নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহৎ ৰাজ্যৰ ক’ভিড ব্যৱস্থাপনাৰ শীর্ষস্থানত অসম

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ নিয়ন্ত্রণৰ ক্ষেত্রত ৰাজ্যৰ স্বাস্থ্য বিভাগে লোৱা পদক্ষেপক আন এক স্বীকৃতি প্রদান কৰিছে দেশৰ আগশাৰীৰ বার্তালোচনী ইণ্ডিয়া টুডে’ই৷

শেহতীয়াভাৱে ইণ্ডিয়া টুডে’ই চলোৱা ‘ষ্টেট অৱ দ্য ষ্টেটছ’ শীর্ষক সমীক্ষাত ক’ভিড ব্যৱস্থাপনাৰ ক্ষেত্রত শীর্ষস্থানত স্থান দিছে অসমক৷ বৃহৎ ৰাজ্যৰ শিতানত অসমে অন্ধ্রপ্রদেশ, কর্ণাটক, উত্তৰ প্রদেশ, মহাৰাষ্ট্র, ৰাজস্থান আদিৰ দৰে ৰাজ্যক পিছ পেলাই প্রথম স্থান দখল কৰিছে৷ মুঠ ১০০ নম্বৰৰ ভিতৰত এইক্ষেত্রত অসমে লাভ কৰিছে ৭৪.২৷

উল্লেখ্য যে ৩১ অক্টোবৰ পর্যন্ত চৰকাৰে প্রদান কৰা তথ্যৰ ভিত্তিত সমীক্ষাটোত ৰাজ্যসমূহৰ মূল্যায়ন কৰা হৈছে৷ ইয়াৰ ভিতৰত প্রতি নিযুত জনসংখ্যাৰ বিপৰীতে পৰীক্ষাৰ সংখ্যা, আক্রান্তৰ হাৰ, সুস্থতাৰ হাৰ, মৃত্যুৰ হাৰ, জনসংখ্যাৰ ঘনত্ব, উপলব্ধ আইচ’লেচন বেড, ক’ভিড ৰোগীৰ অনুপাতে হাস্পতালৰ সংখ্যা আৰু ৰাজ্যিক দুর্যোগ প্রশমন ব্যৱস্থাপনা পুঁজিলৈ আগবঢ়োৱা বৰঙণিৰ দিশ এই সমীক্ষাৰ ক্ষেত্রত বিবেচনা কৰা হৈছে৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে আৰম্ভণিৰে পৰা ৰাজ্যৰ স্বাস্থ্য বিভাগে ক’ভিড সংক্রমণ প্রতিৰোধৰ বাবে যুদ্ধকালীনভাৱে কাম কৰি আছে৷ ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱাৰ লগে লগে যাতে বিছনাৰ অভাৱ নঘটে, তাৰ বাবে অস্থায়ী ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰা হৈছিল৷ তদুপৰি ক’ভিডত আক্রান্ত হৈ স্বাস্থ্যৰ অৱনতি ঘটা ৰোগীক চিকিৎসাৰ বাবে আই চি ইউ বিছনাৰ সংখ্যা বৃদ্ধি কৰাকে ধৰি বিভিন্ন পদক্ষেপ স্বাস্থ্য বিভাগে গ্রহণ কৰিছিল৷ ফলত ক্রমান্বয়ে ৰাজ্যত ক’ভিড পৰিস্থিতি উন্নত হয়৷

সম্প্রতি ৰাজ্যত ক’ভিড পৰিস্থিতি নিয়ন্ত্রণলৈ আহিলেও ৰাজ্য চৰকাৰে হ্রাস কৰা নাই নমুনাৰ পৰীক্ষাৰ সংখ্যা৷ ক’ভিড নিয়ন্ত্রণৰ বাবে স্বাস্থ্য বিভাগে লোৱা পদক্ষেপক ইণ্ডিয়া টুডে’ৰ স্বীকৃতিৰ পাছত এই মহামাৰীৰ বিৰুদ্ধে বিভাগটোক অধিক সক্রিয়তাৰে কাম কৰি যাবলৈ শক্তি দিব বুলি আশা কৰা হৈছে৷ ইপিনে, অসমৰ লগতে ক’ভিড ব্যৱস্থাপনাৰ ক্ষেত্রত উল্লেখনীয় সফলতা লাভ কৰিছে চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশেও৷ ইণ্ডিয়া টুডে’ৰ সমীক্ষা অনুসৰি সৰু ৰাজ্যসমূহৰ ভিতৰত ক’ভিড ব্যৱস্থাপনাত শীর্ষস্থান লাভ কৰিছে অৰুণাচলে৷ চুবুৰীয়া ৰাজ্যখনে মুঠ ১০০ নম্বৰৰ ভিতৰত লাভ কৰিছে ৭১.২৷

You might also like