নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত মন্ত্রী–বিধায়কে ভংগ কৰিছে ক’ভিড প্রট’কল

নিয়মীয়া বাৰ্তা ১৯ আগষ্টঃ সোমবাৰে ৰাজ্য চৰকাৰে প্রকাশ কৰা ক’ভিড সম্পর্কীয় নতুন এছ অ’পিক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে৷ এটা বিজ্ঞপ্তিত পৰিষদৰ সভাপতি ৰাণা প্রতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে ৰাজ্য চৰকাৰে শেহতীয়াভাৱে সপ্তাহে সপ্তাহে বা পষেকে পষেকে প্রকাশ কৰি থকা এছ’পিসমূহৰ কিছু অর্থহীন, যুক্তিহীন নীতি–নিয়মে জনসাধাৰণক প্রচুৰ ক্ষতিগ্রস্তহে কৰিছে৷ সমন্তৰালভাৱে ৰাজ্যৰ সামগ্রিক অর্থনৈতিক দিশটোক বাৰুকৈ প্রভাৱান্বিত কৰিছে ৷ এহাতে ৰাজ্য চৰকাৰে আন্তঃজিলা যাতায়াত বন্ধ কৰি ৰাখিছে আনহাতে, আন্তঃৰাজ্যিক যাতায়াত সম্পূর্ণ খোলা আছে৷ ৰাজ্যৰ বাহিৰৰ পৰা দৈনিক ৰে’ল, উৰাজাহাজৰ যাতায়াত অব্যাহত আছে আৰু বহিঃৰাজ্যৰ পৰা নিতৌ মানুহ আহি আছে৷

তেনেস্থলত নিজ ৰাজ্যৰ জনসাধাৰণক জিলাৰ ভিতৰত বন্দী কৰি ৰখা কার্য হাস্যকৰ৷ ৰে’ল চলাচল কৰিব পাৰিলে বাছ বা অন্য ৰাজহুৱা পৰিবহণসমূহ চলাচল কৰিব নোৱাৰাৰ কোনো যুক্তি নাই৷ ৰাজ্য চৰকাৰৰ এনে যুক্তিহীন কর্মকাণ্ডৰ বাবে মধ্যবিত্ত আৰু দুখীয়া শ্রেণীৰ লোকসকলে চৰম বিপর্যয়ৰ সন্মুখীন হৈছে৷ ঋণ লৈ বাছ ক্রয় কৰা বাছ মালিকসকলে ঋণ পৰিশোধ কৰিব নোৱাৰাৰ লগতে নিজৰ পৰিয়াল পোহপাল দিব পৰা নাই৷ তেনেদৰে মটৰ শ্রমিকসকলৰ অৱস্থাও পানীত হঁাহ নচৰা অৱস্থা হৈছে৷ সেয়েহে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে ৰাজ্য চৰকাৰক ৰাজ্যত শীঘ্রে বাছ সেৱা পুনৰ আৰম্ভ কৰাৰ লগতে পৰিবহণ সংক্রান্তীয় বিভিন্ন কৰ হ্রাস কৰা, ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ মটৰ শ্রমিকসকলক সাহায্য প্রদান কৰা আৰু বাছ মালিকসকলৰ বাবে বেংকৰ সুদ হ্রাস কৰাৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনায়৷

আনহাতে ক’ভিড পৰিস্থিতিৰ বাবে সর্বাধিক ক্ষতিগ্রস্ত হৈছে স্কুল–কলেজৰ ছাত্র–ছাত্রী৷ গতিকে ৰাজ্য চৰকাৰে বিদ্যালয়সমূহৰ শিক্ষক–শিক্ষয়িত্রীস বাকী থকা ভেকচিন প্রদানৰ কাম অনতি বিলম্বে সমাপন কৰি পর্যায়ক্রমে বিদ্যালয় সমূহ খোলাৰ ব্যৱস্থা কৰিবলৈ যুৱ–ছাত্র পৰিষদে দাবী উত্থাপন কৰিছে৷ অসমৰ কেতবোৰ ভিতৰুৱা গ্রামাঞ্চলত এতিয়াও চৰকাৰে ভেকচিন কেন্দ্রৰ জৰিয়তে ভেকচিন প্রদান কৰাত ব্যর্থ হৈছে ৷ বহু ভিতৰুৱা গ্রাম্য অঞ্চলৰ লোকে ভেকচিনৰ বাবে চহৰলৈ ঢ়াপলি মেলিব লগা হয় ৷ সেয়েহে ৰাজ্য চৰকাৰে গাঁও পঞ্চায়ত বা তেনে স্থানীয় কর্তৃত্বৰ যোগেদি ঘৰে ঘৰে গৈ ক’ভিড ভেকচিন প্রদানৰ ব্যৱস্থা কৰিব লাগে৷ ইফালে নতুন এছ’পি মতে বিবাহনুষ্ঠানত ২৫ গৰাকী আৰু সভা–সমিতিত ২০০গৰাকী লোকৰ অনুমতি প্রদান কৰা কার্যকো যুক্তিহীন আখ্যা দিছে যুৱ–ছাত্র পৰিষদে৷

দৰাচলতে ৰাজ্য চৰকাৰে নিজৰ দলীয় সভা সমিতি আয়োজন কৰাৰ কৌশলেৰে এনে অযুক্তিকৰ নীতি বলৱৎ কৰি ৰাইজক হাৰাশাস্তি কৰিছে ৷ এনে বৈষম্যমূলক নীতি বন্ধ হোৱা উচিত ৷ ইফালে ক’ভিড নিয়ন্ত্রণৰ নামত ৰাজ্য চৰকাৰে বিগত বহু সময় ধৰি এছ’পিৰ পিছত এছ’পি প্রকাশ কৰি আহিছে৷ কিন্তু অতি পৰিতাপৰ বিষয় যে এছ’পিসমূহৰ যোগেদি জাৰি কৰা সকলো নীতি–নিয়ম কেৱল সাধাৰণ জনগণৰ বাবে৷ বিগত সময়ত চৰকাৰৰ কোনো মন্ত্রী–বিধায়কে ক’ভিড প্রট’কল মানি চলা অসমৰ ৰাইজে প্রত্যক্ষ কৰা নাই৷ সেয়েহে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে অনাগত এছ’পিখন সর্বসাধাৰণ ৰাইজৰ লগতে চৰকাৰৰ মন্ত্রী–বিধায়কসকল্ একেলগে মানি চলিব পৰা এক ইউনিফর্ম এছ’পি যাতে হয় তাৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে৷

You might also like