নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিনি লকডাউন শিথিল হ’ব নে নহয়? এই সন্দৰ্ভত ৭ জুনত লোৱা হ’ব সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ৪ জুনঃ শুকুৰবাৰে গুৱাহাটীত এক সংবাদমেলত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে অসম চৰকাৰে ক’ভিড-১৯ৰ বাবে চলি থকা কাৰ্ফিউৰ লগতে আন্তঃজিলা ভ্ৰমণ নিষিদ্ধকৰণৰ ওপৰত অহা ৭ জুন তাৰিখে সিদ্ধান্ত ল’ব।

মহন্তই লগতে কয় যে যোৱা পূৰ্বৰ তুলনাত কেইদিনত ৰাজ্যখনত ক’ভিড-১৯ ৰ সংক্ৰমণ হ্ৰাস পাইছে । যাৰ ফলত ৰাজ্যৰ ক’ভিড পৰিস্থিতি কিছু উন্নতি হৈছে।

“ক’ভিড-19 সংক্ৰমণ হ্ৰাস পাইছে। তুলনামূলকভাৱে মৃত্যুৰ হাৰো হ্ৰাস পাইছে। ৰাইজৰ এই সহযোগিতাৰ বাবে ক’ভিড-19 সংক্ৰমণ হ্ৰাস পাইছে। আমি আজি নিষেধাজ্ঞাবোৰ পৰ্যালোচনা কৰা নাই। পৰিস্থিতিটো বিবেচনা কৰি আমি ৭ জুনত সিদ্ধান্ত গ্ৰহণ কৰিম।”- মহন্তই এইদৰে কয়।

You might also like