নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০০০+ পজিটিভ; গুৱাহাটী কেন্দ্রীয় কাৰাগাৰৰ বন্দীৰ দেহত ক’ভিড–১৯

নিয়মীয়া বাৰ্তা, ৫ জুনঃ ৰাজ্যখনত প্রতিদিনে ভয়ংকৰ ধৰণে দ্রুতগতিত বৃদ্ধি পাই আছে ক’ভিড–১৯ত আক্রান্ত হোৱা লোকৰ সংখ্যা৷ বৃহস্পতিবাৰ দিনটোতে ৰাজ্যখনত নতুনকৈ ২৮৫গৰাকী লোকৰ দেহত ধৰা পৰিল ক’ভিড–১৯ৰ উপস্থিতি৷ এইসকল লোকৰ মাজত গুৱাহাটী কেন্দ্রীয় কাৰাগাৰৰ কাৰাবন্দী এজনৰ দেহতো ওলাল ক’ভিড–১৯৷ অসমত এইটোৱেই প্রথম কাৰাবন্দী ক’ৰোনাত আক্রান্ত হোৱাৰ ঘটনা৷ যোৱা ১ জুনত দিছপুৰ আৰক্ষীয়ে চুৰি সম্পর্কীয় গোচৰত কেন্দ্রীয় কাৰাগাৰলৈ নিক্ষেপ কৰা জিণ্টু নাথ নামৰ লোকজনৰ দেহত  ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰে৷

ইপিনে, স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি টুইটাৰযোগে প্রকাশ কৰা অনুসৰি বৃহস্পতিবাৰৰ দিনটোত মুঠ ২৮ গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হয়৷ পুৱা ১১.৪০ বজাত স্বাস্থ্যমন্ত্রী ড০ শর্মাই কৰা টুইটত ৪৭গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি প্রকাশ কৰে৷ সন্ধিয়া ৬.৩০ বজাত মন্ত্রী ড০ শর্মাই পুনৰ টুইটাৰযোগে আৰু ১১১গৰাকী লোকৰ দেহত ক’ভিড–১৯ৰ অৱস্থিতি ধৰা পৰা বুলি জনায়৷ নিশা ১০.৩০ বজাত পুনৰ ৮৫গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি মন্ত্রী ড০ শর্মাই টুইটাৰযোগে জনায়৷ নিশা ১১.১৫ বজাত আকৌ নতুনকৈ ৪২জন লোক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ বিষয়ে প্রকাশ কৰে৷ ইয়াৰ লগে লগে আজিৰ দিনটোত ৰাজ্যখনত ক’ভিড–১৯ত আক্রান্ত হোৱা লোকৰ সংখ্যা ২৮৫ গৰাকীলৈ বৃদ্ধি পায়৷

বৃহস্পতিবাৰে আক্রান্ত হোৱা ২৮৫গৰাকীৰ ভিতৰত ৭৯গৰাকী হোজাইৰ, ৩৯গৰাকী ধুবুৰীৰ, ৩৬গৰাকী ওদালগুৰিৰ, ২৪গৰাকী বৰপেটাৰ, ২১গৰাকী তিনিচুকীয়াৰ, ১৬গৰাকী কামৰূপৰ, ১৪গৰাকী ডিমা হাছাওৰ, ১৪গৰাকী ধেমাজিৰ, ১০গৰাকী নগাঁৱৰ, ৫গৰাকী মৰিগাঁৱৰ, ৪গৰাকী লখিমপুৰৰ, ৪গৰাকী বঙাইগাঁৱৰ, ৪গৰাকী দৰঙৰ, ৩গৰাকী কামৰূপ (গ্রাম্য)ৰ, ৩গৰাকী নলবাৰীৰ, ৩গৰাকী গোৱালপাৰাৰ, ২গৰাকী গোলাঘাটৰ, ২গৰাকী যোৰহাটৰ আৰু দুগৰাকী বাগ্সাৰ৷

ইয়াৰ ফলত ৰাজ্যখনত ক’ভিড–১৯ত আক্রান্ত ৰোগীৰ সংখ্যা ২,১১৫গৰাকীলৈ বৃদ্ধি পালে৷ আনহাতে আজি চিকিৎসালয়ৰ পৰা মুঠ ৪৬গৰাকীয়ে ৰিলিজ লাভ কৰে৷ সোণাপুৰ অসামৰিক চিকিৎসালয়ৰ পৰা ১৫গৰাকী, মহেন্দ্র মোহন চৌধুৰী হাস্পতালৰ পৰা ১৪গৰাকী, বৰপেটা মেডিকেল কলেজ হাস্পতালৰ পৰা ৫গৰাকী, শিলচৰ মেডিকেল কলেজ হাস্পতালৰ পৰা ৪গৰাকী, গোলাঘাট চিভিল হাস্পতালৰ পৰা ৩গৰাকী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা এগৰাকী আৰু ধেমাজি চিভিল হাস্পতালৰ পৰা ৪গৰাকীয়ে ৰিলিজ লাভ কৰে৷ ইয়াৰ লগে লগে এতিয়ালৈ সুস্থ হৈ ৰিলিজ লাভ কৰা লোকৰ সংখ্যা ৪৫৯গৰাকীলৈ বৃদ্ধি পায়৷ আজি ৰিলিজ লাভ কৰাসকলৰ ভিতৰত গুৱাহাটীৰ ফাঁচীবজাৰৰ মুংৰু সাহানীও আছে৷ আনহাতে বর্তমান ১,৬৪৯গৰাকী লোক বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷

You might also like