নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ঃ অসম এতিয়াও তৃতীয় পর্যায়ত প্রৱেশ কৰা নাইঃ স্বাস্থ্যমন্ত্রী

এতিয়াও ক’ভিড–১৯ৰ তৃতীয় পর্যায়ত প্রৱেশ কৰা নাই ৰাজ্যঃ প্রেক্ষাপটত ড০ শর্মা

নিয়মীয়া বাৰ্তা ১৮ জুনঃ   ক’ভিড–১৯ৰ তৃতীয় পর্যায় অত্যন্ত জটিল পর্যায়৷ অৱশ্যে অসম এতিয়াও তৃতীয় পর্যায়ত প্রৱেশ কৰা নাই৷ ‘নিউজ লাইভ’ৰ প্রেক্ষাপট অনুষ্ঠানত অংশগ্রহণ কৰি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷ অহা আগষ্ট মাহলৈ অসম ক’ভিড–১৯ৰ তৃতীয় পর্যায়ত প্রৱেশৰ পৰা বাচি থাকিব পাৰিলে ৰাজ্যখন বাচি যাব বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে অহা আগষ্টৰ শেষ ভাগত অথবা ছেপ্ঢেম্বৰৰ প্রথম ভাগত ক’ভিডৰ ভেক্চিন ওলাব বুলি আশা কৰা হৈছে৷ কালি অক্সফ’ড বিশ্ববিদ্যালয়ে ক’ভিডৰ দৰব উদ্ভাৱনৰ কথাও ঘোষণা কৰিছে৷ সেয়ে অহা আগষ্ট মাহলৈ অসম ক’ভিডৰ তৃতীয় পর্যায়ত ভৰি দিয়াৰ পৰা আঁতৰি থাকিব পাৰিলেই ৰাজ্যখন ৰক্ষা পৰিব৷ এই সময়ছোৱালৈ মৃত্যুৰ সংখ্যা নিয়ন্ত্রণ কৰাটোহে মূল কথা৷ এতিয়ালৈ ৰাজ্যখনত যিমান আক্রান্ত হৈছে, তাৰ তুলনাত মৃত্যুৰ সংখ্যা নগণ্য৷ মৃত্যুৰ সংখ্যা নিয়ন্ত্রণ কৰিবলৈ হ’লে স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি আৰু চিকিৎসকৰ সতেজতা অহা আগষ্ট মাহলৈ অক্ষুণ্ণ ৰাখিব লাগিব৷ তদুপৰি ক’ৰোনাৰ সংক্রমণ ৰোধৰ বাবে সকলোৱে মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব অক্ষুণ্ণ ৰখাটো বাধ্যতামূলক৷ তেতিয়া হ’লে আমি ক’ৰোনাক জয় কৰিব পাৰিম৷ আনহাতে ৰাজ্যখনত বর্তমান আক্রান্ত লোকৰ সংখ্যাৰ বিপৰীতে হাস্পতালৰ পৰা ৰিলিজ পোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ উল্লেখ কৰি তেওঁ কয় যে বর্তমান সুস্থ হৈ উঠাৰ হাৰ হৈছে ৫৪ শতাংশ৷ অহা ১০ দিনৰ ভিতৰত ৰাজ্যখনত সুস্থ হৈ উঠাৰ হাৰ ৬০ৰ পৰা ৬৫ শতাংশলৈ বৃদ্ধি পাব বুলি তেওঁ আশা প্রকাশ কৰে৷ ইপিনে ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যুমুখত পৰা লোকক সৎকাৰত একাংশই বাধা দিয়াৰ প্রসংগ উনুকিয়াই তেওঁ কয় যে ভূতনাথ শ্মশান, নৱগ্রহ শ্মশান, আঠগাঁও কবৰস্থান, উলুবাৰী কবৰস্থানকে ধৰি সকলো শ্মশান, কবৰস্থানত মৃতসকলক সৎকাৰ কৰা, কবৰ দিয়াৰ তেওঁ পক্ষপাতী৷ এইক্ষেত্রত জনসাধাৰণক বাধা আৰোপ নকৰিবলৈ তেওঁ আহ্বান জনায়৷ শিক্ষানুষ্ঠানসমূহ খোলা সন্দর্ভত তেওঁ কয় যে অহা জুলাই মাহৰ প্রথম সপ্তাহত কেন্দ্রীয় চৰকাৰে এই সম্পর্কত গাইডলাইন প্রকাশ কৰিব৷ তেতিয়াহে জানিব পৰা যাব কেতিয়াকৈ শিক্ষানুষ্ঠানসমূহ খোলা হ’ব৷

You might also like