অসম কৃষি বিশ্ববিদ্যালয়ৰ প্রবক্তাৰ ছুইচাইড নোটত গৱেষক ছাত্রীৰ নাম
নিয়মীয়া বাৰ্তা, ১৫ মে’ : যোৱা ১২ মে’ত যোৰহাটৰ অসম বিশ্ববিদ্যালয়ৰ নিজৰ কার্যালয় কোঠালিত আত্মহত্যা কৰা প্রবক্তা অভিজিৎ শর্মাই ছুইচাইড নোটত কেইবাজনো ব্যক্তিৰ নাম উল্লেখ কৰিছিল ৷ ঘটনাৰ দিনাই উক্ত ছুইচাইড নোট উদ্ধাৰ কৰা আৰক্ষীয়ে এই কথা প্রকাশ কৰিছে ৷ জানিব পৰা মতে, ছুইচাইড নোটত বিশ্ববিদ্যালয়ৰ এজন প্রবক্তাৰ লগতে এম এছ চিৰ এগৰাকী গৱেষক ছাত্রীও আছে৷ চাৰি পৃষ্ঠাৰ আত্মহত্যাৰ টোকাত উল্লেখ থকা ব্যক্তিসকল তদন্তৰ আওতালৈ আহিব বুলি আজি জানিবলৈ দিয়ে যোৰহাটৰ আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰে৷ ইতিমধ্যে আৰক্ষীয়ে প্রাথমিক তদন্ত আৰম্ভ কৰিছে ৷ প্রবক্তাজনৰ পৰিয়ালে এজাহাৰ দাখিল কৰিব আৰু ইয়াৰ পাছতে তদন্ত জোৰদাৰ কৰি তোলা হ’ব ৷
ইফালে, বিশ্ববিদ্যালয়খনত দীর্ঘদিন ধৰি চলি অহা লবী ৰাজনীতিৰ ফলতে কৃষিশস্য বিজ্ঞান বিভাগৰ প্রবক্তা অভিজিৎ শর্মাই আত্মহনন কৰিব লগা হ’ল বুলি অভিযোগ উঠিছে ৷ বিশ্ববিদ্যালয়খনৰ এক ভিতৰুৱা সূত্রই এই কথা জানিবলৈ দি কয় যে বিগত সময়তো বহুতো সৎ বিজ্ঞানী, প্রবক্তা আৰু ছাত্র–ছাত্রী এনে লবী ৰাজনীতিৰ বলি হ’বলগীয়া হৈছিল ৷ সূত্রটোৰ মতে, প্রবক্তাজন আছিল অত্যন্ত মেধা আৰু কাম–কাজত অতি ছিৰিয়াছ ৷ কোনো পাল মৰা কাম তেওঁ নিজেও কৰা নাছিল আৰু আনে কৰিলেও তেওঁ বেয়া পাইছিল৷ এগৰাকী এম এছ চিৰ গৱেষক ছাত্রীয়ে তেওঁৰ অধীনত গৱেষণা কৰিছিল ৷ কামত ছিৰিয়াছ হ’বলৈ আৰু নিয়মানুৱর্তিতা মানি চলিবলৈ তেওঁ ছাত্রীগৰাকীক কৈ আহিছিল ৷ কিন্তু ছাত্রীগৰাকীয়ে ইয়াক তেওঁৰ ওপৰত মানসিক হেঁচা দিয়া বুলি কর্তৃপক্ষক প্রবক্তা শর্মাৰ বিৰুদ্ধে অভিযোগ দিছিল ৷
কর্তৃপক্ষই এই অভিযোগ একপক্ষীয়ভাৱে বিচাৰ কৰি প্রবক্তাজনক তিতাবৰৰ ধান গৱেষণা কেন্দ্রলৈ বদলি কৰাৰ নির্দেশ উলিয়ায়৷ ছাত্র–ছাত্রীৰ মাজত জনপ্রিয় প্রবক্তাজন এই কথাত মানসিকভাৱে ভাগি পৰে৷ বিশেষকৈ মিছা অভিযোগেৰে ছাত্রীগৰাকীয়ে চৰিত্র হননৰ চেষ্টা কৰাত প্রবক্তাজন মানসিক দ্বন্দ্বত ভোগা বুলি সূত্রটোৱে প্রকাশ কৰে৷ উল্লেখ্য যে প্রবক্তা শর্মাৰ পত্নীও হ’ল বিশ্ববিদ্যালয়খনৰ এগৰাকী কনিষ্ঠ বিজ্ঞানী৷ বিশ্ববিদ্যালয়ৰ আৱাসিক চৌহদৰে পত্নী আৰু এইবাৰ মেট্রিক অৱতীর্ণ হোৱা কন্যাৰ সৈতে আছিল প্রবক্তাজন৷ ১২ মে’ৰ দিনা পুৱা ঘৰৰ পৰা সোনকালে কার্যালয়লৈ বুলি ওলাই আহি অফিচৰ নিজা কোঠালিত চিলিং ফেনত চিপ লৈ তেওঁ আত্মহত্যা কৰিছিল৷ অভিজিৎ শর্মাৰ আত্মহত্যাৰ নিৰপেক্ষ তদন্ত দাবী কৰিছে বিভিন্ন পক্ষই৷ ইফালে বিশ্ববিদ্যালয়ৰ ডীন ড০ জয়ন্ত ডেকাই জনোৱা মতে, অভিজিৎ শর্মাই প্রবক্তা হিচাপে যথেষ্ট জনপ্রিয়তা অর্জন কৰিছিল৷ তেওঁ কোনোধৰণৰ অনৈতিক কার্যত লিপ্ত নাছিল বুলি উল্লেখ কৰি তেওঁ কয় যে আৰক্ষীৰ তদন্তত প্রকৃত তথ্য পোহৰলৈ আহিব৷ আনহাতে, ঘটনাৰ তদন্ত কৰিবলৈ এখন বিশেষ তদন্ত কমিটী গঠন কৰা হৈছে বুলি তেওঁ জনায়৷