নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলঙৰ সাহসী জোৱান বৰসিং বে’ৰ নতুন পৰিচয় কনিষ্টবলঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিলে নিযুক্তি পত্ৰ

নিয়মীয়া বাৰ্তা ২৬ জুনঃ উৎকোচৰ প্রলোভন অগ্রাহ্য কৰি অতি সাহসিকতাৰে ১২ কোটি টকাৰ ড্রাগ্ছ ধৰি সমাজৰ সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱা হোমগার্ড বৰছিং বে’ক ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে অসম আৰক্ষীত কনিষ্টবল পদত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছিল।

শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে নিযুক্তি পত্ৰ। নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- যে নিজকে সশস্ত্ৰ সংগ্ৰামী বুলি কোৱা বহু উত্তৰ-পূবৰ সংগঠন ড্ৰাগছৰ ব্যৱসায়ত জড়িত। অৱশ্য আলফা এই ড্ৰাগছৰ অবৈধ ব্যৱসায়ৰে জড়িত নহয়। আৰক্ষীয়ে আগতেও অভিযান চলাইছিল ড্ৰাগছৰ বিৰুদ্ধে। নতুন চৰকাৰ অহাৰ পিছত আমি শূন্য সহনশীলতালৈ পৰ্যবক্ষিত কৰিছো। ৪৫ দিনত ১৩৫ কোটিৰ ড্ৰাগছ জব্দ কৰিছে অসম আৰক্ষীয়ে।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে তেওঁ গৃহৰক্ষী হিচাপে ১২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা আৰু প্ৰলোভন প্ৰত্যাখ্যান কৰাত সততাৰ এক উল্লেখযোগ্য উদাহৰণ দাঙি ধৰিছে।
শ্ৰী বে’ৰ দৃষ্টান্তমূলক কামে আনকো ব্যক্তিগত স্বাৰ্থৰ উৰ্ধত উঠি সমাজৰ বৃহত্তৰ কাৰণত কাম কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব।

 

You might also like