নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এম ডি আৰ ‘অসম মালা’ বিতৰ্কঃ ডি পি আৰ প্ৰস্তুত কৰাৰ পাছতো বিপথে পৰিচালিত কৰিছিল বিভাগীয় মন্ত্ৰীক

পূৰ্বৰ জৰীপ বাহাল ৰাখিবলৈ ই-মেইল যোগে স্মাৰকপত্ৰ দলীয় নেতাৰ

নিয়মীয়া বাৰ্তা, ১২ আগষ্টঃ মাৰ্ঘেৰিটা সমষ্টিৰ অত্যন্ত পিছপৰা বুঢ়ীদিহিং মৌজাৰ সবাতোকৈ গুৰুত্বপূৰ্ণ অঞ্চলসমূহ সামৰি মহকুমা সদৰ সংযোগী মেজৰ ডিষ্ট্ৰিক্ট ৰ’ডলৈ উন্নীত ‘অসম মালা’ আঁ‌চনিত নিৰ্মাণ হ’ব লগা পথটোৰ প্ৰয়োজনীয় ডি পি আৰ প্ৰস্তুত কৰাৰ পাছতো বিতৰ্কই লগ এৰা নাই। অঞ্চলটোৰ এটা চক্ৰই প্ৰকৃত পথটোৰ সন্দৰ্ভত ভুল ব্যাখ্যা আগবঢ়াই বিভাগীয় মন্ত্ৰীগৰাকীক বিপথে পৰিচালিত কৰি ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ বিপৰীতে চৰকাৰী ধনৰ বিস্তৰ ক্ষতিসাধনেৰে পথ নিৰ্মাণৰ সতে জড়িত বৈশিষ্ট্য (ক্ৰাইটেৰিয়া) সমূহো বিঘ্নিত কৰাৰ অভিযোগ উঠিছে। উক্ত পথকলৈ শেহতীয়াকৈ চলা কুটিল ৰাজনীতিয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত স্বাভাৱিকতেই বিক্ষুব্ধ কৰি তুলিছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং মৌজাবাসীক। উল্লেখ্য যে পূৰ্ব ঘোষিত সিদ্ধান্ত অনুসৰি মাৰ্ঘেৰিটা সমষ্টিটোক ইমূৰৰ পৰা সিমূৰলৈ সংযোগ কৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ডিৰাক সোণজানৰ পৰা মহং চাৰি আলি ওলাই পুনৰ বৰহোলোং- চিকৰাজান স্পৰ্শ কৰি বিজুলীবন- পেঙেৰীহৈ মাৰ্ঘেৰিটালৈ সম্প্ৰসাৰণ হ’ব লগা পথটোৰ জৰীপ কাৰ্য সম্পূৰ্ণ কৰা হৈছিল। জনামতে উক্ত পথৰ বাবে যাবতীয় ডি পি আৰ প্ৰস্তুতৰ কামো সম্পন্ন হয়। কিন্তু অঞ্চলটোৰ দম্ভী গগৈ নামৰ এজন ব্যক্তিৰ নেতৃত্বত এটা চক্ৰই অঞ্চলটোৰ বৃহত্তৰ স্বাৰ্থক জলাঞ্জলি দি আৰু প্ৰকৃত পথটোৰ গুৰুত্ব সন্দৰ্ভত ভুল তথ্য দি জৰীপ কাৰ্যৰে জড়িত দিগন্ত গোস্বামীৰ হতোৱাই অন্য এটা সংযোগী পথ জৰীপ কৰাই ১৯ জুলাই, ২০১৯ তাৰিখে বিভাগীয় মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উক্ত পত্ৰত গড়কাপ্তানি মন্ত্ৰীক প্ৰশংসা কৰি কোৱা হৈছিল যে পূৰ্বৰ পথটো ডিৰাক সোণজানৰ পৰা মহং চাৰি আলি হৈ বৰডুমচালৈ যাব আৰু মাত্ৰ এখন গাঁও পঞ্চায়তক উপকৃত কৰিব। তেওঁলোকৰ দাবী অনুসৰি ডিৰাক সোণজানৰ পৰা মহং চাৰি আলিৰ পৰিৱৰ্তে ডিৰাক সোণজানৰ পৰা কিছুদূৰ গৈ ২ নং বেতনী তিনি আলিত সোমাই মদাৰখাট হৈ ফিল’বাৰী তিনি আলিত ওলাই পথটোৱে বিজুলীবন স্পৰ্শ কৰিবগৈ। অসম মালাৰ দৰে গুৰুত্বপূৰ্ণ পথটো দ্বিতীয়বাৰৰ বাবে কৰা অভিসন্ধিমূলক জৰীপ কাৰ্যত ক্ষুণ্ণ হৈ পৰিছে স্থানীয় জনতাৰ লগতে খুদ বিজেপি নেতা- কৰ্মীও। কাৰণ ডিৰাক সোণজানৰ পৰা বেতনি- তালপথাৰ হৈ মহং চাৰি আলি পৰ্যন্ত জৰাজীৰ্ণ অৱস্থাত থকা ব্যস্ততম সীমান্ত পথটোৰ উন্নয়নে সামগ্ৰিকভাৱে সমষ্টিটোৰ ৰাইজক উপকৃত কৰাৰ থল আছে। এই সন্দৰ্ভত সদৌ মৰাণ ছাত্ৰ সন্থাৰ ডিৰাক আঞ্চলিক সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰি পূৰ্বৰ সিদ্ধান্ত বাহাল ৰাখি পথ নিৰ্মাণৰ বাবে দাবী জনাইছে। কেৱল সেয়াই নহয়, পূৰ্বৰ জৰীপ নাকচ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী সভাও অনুষ্ঠিত হৈ আহিছে। এই সন্দৰ্ভত বিজেপিৰ বুঢ়ীদিহিং মণ্ডল সভাপতি ভাদেশ্বৰ মৰাণে যোৱা ৯ আগষ্ট, ২০২০ তাৰিখে গড়কাপ্তানি মন্ত্ৰীলৈ ই- মেইল যোগে এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। উক্ত পত্ৰত কোৱা হৈছে যে সোণজান (কৈলাসপুৰ) পৰা ফিল’বাৰী হৈ জৰীপ কৰা পথটোৰ অৰ্থনৈতিক আৰু অন্যান্য দিশত গুৰুত্ব নাই। কিন্তু তাৰ বিপৰীতে সোণজানৰ পৰা মহং চাৰি আলি হৈ পথ নিৰ্মাণৰ গুৰুত্ব বুঢ়ীদিহিং মৌজাৰ অৰ্থনীতিৰ হৃৎপিণ্ডস্বৰূপ। লগতে শিক্ষা, স্বাস্থ্য আৰু আইন- শৃংখলাজনীত গুৰুত্বও অপৰিসীম। পত্ৰখনত কোৱা হৈছে ‘অসম মালা’ ৰাষ্ট্ৰীয় ঘাই পথৰ সম মৰ্যাদাৰে অৰ্থনৈতিক গুৰুত্বযুক্ত মেজৰ ডিষ্ট্ৰিক্ট ৰ’ডলৈ উন্নীত কৰা হৈছে। উক্ত পথে অসম গড়কাপ্তানী পথ বিভাগৰ দ্বাৰা ২০০৯ চনত গ্ৰহণ কৰা ষ্ট্ৰেটেজিক অপচনছ ষ্টাডী (এছ অ’ এছ)ৰ আওতাত তিনিচুকীয়া জিলাৰ এম ডি আৰ ৰ’ডৰ বৈশিষ্ট্য অটুত ৰাখিব। কিন্তু ফিল’বাৰী হৈ যোৱা পথটো এছ অ’ এছত অন্তৰ্ভুক্ত নহয়। দ্বিতীয়তে প্ৰস্তাৱিত (মহং চাৰি আলি হৈ) পথটোয়ে ৭ খন হাই স্কুল, ৯ খন এম ই স্কুল আৰু প্ৰস্তাৱিত চৰকাৰী আদৰ্শ মহাবিদ্যালয়খনৰ স্থান স্পৰ্শ কৰিব। তৃতীয়তে ৫ খন গাঁও পঞ্চায়ত (কৈলাসপুৰ, পুৰণিপুখুৰী, বুঢ়ীদিহিং, বিজুলীবন আৰু ব্ৰহ্মাজান) ৰ ১৫ শ (প্ৰতিখনত) তকৈও অধিক লোকৰ বসতিপূৰ্ণ প্ৰায় তিনিকুৰিখন গাঁও উপকৃত হ’ব। চতুৰ্থতে এই পথে দুখন থানা সংযোগ ঘটাইছে। বুঢ়ীদিহিং মৌজা উগ্ৰপন্থী কবলিত আৰু স্পৰ্শকাতৰ অঞ্চল হিচাপে আইন- শৃখলাজনীত পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ থানাৰ বাবে সুসংযোগী পথৰ গুৰুত্ব অত্যন্ত দৰকাৰী। পৰিশেষত বেতনীৰ পৰা ফিল’বাৰী হৈ যোৱা পথত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা, পি আৰ আৰু এছ অ’ পি ডি আচঁ‌নিত নিৰ্মীয়মান অৱস্থাত থকা চাৰিটাকৈ পথৰ পুঁ‌জিৰ অপব্যৱহাৰ আৰু ক্ষতি হ’ব। উক্ত নিৰ্মীয়মান পথ কেইটা হ’ল প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পেকেজ নং এ এছ- ২৩- ১২৫ আৰু ৩৫০ (ব্যয় মূল্য প্ৰায় ৭ লাখ) আৰু আন দুটা পথ পি আৰ আৰু এছ অ’ পি ডি (ব্যয় মূল্য প্ৰায় ৩ কোটি ৭২ লাখ)। তদুপৰি ২০০৬/৭ চনত সোণজানৰ পৰা মহং চাৰি আলিলৈ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁ‌চনিত নিৰ্মিত সীমান্ত পথটোৰ বৰ্তমানৰ অৱস্থা তথৈবচ, যানবাহন চলাচলৰ অনুপযোগী হৈ পৰিছে। গতিকে বৃহত্তৰ স্বাৰ্থৰ লগতে দলীয় স্বাৰ্থৰ খাতিৰত সংশ্লিষ্ট বিষয়াক নিৰ্দেশনা দি পূৰ্বে জৰীপ সম্পন্ন কৰা সোণজান- মহং চাৰি আলি হৈ মাৰ্ঘেৰিটা সংযোগী পথটো বাছনি কৰিবলৈ অনুৰোধ জনোৱা হৈছে। উক্ত স্মাৰকপত্ৰৰ প্ৰতিলিপি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ ৰামেশ্বৰ তেলী আৰু বিধায়ক ভাস্কৰ শৰ্মালৈকো প্ৰেৰণ কৰিছে।

You might also like