি কীর্তিচিহ্ণসমূহৰ সংৰক্ষণ, অসম সাহিত্য সভাকে ধৰি জনগোষ্ঠীয় সাহিত্য সভাসমূহলৈ পুঁজিৰ আবণ্টন, শ্বহীদ পৰিয়াললৈ এককালীন সাহায্য, বৰাগাঁৱত শ্বহীদ উদ্যান স্থাপনকে ধৰি আমাৰ চৰকাৰে গ্রহণ কৰা পদক্ষেপসমূহে আমাৰ দলৰ দায়বদ্ধতা প্রতিফলিত কৰিছে৷ তেওঁ পুনৰ কয় যে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ যোগেদি অসমীয়া খিলঞ্জীয়া জনসাধাৰণক সাংবিধানিক সুৰক্ষা প্রদানৰ বাবে চৰকাৰে গঠন কৰি দিয়া কমিটীখনে যোৱা ২৫ ফেব্রুৱাৰীত প্রতিবেদন দাখিল কৰিছিল৷ সাংবিধানিক ৰক্ষাকৱচৰ বিষয়টোৰ বাবে সংবিধান সংশোধনৰ প্রয়োজন আছে৷ গতিকে বিষয়টোত স্বাভাৱিকতে সময়ৰ প্রয়োজন হ’ব৷ ক’ভিড মহামাৰী, বান, ভূমিস্খলন, বাঘজানৰ অগ্ণিকাণ্ডৰ দৰে দুর্যোগৰ মাজতো বিষয়টো অতি গুৰুত্ব সহকাৰে আগবঢ়াই নিয়াৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্র আৰু অসম চৰকাৰৰ পদক্ষেপ এইক্ষেত্রত নিশ্চিতভাৱে প্রশংসনীয় আৰু অসমৰ জনতা এই বিষয়ত সম্পূর্ণ জ্ঞাত বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দাসে মন্তব্য কৰে৷

You might also like