কৃষি বিশ্ববিদ্যালয়ঃ দাবী কৰা ধন আদায় নিদিয়াৰ বাবে ক্ষোভ; স্থান লাভৰ পাছতো নিযুক্তি নিদিলে তদানীন্তন উপাচার্যই
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ শস্যৰোগ অধ্যয়ন বিভাগৰ ৮টা সহকাৰী অধ্যাপক আৰু সমপর্যায়ৰ পদৰ বাবে কৃষি বিভাগে প্রদান কৰা নিযুক্তিৰ বিপৰীতে চলিছিল ধনৰ লেনদেন৷ এই অভিযোগ হিন্দু যুৱ–ছাত্র পৰিষদৰ৷ কৃষি বিশ্ববিদ্যালয়ৰ তদানীন্তন উপাচার্য ড০ কমল মল্ল বুজৰবৰুৱাই নিযুক্তিৰ বাবে একাংশ প্রার্থীৰ পৰা দাবী কৰা ধন লাভ নকৰাৰ বাবেই এই নিযুক্তিৰ পৰা বঞ্চিত হৈছিল পাৰবীন খান আৰু মনোজ গগৈ৷
এই অভিযোগ তুলি হিন্দু যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে অভিযোগ কৰে যে ২০১৮ চনতে বিজ্ঞাপনৰ জৰিয়তে যোগ্য প্রার্থীৰ পৰা শস্যৰোগ অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপকৰ পদৰ বাবে আবেদন বিচাৰিছিল৷ এই আবেদনসমূহ কৃষি অনুষদ প্রধান বিজ্ঞানী ড০ খগেন কুর্মীৰ অধ্যক্ষতাত গঠিত স্ক্রীনিং কমিটীয়ে পৰীক্ষা কৰি বাছনি সমিতিলৈ প্রেৰণ কৰে৷ কৃষি বিশ্ববিদ্যালয়ৰ তদানীন্তন উপাচার্য ড০ কমল মল্ল বুজৰবৰুৱাৰ অধ্যক্ষতাত গঠন হোৱা বাছনি কমিটীখনে মেধাৰ ভিত্তিত ৮জন প্রার্থীক বাছনি কৰে যদিও বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কে ৬গৰাকী প্রার্থীকহে সহকাৰী অধ্যাপক বা সমপর্যায়ৰ পদত নিযুক্তি দিয়ে৷ আশ্চর্যজনকভাৱে মেধাৰ ভিত্তিত ক্রমে প্রথম আৰু সপ্তম স্থান অধিকাৰ কৰা পাৰবীন খান আৰু মনোজ গগৈক এই নিযুক্তিৰ পৰা বঞ্চিত কৰা হয়৷
কৃষি বিশ্ববিদ্যালয়ৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে বিগত বর্ষত গুৱাহাটী উচ্চ ন্যায়ালয়ত দুয়োগৰাকী প্রার্থীয়ে আবেদন কৰাত ন্যায়ালয়ে বিশ্ববিদ্যালয়ৰ বাছনিৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰায় দি পাৰবীন খান আৰু মনোজ গগৈক যোগ্য প্রার্থী ৰূপে নিযুক্তি দিবলৈ নির্দেশ দিয়ে৷ লক্ষণীয়ভাৱে কৃষি বিশ্ববিদ্যালয়ে এই দুগৰাকী প্রার্থীক ন্যায়ালয়ৰ নির্দেশত কৰিমগঞ্জ আৰু তিনিচুকীয়াত নিযুক্তি দিয়ে যদিও সহকাৰী অধ্যাপক ৰূপে নিযুক্তি দিয়াৰ বিপৰীতে দুয়োগৰাকীক কনিষ্ঠ বিজ্ঞানী হিচাপেহে নিযুক্তি দিয়ে৷ হিন্দু যুৱ–ছাত্র পৰিষদৰ নেতৃত্বই অভিযোগ কৰে যে ৮গৰাকী প্রার্থীৰ পৰা দুগৰাকী প্রার্থীক এনেদৰে অযোগ্য ঘোষণাৰ আঁৰত যে ধনৰ দাবী উঠিছিল, সেয়া ইতিমধ্যে স্পষ্ট হৈছে৷
ইতিমধ্যে এই বিষয়সমূহ পৰিষদে যোৱা ২৮ আগষ্টত বিশ্ববিদ্যালয়ৰ আচার্য, মুখ্যমন্ত্রী আৰু পঞ্জীয়কক বিস্তৃতভাৱে অৱগত কৰিছে৷ কিন্তু এতিয়াও তদানীন্তন উপাচার্য ড০ কমল মল্ল বুজৰবৰুৱাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰা হোৱা নাই৷ এইক্ষেত্রত পৰিষদে ৰাজ্যপাল আৰু মুখ্যমন্ত্রীৰ হস্তক্ষেপ কামনা কৰিছে৷