নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাগ্ৰামা মহিলাৰীৰ নিৰ্দেশত BTR নচলেঃ প্ৰমোদ বড়ো

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ ‘হাগ্ৰামা মহিলাৰীৰ নিৰ্দেশত পৃথিৱী নচলে। হাগ্ৰামা মহিলাৰীৰ নিৰ্দেশত BTRৰো নচলে। কোনো পৰিকল্পনা নোহোৱাৰ বাবেই বিগত সময়ত বিটিআৰৰ কোনো পৰিবৰ্তন নহ’ল। গতিকে ৫-৬ সমষ্টিৰ ৰাইজৰ লগত কথা নাপাতিলে ৰাইজে বেয়া নাপায় কিন্তু কাম নহলে ৰাইজে দুখ পাব। তেওঁলোকেই আমাক ভোট দি জিকাইছে আৰু কাম নহলেহে বেয়া পাব। গতিকে আমি আমাৰ পৰিকল্পনাসমূহ সময়ে সময়ে জনাই যাম।

আনহাতে হাগ্ৰামাক মহিলাৰীক আওপকীয়া সকীয়নি নৱ শৰণীয়াৰ। তেওঁ কয় যে বিটিআৰত এতিয়া প্ৰভাৱ নোহোৱা হৈছে হাগ্ৰামাৰ। বিপিএফৰ পাৰিষদৰ সংখ্যা আৰু কমিব। তেওঁ এই কথাটো বুজি পোৱা নাই। এই কথা বুজি পাই যদি সহযোগিতা কৰে তেন্তে সকলোৰে বাবে ভাল। প্ৰমোদ বড়ো ৰাজনীতিত নতুনকৈ আহিছে। গতিকে ৰাইজৰ সহযোগিতাত এই চৰকাৰখন ভালকৈ চলি যাব বুলি মন্তব্য নব শৰণীয়াৰ।

You might also like