দিল্লীত ৰাহুল–ছোনিয়াক সাক্ষাৎ ভূপেন বৰাৰঃ উপ–নির্বাচনৰ সিদ্ধান্ত লোৱাৰ কর্তৃত্ব প্রদান প্রদেশ কংগ্রেছক
নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ আগন্তুক উপ–নির্বাচনত ৰাইজৰ দলৰ সৈতে কংগ্রেছৰ মিত্রতাক লৈ চলি থকা চর্চাৰ মাজতে শনিবাৰে উপ–নির্বাচনৰ ক্ষেত্রত সিদ্ধান্ত লোৱাৰ সকলো কর্তৃত্ব প্রদেশ কংগ্রেছক প্রদান কৰিলে কেন্দ্রীয় নেতৃত্বই৷
উল্লেখ্য যে শনিবাৰে নতুন দিল্লীত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত সাংসদ আৰু কংগ্রেছ কমিটীৰ কেইবাজনো শীর্ষ বিষয়াই সভাপতি ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক সাক্ষাৎ কৰে৷ এই সাক্ষাতৰ সময়ত উপস্থিত থাকে দলৰ কেন্দ্রীয় পর্যবেক্ষক জিতেন্দ্র সিং৷
এই সাক্ষাতৰ পাছতেই প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই কয় যে আগন্তুক উপ–নির্বাচনত মিত্রতাৰ ক্ষেত্রতে হওক বা আন ক্ষেত্রতেই হওক, উমৈহতীয়া সিদ্ধান্তৰ বাবে প্রদেশ কংগ্রেছক কর্তৃত্ব প্রদান কৰিছে৷
ৰাইজৰ দলৰ সৈতে মিত্রতাৰ প্রসংগত ভূপেন বৰাই কয়– উপ–নির্বাচনত দলে আন দলৰ সৈতে মিত্রতাৰে আগবাঢ়িব নে অকলশৰে প্রতিদ্বন্দ্বিতা কৰিব, সেই সিদ্ধান্ত দলৰ মজিয়াত আলোচনাৰ জৰিয়তে লোৱা হ’ব৷ ইতিমধ্যে উপ–নির্বাচনৰ ৫টা সমষ্টিত ৫জন নেতাক লৈ একোখন কমিটী গঠন কৰা হৈছে আৰু তেওঁলোকক সমষ্টিৰ দায়িত্ব অর্পণ কৰা হৈছে৷
এ আই ইউ ডি এফৰ প্রসংগত সভাপতি বৰাই কয়– এই মিত্রতা বাহাল থাকিব নে নাই, সেই সিদ্ধান্তও প্রদেশ কংগ্রেছৰ বৈঠকত গ্রহণ কৰা হ’ব৷ অখিল গগৈৰ প্রসংগত ভূপেন বৰাই কয়– অখিল গগৈয়ে মিত্রতা সন্দর্ভত কি কৈছে, সেয়া তেওঁৰ কথা৷ মই তেওঁক নতুন বিধায়ক হিচাপে শুভেচ্ছা জনাইছোঁ৷
ইফালে বিৰোধী দলপতি দেৱব্রত শইকীয়াই কয় যে ব্যক্তিগত স্বার্থত দুই–এজনে দল এৰি বিজেপিলৈ গৈছে যদিও সেয়া দলৰ বাবে ক্ষতিকাৰক নহয়৷ উপ–নির্বাচনৰ বাবে কংগ্রেছ দল সম্পূর্ণ সাজু৷ কালি ছোনিয়া আৰু ৰাহুল গান্ধীক সাক্ষাতৰ সময়ত উপস্থিত থাকে বিৰোধী দলপতি দেৱব্রত শইকীয়া, ৰকিবুল হুছেইন, সাংসদ ৰিপুণ বৰা, প্রদ্যুৎ বৰদলৈ, ৰাণী নৰহ, গৌৰৱ গগৈ, আব্দুল খালেক, প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ, কমলাক্ষ দে’ পুৰকায়স্থ আৰু ৰাষ্ট্রীয় মহিলা কংগ্রেছৰ সভানেত্রী সুস্মিতা দেৱ৷