নিয়মীয়া বাৰ্তা, পাঠশালা, ২ মেঃ ভাৰতবৰ্ষৰ প্ৰতিবেশী ৰাষ্ট্ৰ নেপালৰ কাকৰভিটাত যোৱা ২৯ আৰু ৩০ এপ্ৰিলত অনুষ্ঠিত সপ্তম আন্তঃৰাষ্ট্ৰীয় কাৰাটে মেয়ৰ কাপ ২০২২ প্ৰতিযোগিতা ভাৰতৰ হৈ অসম দলে যোগদান কৰি মুঠ ১৩ টা পদক লাভেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে, নেপাল কাৰাটে ফেডাৰেচনৰ অধীনত ছিটো-ৰিঅ’ কাৰাটে স্কুলত আয়োজন কৰা প্ৰতিযোগিতাখনত আয়োজক ৰাষ্ট্ৰ নেপালৰ লগতে ভাৰত, ভূটান, বাংলাদেশ, শ্ৰীলংকা আৰু আফগানিস্তানৰ প্ৰায় ১,৪০০ গৰাকী কাৰাটেকাই অংশগ্ৰহণ কৰিছিল৷ ভাৰতীয় দলৰ হৈ অসমৰ MASHAKIO SHITO RYU KARATE-DO INDIA কাৰাটে স্কুলৰ পৰা যোগদান কৰিছিল ১৩জনীয়া এটা কাৰাটে খেলুৱৈৰ দলে৷ অসমৰ পৰা যোৱা এই ১৩ জনীয়া কাৰাটে খেলুৱৈসকলে প্ৰতিযোগিতাখনত সুন্দৰ খেল প্ৰদৰ্শন কৰি ৪ টা সোণৰ পদক, ৪ টা ৰূপৰ পদক আৰু ৫ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ১৩ টা পদক অৰ্জন কৰি অসমৰ লগতে ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ ভাৰতীয় দলটোত সোণৰ পদক লাভ কৰে ক্ৰমে ৰাজবীৰ সিংহ, শিল্পী খাটনিয়াৰ, অৰ্ণৱ সিংহ আৰু পৱন দাসে৷ আনহাতে, ৰূপৰ পদক লাভ কৰে শ্ৰদ্ধা ভৌমিক, আৰুশী দাস, শুভংকৰ ভদ্ৰ আৰু ৰিতিকা দাসে৷ প্ৰতিযোগিতাখনত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ক্ৰমে উমানন্দ কাপৰি, ইশিকা ঘোষ, অস্মিতা পাল, শুভজিত ভদ্ৰ আৰু সুশান্ত শৰ্মাই৷ উল্লেখ্য যে অসম দলটোৰ প্ৰশিক্ষক আছিল গুৱাহাটী মাচকাটো চেল্ফ ডিফেন্স ক্লাৱৰ মূখ্য প্ৰশিক্ষক ড৹ মনোজিৎ সিনহা৷ অসম দলটোৰ এই চমকপ্ৰদ সাফল্যত বিভিন্ন ক্ৰীড়া সংগঠনে অভিনন্দন জ্ঞাপন কৰে৷