নিবনুৱালৈ সুখবৰ : ফেব্রুৱাৰীত ৪০ হাজাৰ চাকৰিৰ বিজ্ঞাপন
নিয়মীয়া বার্তা, ৬ ফেব্রুৱাৰীঃ ৰাজ্যৰ নিবনুৱা যুৱক–যুৱতীসকললৈ পুনৰ সুখবৰ কঢ়িয়াই আনিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ চলিত ফেব্রুৱাৰী মাহতে পুনৰ ৪০ হাজাৰ চাকৰিৰ বিজ্ঞাপন প্রকাশ পাব৷ গোলাঘাটত কালি মুখ্যমন্ত্রী ড০ শর্মাই এই ঘোষণা কৰে৷ উল্লেখ্য যে বর্তমানৰ ৰাজ্য চৰকাৰে কার্যকালৰ প্রথমটো বছৰৰ ভিতৰতে ৰাজ্যখনৰ এক লাখ শিক্ষিত নিবনুৱাক চৰকাৰী চাকৰিত সংস্থাপন কৰাৰ বাবে ইতিমধ্যে কার্যব্যৱস্থা গ্রহণ কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই এই সন্দর্ভত কয় যে এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ ক্ষেত্রত ইতিমধ্যে প্রায় ৫০ হাজাৰ পদত নিয়োগ প্রক্রিয়া আৰম্ভ হৈছে৷ চলিত ফেব্রুৱাৰী মাহত আৰু ৪০ হাজাৰৰ পৰা ৩০ হাজাৰ পদ পূৰণৰ বাবে বিজ্ঞাপন প্রকাশ পাব৷
চৰকাৰে ঘোষণা কৰা অনুসৰি এবছৰৰ ভিতৰত এক লাখ নিবনুৱাক নিযুক্তি দিয়াটো সম্ভৱ হৈ উঠিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷ গোলাঘাটৰ প্রস্তাৱিত মেডিকেল কলেজৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা ১০ মে’ৰ পৰা ১০ জুনৰ ভিতৰত মেডিকেল কলেজখনৰ নির্মাণকার্য আৰম্ভ হ’ব৷ ১৫০ বিঘা ভূমিত নির্মাণ হ’বলগীয়া মেডিকেল কলেজখনৰ বাবে চৰকাৰে ৫০০ কোটি টকা ব্যয় ধার্য কৰিছে৷ সতী সাধনী বিশ্ববিদ্যালয়ৰ বাবে ভূমি আবণ্টনৰ লগতে ৫০ কোটি টকা অনুমোদন জনোৱা হৈছে৷ বিশ্ববিদ্যালয়খনৰ শৈক্ষিক বর্ষ শীঘ্রে আৰম্ভ কৰা হ’ব৷ আনহাতে, অসমখনক অপৰাধমুক্ত হিচাপে গঢ়াৰ লক্ষ্যৰে চৰকাৰে প্রতিটো সময়তে চিন্তা কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ড্রাগ্ছৰ বিৰুদ্ধে বর্তমানৰ চৰকাৰখনে যি কঠোৰ পদক্ষেপ লৈছে, পূর্বৰ কোনো চৰকাৰে এনে কঠোৰ পদক্ষেপ লোৱা নাছিল৷ ড্রাগ্ছ ব্যৱসায়ীৰ বিৰুদ্ধে বর্তমানৰ চৰকাৰখন বহুত বেছি কঠোৰ হৈছে৷
যোৱা ৯টা মাহত ৬০০ কোটি টকাৰ ড্রাগ্ছ জব্দ কৰি জ্বলাই দিয়া হৈছে৷ সমাজ ধ্বংসকাৰী ড্রাগ্ছৰ বিৰুদ্ধে চৰকাৰে অভিযান চলালে কংগ্রেছে সদায় বিবৃতি দিয়ে৷ তেওঁলোকৰ এটাই প্রশ্ন– ড্রাগ্ছ ব্যৱসায়ীক চৰকাৰে মাৰিব নেকি? আচলতে ড্রাগ্ছ ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলালে কংগ্রেছে দুখ পায়৷ কিন্তু চৰকাৰে ড্রাগ্ছৰ বিৰুদ্ধে কঠোৰ অভিযান চলাব৷ আইনৰ মাজেৰে ড্রাগ্ছ ব্যৱসায়ীসকলক চৰকাৰে শাস্তি বিহিব৷ অসমত নাৰীজনিত অপৰাধ হ্রাস কৰাৰ বাবেও আৰক্ষীক কঠোৰৰ পৰা কঠোৰতম পদক্ষেপ গ্রহণ কৰিবলৈ নির্দেশ দিয়া হৈছে৷
