নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিনে দিনে দৃশ্যপটৰ পৰিৱর্তনঃ মাজবাটত হ’ব তিনিকোণীয়া যুঁজ

নিয়মীয়া বার্তা, ২৮ মার্চঃ মাজবাট বিধানসভা সমষ্টিত ৰাজনৈতিক দলসমূহে নির্বাচনী প্রচাৰ তীব্রতৰ কৰি তুলিছে৷ সমষ্টিটো বি পি এফ তথা কংগ্রেছ, এ আই ইউ ডি এফ মহাজোঁটৰ উমৈহতীয়া শক্তিশালী প্রার্থী চৰণ বডো, বিজেপিৰ প্রার্থী জিতু কিষাণ আৰু ইউ পি পি এলৰ প্রার্থী ৰণেন্দ্র দৈমাৰীয়ে গাঁৱে–ভূঞে, চহৰে–নগৰে নির্বাচনী প্রচাৰ চলাই ভোটাৰৰ মন আকর্ষণ কৰিবলৈ প্রচেষ্টা চলাইছে৷

প্রশাসনৰ দিশলৈ চালে বি টি আৰৰ মাজবাট বিধানসভা সমষ্টিটোত তিনিটা পৰিষদীয় সমষ্টি ক্রমে ৪০নং ৰৌতা, ৩৯নং পাঁচনৈ ছেৰফাং আৰু ৩৭নং ধনশিৰি পৰিষদীয় সমষ্টি৷ ৩৭নং ধনশিৰি পৰিষদীয় সমষ্টি পঞ্চায়তৰ লেখীয়াকৈ ১৩খন ভি চি ডি চি আছে৷ ইয়াৰে ১০খন পৰে মাজবাট বিধানসভা সমষ্টিত আৰু ৩খন পৰে ওদালগুৰি বিধানসভা সমষ্টিত৷ এই ৩খন পৰিষদীয় সমষ্টিৰ ৩৯নং পাঁচনৈ ছেৰফাং পৰিষদীয় সমষ্টিটো বি পি এফৰ পৰা বিজেপি দলে আৰু ৪০নং ৰৌতা পৰিষদীয় সমষ্টিটো বি পি এফৰ পৰা ইউ পি পি এল দলে আঁজুৰি আনিছে৷

মাত্র ৩৭নং ধনশিৰি পৰিষদীয় সমষ্টিটো বি পি এফৰ অধীনত আছে৷ শাসনাধিষ্ঠিত প্রমোদ বডোৰ ইউ পি পি এলৰ বলিষ্ঠ ভূমিকা আছে৷ বি পি এফৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ তুলি এক জোৱাৰ সৃষ্টি কৰা ইউ পি পি এলৰ প্রতিবাদৰ ঢ়ৌ এতিয়াও মাৰ যোৱা নাই৷

আনহাতে, বিগত ১৭ বছৰ বি পি এফৰ দখলত থকা সমষ্টিটো বিজেপিয়ে যি কোনো প্রকাৰে নিজৰ দখললৈ আনিবলৈ উঠিপৰি লাগিছে৷ বর্তমান দৃশ্যপট চাই মাজবাট সমষ্টিত বি পি এফ–বিজেপি–ইউ পি পি এল দলৰ মাজত ত্রিকোণীয়া যুঁজ হ’ব বুলি ৰাইজে মত প্রকাশ কৰিছে৷

You might also like