নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলঘাটৰ অসম মৰাপাট কলৰ পৰিচালন সঞ্চালক আৰু উপ-সভাপতিলৈ ৰাষ্ট্ৰীয় বঁটা

বিশেষ বাৰ্তা, ২৪ ছেপ্টেম্বৰ : কলিয়াবৰ মহকুমাৰ অন্তৰ্গত শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ পৰিচালন সঞ্চালক গুণমণি গগৈ আৰু উপ-সভাপতি পলাশ বৰাসহ কেইবাগৰাকী ব্যক্তিয়ে আজি কলিকতাৰ ৰবীন্দ্ৰ সদনত অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰে। মহাবঙ্গ সাহিত্য পৰিষদৰ উদ্যোগত অনুষ্ঠিত এই বঁটা বিতৰণ অনুষ্ঠানত পশ্চিম বঙ্গ চৰকাৰৰ কৃষি মন্ত্ৰী তথা প্ৰবীণ কবি, সাহিত্যিক শ্ৰৱন দেৱ চটোপধ্যায় মুখ্য অতিথি আৰু নাৰ্কটিক বিভাগৰ সঞ্চালক ৰাকেশ কুমাৰ শুক্লা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বঁটা সমূহ প্ৰদান কৰে। ভাৰতৰ লগতে ভাৰতৰ বাহিৰত সামাজিক উন্নয়নত বিশেষভাবে অৰিহনা আগবঢ়োৱা ব্যক্তিক স্বীকৃতি স্বৰূপে কলিকতাৰ মহাবঙ্গ সাহিত্য পৰিষদ চেৰিটেবুল ট্ৰাস্টে এই বঁটা প্ৰদান কৰি আহিছে। সমবায় খণ্ডত প্ৰতিষ্ঠিত ভাৰতৰ একমাত্ৰ মৰাপাট কল, কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলটো মৃত্যুমুখৰ পৰা বচাই লাভজনক পৰ্যায়লৈ আনি শ্ৰমিক কৰ্মচাৰীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱাৰ লগতে নিয়োগ সৃষ্টিত বিশেষ ভাবে সফল হোৱাৰ স্বীকৃতি স্বৰূপে অসম সমবায় মৰাপাট কলৰ দুই ব্যক্তিলৈ ২০২২ বৰ্ষৰ এই বঁটা আগবঢ়োৱা হৈছে। বিশিষ্ট লেখক, ৰাজভৱনৰ প্ৰাক্তন সচিব জীৱন শইকীয়াই মাডাৰ টেৰেচা আন্তঃৰাষ্ট্ৰীয় বঁটা তেজপুৰৰ সাংস্কৃতিক কৰ্মী, কৃৰ্তী শিক্ষক, নমিতা মহন্ত আৰু গুৱাহাটীৰ বিশিষ্ট কবি-সাহিত্যিক মামনি ডেকাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা গ্ৰহণ কৰে।

প্ৰেৰক কনক হাজৰিকা

You might also like