আৰক্ষীক ড্রাগ্ছ ব্যৱসায়, নাৰীজনিত অপৰাধত জড়িত লোককে ধৰি সকলো অপৰাধীৰ বিৰুদ্ধে শূন্য সহনশীলতাৰে যিদৰে কঠোৰ হ’বলৈ নির্দেশ দিয়া হৈছে, সেইদৰে নিৰীহ আৰু সাধাৰণ লোকৰ ক্ষেত্রত আৰক্ষীক ত্রাণকর্তাৰ ভূমিকাত অৱতীর্ণ হ’বলৈ নির্দেশ দিয়া হৈছে৷ আৰক্ষীয়ে সাধাৰণ ৰিক্সাৱালা, ঠেলাৱালাক লাঠী দেখুৱাব নোৱাৰিব৷ অপৰাধীৰ বিৰুদ্ধেহে আৰক্ষীয়ে ব্যৱস্থা ল’ব লাগিব৷ প্রয়োজনত মুখ্যমন্ত্রীৰ কনভয় দুই মিনিট ৰৈ দিব৷
কিন্তু সাধাৰণ কাম কৰি খোৱা মানুহক হাৰাশাস্তি কৰিব নোৱাৰিব৷ পি এছ অ’ প্রত্যাহাৰৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পি এছ অ’ দিব লাগিলে ৰাজ্যখনৰ তিনি কোটি মানুহক পি এছ অ’ দিব লাগিব৷ ৰিক্সাৱালা–ঠেলাৱালায়্ পি এছ অ’ পাব লাগিব৷ সেইদৰে গঁড় হত্যা ৰোধ হোৱাৰ বিষয়টোৰ ওপৰত মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যোৱা বছৰ ৰাজ্যখনত এটা গঁড় মৰিছে৷ সেই দিনা কোনোবাই এটা গঁড় মাৰিছে৷ চৰকাৰে ইয়াৰ তদন্ত কৰি আছে আৰু অপৰাধী জে’লত থাকিব৷ জাতীয় সম্পদ গঁড় হত্যা ৰোধ কৰিবৰ বাবে যি কৰিব লাগে, বর্তমানৰ চৰকাৰে কৰিব৷ কংগ্রেছৰ শাসনকালত চৰকাৰৰ সেই সংকল্প নাছিল বাবেই গঁড় হত্যা হৈ আছে৷
ইপিনে অসমত পথ যোগাযোগ ব্যৱস্থা শক্তিশালীকৰণৰ বাবে বর্তমানৰ চৰকাৰখনে কাম কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে আগন্তুক বিত্তীয় বর্ষত ৰাজ্যখনত প্রায় ৭ হাজাৰ কিলোমিটাৰ পথ নির্মাণ কৰাৰ বাবে চৰকাৰে লক্ষ্য নির্ধাৰণ কৰিছে৷ দেৰগাঁও–গোলাঘাট সংযোগী দুই লেনযুক্ত পথটোও চাৰি লেনযুক্ত কৰাৰ বাবে শীঘ্রে নির্মাণকার্য আৰম্ভ হ’ব৷
সেইদৰে সমগ্র অসমতে আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্যৰ প্রতিখন জিলাতে বর্তমানৰ চৰকাৰৰ কার্যকালত চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয়, বিশ্ববিদ্যালয়, আধুনিক প্রেক্ষাগৃহ, সংহত উপায়ুক্তৰ কার্যালয়, আধুনিক ষ্টেডিয়াম নির্মাণৰ বাবে পদক্ষেপ গ্রহণৰ বিষয়ে প্রকাশ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চলিত বছৰৰ আগষ্ট মাহৰ পৰা উপায়ুক্তৰ কার্যালয়তো প্রকল্প সদ্ভাৱনা আৰম্ভ কৰা হ’ব৷
জাতিৰ প্রমাণ–পত্র প্রদানৰ দিশত থকা সকলো অসুবিধা সমাধান কৰা হ’ব আৰু এনে প্রমাণ–পত্র যাতে নিৰৱচ্ছিন্নভাৱে প্রদান কৰি থাকিব পৰা যায়, তাক সুনিশ্চিত কৰা হ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাই আজি গোলাঘাটত পঞ্চদশ বিত্ত আয়োগৰ অধীনত বিত্তীয় অনুদানেৰে নির্মাণ কৰা এক গোটা আৱর্জনা ব্যৱস্থাপনা প্রকল্পও উদ্বোধন কৰে৷ সেইদৰে গোলাঘাট জিলা উপায়ুক্ত কার্যালয়ৰ সংহত ভৱনৰো আধাৰশিলা স্থাপন কৰে৷ এই সংহত জিলা উপায়ুক্ত কার্যালয় নির্মাণৰ বাবে ৫০ কোটি টকা ব্যয় কৰিব৷