ৰাষ্ট্রীয় সাধাৰণ সম্পাদকৰ দায়িত্বত অসমৰ সাংসদ দিলীপ শইকীয়া
নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ জগত প্রকাশ নাড্ডাৰ নেতৃত্বত নতুন ৰূপত আত্মপ্রকাশ ঘটিল শাসকীয় বিজেপিৰ৷ সলনি হ’ল বিজেপিৰ থিংক টেংকো৷ আৰু নতুন এই থিংক টেংকত দলৰ সাধাৰণ সম্পাদক হিচাপে স্থান লাভ কৰিলে অসমৰ দিলীপ শইকীয়াই৷ ৰাষ্ট্রীয় সভাপতি নাড্ডাই ৰাষ্ট্রীয় কার্যকর্তাৰ তালিকা প্রকাশ কৰে৷ লক্ষণীয় দিশটো হ’ল– এই তালিকাত নাই দক্ষ সংগঠক হিচাপে ৰাজনৈতিক মহলত পৰিচিত ৰামমাধৱৰ নাম৷
উল্লেখ্য যে শাসকীয় দলটোৰ ৮গৰাকী ৰাষ্ট্রীয় সাধাৰণ সম্পাদকৰ ভিতৰত অন্যতম মঙলদৈৰ সাংসদ দিলীপ শইকীয়া হৈছে অসমৰ পৰা মনোনীত প্রথমগৰাকী সাধাৰণ সম্পাদক৷ শইকীয়াই এই প্রতিবেদকক টেলিফোনিক বার্তালাপত জনায় যে উত্তৰ–পূর্বাঞ্চলৰ সমস্যাবোৰ ৰাষ্ট্রীয় পর্যায়ত উত্থাপন কৰাৰ বাবে তেওঁ অংগীকাৰবদ্ধ হৈ ৰ’ব৷
শইকীয়াৰ মতে, অসম তথা উত্তৰ–পূর্বাঞ্চলৰ প্রতি বিজেপিৰ দৰদ কিমান, সেয়া আজি প্রমাণিত হ’ল৷ ৰাষ্ট্রীয় সাধাৰণ সম্পাদকৰ নিচিনা এটা গুৰুত্বপূর্ণ পদত অসমৰ জনপ্রতিনিধি হিচাপে তেওঁক মনোনীত কৰাৰ বাবে ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ প্রতি তেওঁ কৃতজ্ঞতা প্রকাশ কৰে৷ আজি বিজেপিৰ মুখ্য কার্যালয়ৰ প্রেছ বিজ্ঞপ্তিযোগে প্রকাশ কৰা তালিকাত দেখা গ’ল সাংগঠনিক সালসলনিত নিযুক্তি লাভ কৰা ৮গৰাকী সাধাৰণ সম্পাদকৰ ভিতৰত ৫গৰাকীয়ে হ’ল নতুন মুখৰ৷ পূর্বৰ সাধাৰণ সম্পাদকৰ ভিতৰত কেৱল ভূপেন্দ্র যাদৱ, অৰুণ সিং আৰু কৈলাস বিজয়বর্গীয়ইহে পুনৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি লাভ কৰিলে৷ ইয়াৰ বিপৰীতে ৰামমাধৱ, পি মুৰুলীধৰ ৰাও, সৰোজ পাণ্ডে আৰু অনিল জৈনৰ ঠাইত স্থান লাভ কৰিলে ক্রমে দুশ্যান্ত কুমাৰ গৌতম, ডি পুৰুন্দেশ্বৰী, চি টি ৰবি, তৰুণ চুগ আৰু দিলীপ শইকীয়াই৷
আনহাতে, বিজেপিৰ নতুন সাংগঠনিক বিষয়ববীয়া হিচাপে শইকীয়াৰ উপৰি উত্তৰ–পূর্বাঞ্চলৰ আন এগৰাকী বিজেপি নেতা হিচাপে নাগালেণ্ডৰ এম চৌবা আওক ৰাষ্ট্রীয় উপ–সভাপতি হিচাপে আজি নিযুক্তি প্রদান কৰা হৈছে৷ নাগালেণ্ডৰ বিধায়ক মমহোনলুমো কিকোনক দায়িত্ব প্রদান কৰা হৈছে দলৰ অন্যতম ৰাষ্ট্রীয় মুখপাত্র হিচাপে৷ উল্লেখ্য যে আজিৰ সাংগঠনিক সালসলনিৰ পাছত বিজেপিত ১২গৰাকী উপ–সভাপতিয়ে নিযুক্তি লাভ কৰিলে৷
ইফালে সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্বত বাহাল ৰখা হৈছে বি এল সন্তোষক৷ তদুপৰি ৩জনক উপ–সাংগঠনিক সাধাৰণ সম্পাদকৰ নিযুক্তি প্রদান কৰা হৈছে৷ নিযুক্তি দিয়া হৈছে মুঠ ১৩জন ৰাষ্ট্রীয় সম্পাদকক৷ নতুন কোষাধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছে ৰাজেশ আগৰৱালে৷