নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম গ্ৰন্থমেলাত ড০ পাৰ্থসাৰথি মহন্তৰ কাব্যসংকলন ‘নিমাখিত কবিতা’ উন্মোচন

বাৰ্তা ডিজিটেল ডেস্ক, ৪ জানুৱাৰীঃ আৰক্ষী বিষয়া ড০ পাৰ্থসাৰথি মহন্তৰ ভিন্ন বস্তুনিষ্ঠ বিষয়ৰ ওপৰত লিখা প্ৰবন্ধ-নিবন্ধৰ লগতে কবিতা অসমত বিশেষভাৱে জনপ্ৰিয় । ড০ মহন্তই ইতিমধ্যে ৰচনা কৰা “কামাখ্যা”, ‘ৰাইন’’, “মাজুলী”, “শিৱ” আদি গ্ৰন্থৰ লগতে প্ৰথমখন কাব্য সংকলন “জীৱনৰ সংলাপে”-এ পঢ়ুৱৈ সমাজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছে। আজি অসম গ্ৰন্থমেলাৰ ড০ বীৰেন্দ্ৰ নাথ দত্ত সোৱঁৰণী অকাডেমী প্ৰেক্ষাগৃহত সদৌ অসম কবি সন্থাই ড০ পাৰ্থসাৰথি মহন্তৰ দ্বিতীয়খন কাব্য সংকলন “নিমাখিত কবিতা” উন্মোচন কৰে। সভাৰ সমূহ বিষয়ববীয়া আৰু সদস্যই একেলগে এই গ্ৰন্থখন উন্মোচন কৰে। লগতে উপস্থিত থাকে জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱা, জনপ্ৰিয় শিল্পী জেৰিফা ৱাহিদ, কপিল বৰা আৰু পল্লৱী বৰা মহন্ত। জেৰিফা ৱাহিদ, কপিল বৰা আৰু পল্লৱী বৰা মহন্তই কবি পাৰ্থসাৰথি মহন্ত ৰচিত একোটিকৈ কবিতা পাঠ কৰে । লগতে জুবলী বৰুৱাই পাৰ্থসাৰথি মহন্ত ৰচিত এটি কবিতাক গীতিৰূপ দি পৰিবেশন কৰে। বিশিষ্ট গ্ৰন্থকাৰ, নিবন্ধকাৰ গোপাল জালানৰ লগতে গ্ৰন্থখনৰ প্ৰকাশক বুকবেলৰ হৈ উপস্থিত থাকে দেবজিত গোস্বামী আৰু অভিজিত গোস্বামী । এই গ্ৰন্থখনৰ পাতনি লিখিছে বিশিষ্ট সাহিত্যিক, সাহিত্য অকাডেমি বঁটাপ্ৰাপক গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে। উল্লেখ্য যে ড০ পাৰ্থসাৰথি মহন্ত অসম আৰক্ষীৰ প্ৰশাসনীয় বিভাগৰ উপ-মহাপৰিদৰ্শক হিচাপে কৰ্মৰত। ড০ মহন্ত বিভিন্ন ধৰণৰ সামাজিক–সাস্কৃতিক কাম-কাজ তথা ক্ৰীড়াক্ষেত্ৰৰ সৈতে ওতপ্ৰোতভাৱে জড়িত।

You might also like