নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত উপস্থিত বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা

আজি দায়িত্ব ল'ব নব নিযুক্ত প্ৰভাৰীগৰাকীয়ে

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ গুৱাহাটীত উপস্থিত বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা। বিমান বন্দৰত উপস্থিত হোৱা বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীক উষ্ম আদৰণি জনায় ৰাজ্যিক বিজেপিয়ে। আজি দায়িত্ব ল’ব নব নিযুক্ত প্ৰভাৰীগৰাকীয়ে।

বিমান বন্দৰৰ পৰাই তেওঁ পোনে পোনে যাব ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনলৈ। ৰাজ্যিক বিজেপিৰ বিষয়-ববীয়াৰে আলোচনাত মিলিত হোৱাৰ পাছত বিয়লি শংকৰদেৱ কলাক্ষেত্ৰত জিলা প্ৰভাৰীৰ সৈতে বৈঠকত মিলিত হ’ব। লগতে সন্ধিয়ালৈ মুখ্যমন্ত্ৰীক সাক্ষাত কৰিব বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।

You might also like