নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত ডাক কৰ্মচাৰী ইউনিয়নৰ অসম-উত্তৰপূবৰ দ্বিবাৰ্ষিক যুটীয়া অধিৱেশনঃ নিয়মীয়া বাৰ্তাৰ সাংবাদিক বিভাস দুৱৰাক সম্বৰ্ধনা

বিশেষ বাৰ্তা, ১১জুনঃ ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে ডাক কৰ্মচাৰী ইউনিয়নৰ অসম আৰু উত্তৰ পূৰ্বৰ ৩৭সংখ্যক দ্বিবাৰ্ষিক যুটীয়া অধিবেশন। ডাক বিভাগৰ অসম আৰু উত্তৰ-পূৱ চক্ৰৰ প্ৰায় ৩০০ জন প্ৰতিনিধিয়ে অংশগ্ৰহন কৰা ডাক বিভাগৰ এই কৰ্মচাৰী অধিৱেশনত চৰকাৰৰ কিছুমান নীতিৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে ডাক বিভাগৰ কৰ্মচাৰী সকল। শেহতীয়া নতুন পেঞ্চন নীতিৰ তীব্ৰ বিৰুধীতা কৰি দেশৰ মন্ত্ৰী,বিধায়কসকলৰ পেঞ্চন লাভ কৰে যদিও কৰ্মচাৰী সকলে ৩০/৩৫ বছৰ চাকৰি কৰিও কোনো পেঞ্চন লাভ নকৰা কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰে।ডিব্ৰুগড়ৰ বৈৰাগীমঠ তাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হোৱা তিনিদিনীয়া অধিবেশনৰ পৰাই তেওঁলোকৰ নায্য সংগত দাবী সমুহ কাৰ্যকৰী কৰণৰ বাবে চৰকাৰলৈ দাবী উৎথাপিত কৰে। অনুষ্ঠানত ডি. বি. মহান্তি সহ অন্যান্যসকল উপস্থিত থাকে। আনহাতে দ্বিতীয় দিনাৰ নিশালৈ অনুষ্ঠিত হয় বিশেষ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী। অনুষ্ঠানতে ডিব্ৰুগড় পৌৰসভাৰ পৌৰপতি ডাঃ সৈকত পাত্ৰ,  সাংবাদিক ৰাতুল গোহাঁই, ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক অনিল পোদ্দাৰ আৰু ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি বিভাস দুৱৰাক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।

প্ৰেৰক বিভাস দুৱৰা

You might also like