নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপ–নির্বাচনঃ উজনিত কংগ্রেছৰ পৰা অখিলক লাগে এটা সমষ্টি

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত হ’ব লগা উপ–নির্বাচনত কংগ্রেছৰ সৈতে মিত্রতা কৰিবলৈ সাজু ৰাইজৰ দল৷ দেওবাৰে গোলাঘাটত স্থিতি স্পষ্ট কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ লগতে সভাপতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে উজনিত সকলো বিজেপিবিৰোধী ৰাজনৈতিক দলতকৈ ৰাইজৰ দল এখোজ আগত আছে৷ উজনিৰ উপ–নির্বাচনত মিত্র শক্তিৰে কোনো এটা সমষ্টিত ৰাইজৰ দলৰ প্রার্থী আগবঢ়োৱাৰ মন মেলিছে অখিল গগৈয়ে৷ যদিহে কংগ্রেছে ইয়াৰ পাছতো উজনিত ৰাইজৰ দলৰ প্রার্থীৰ বাবে এটা সমষ্টি এৰি নিদিয়ে, তেন্তে আটাইকেইটা সমষ্টিতে ৰাইজৰ দলৰ প্রার্থী থিয় কৰাবলৈ সাজু আছে বুলি তেওঁ উল্লেখ কৰে৷

আনহাতে, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ আশীর্বাদ যাত্রাক অভিশাপ যাত্রা বুলি আখ্যা দি বিধায়ক অখিল গগৈয়ে কয় যে সর্বানন্দ সোণোৱালৰ এই যাত্রা কেতিয়াও আশীর্বাদ যাত্রা হ’ব নোৱাৰে ৷ অসমৰ ৰাইজে সর্বানন্দ সোণোৱালক কেতিয়াও আশীর্বাদ নিদিয়ে বৰঞ্চ অভিশাপহে দিব৷

তৃণমূল কংগ্রেছৰ মুৰব্বী মমতা বেনার্জীৰ সৈতে হোৱা সাক্ষাৎ সম্পর্কত সাংবাদিকে কৰা প্রশ্নত তেওঁ কয়– মমতা বেনার্জীয়ে মোক তৃণমূল কংগ্রেছৰ অসমৰ সভাপতিৰ দায়িত্ব দিব খুজিছে আৰু এখন বৈঠক অনুষ্ঠিত হোৱাৰ পাছতে সকলো বিৱৰণ দিব পৰা যাব৷ অৱশ্যে তৃণমূল কংগ্রেছৰ অসমৰ সভাপতিৰ দায়িত্ব গ্রহণ নকৰে বুলি তেওঁ বুলি স্পষ্ট কৰে ৷ কিন্তু তৃণমূল কংগ্রেছৰে ৰাইজৰ দল মিত্রতাত থকাৰ পোষকতা কৰে অখিল গগৈয়ে৷

You might also like