নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্য চৰকাৰৰ নতুন SOP প্ৰকাশঃ চাওক কি কি আছে শিথিলতা

নিয়মীয়া বাৰ্তা, ২১ জুনঃ অসম চৰকাৰে লকডাউন সম্পৰ্কীয় চলিত নিৰ্দেশনাৰ কিছু সালসলনি ঘটাইছে। পৰৱৰ্তী জাননী নিদিয়ালৈকে এই নিৰ্দেশনা বাহাল থাকিব। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে আজি এই সম্পৰ্কীয় নতুন নিৰ্দেশনাৱলী জাৰি কৰিছে ৷

  • সোমবাৰৰ পৰা প্ৰযোজ্য হোৱাকৈ নতুন SOP ঘোষণা চৰকাৰৰ
  • গুৱাহাটীত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন
  • দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাঙত ৫ বজাৰ পৰা সান্ধ্য আইন
  • ওদালগুৰি, পশ্চিম কাৰ্বি আংলঙত ৫ বজাৰ পৰা সান্ধ্য আইন
  • ডিমা হাছাও, চৰাইদেউতো সান্ধ্য আইন বিয়লি ৫ বজাৰ পৰা
  • কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, শোণিতপুৰ কঠোৰ পৰ্যবেক্ষণত
  • পৰিস্থিতি উপশম নহ’লে এই ৫ জিলাত শীঘ্ৰেই অধিক কঠোৰতা
  • আন জিলাসমূহত দিনৰ পৰা ১ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন
  • দোকান-পোহাৰ সময়ৰ ক্ষেত্ৰত পূৰ্বৰ নিৰ্দেশনাই বাহাল থাকিব
  • প্ৰতিষেধকৰ দুয়োটা ড’জ লোৱা কৰ্মচাৰীৰ কাৰ্যালয়ত উপস্থিতি বাধ্যতামূলক
  • গৰ্ভৱতী মহিলা, ৫ বছৰৰ তলৰ শিশু থকা মাতৃৰ বাবে Work From Home
  • এইসকল মাতৃৰ Work From Home বেচৰকাৰী কাৰ্যালয়তো প্ৰযোজ্য হ’ব
  • দুচকীয়া বাহনত মহিলা আৰু শিশুৰ বাহিৰে দুজন উঠিব নোৱাৰিব
  • আন্তঃজিলা যাতায়াত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব
  • আৰক্ষী, স্বাস্থ্যকৰ্মী, সংবাদকৰ্মীৰ ক্ষেত্ৰত পূৰ্বৰ শিথিলতা বাহাল থাকিব

You might also like