নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৫ আগষ্টৰ পাছত ৰাজ্যত স্কুল-কলেজ খোলাৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ বিগত কেইবামাহো ধৰি বন্ধ হৈ আছে ৰাজ্যৰ স্কুল-কলেজ। ক’ৰোনাৰ সংক্ৰমণৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে স্কুল কলেজ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জনসাধাৰণৰ পৰা পৰামৰ্শ বিচাৰিছে চৰকাৰে। যিহেতু শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰিহে যিকোনো সিদ্ধান্ত লব চৰকাৰে।

তেনে ক্ষেত্ৰত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এই ক্ষেত্ৰত আমি  ৰাজ্যৰ জনসাধাৰণৰ পৰামৰ্শ বিচাৰিছো। বহু পৰামৰ্শ আমালৈ আহিছে আৰু যিকলে পৰামৰ্শ দিব বিচাৰে তেওঁলোকে দিব পাৰে। আমি সকলো পৰামৰ্শ চালি-জাৰি চাই ২৫ আগষ্টত এক সিদ্ধান্ত ল’ম। গতিকে ২৫ আগষ্টৰ পাছত স্কুল-কলেজ খোলাৰ সম্ভাবনাই অধিক।

You might also like