নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰৰ পৰা অসম আৰক্ষীৰ জিম্মাত ১০ উগ্রপন্থী

নিয়মীয়া বার্তা, ১৭ মেঃ ম্যানমাৰৰ কাৰাগাৰত বন্দী হৈ থকা উত্তৰ–পূবৰ ২২জন বিদ্রোহী সদস্যক শুকুৰবাৰে দেশখনৰ সেনা বাহিনীয়ে ভাৰত চৰকাৰক হস্তান্তৰ কৰাৰ পাছত অসম চৰকাৰে এন ডি এফ বি (স) গোটৰ ৫ জন আৰু কেএনএল’ সংগঠনটোৰ ৫জন সদস্যক শনিবাৰে নিজৰ জিম্মালৈ আনিছে৷

মণিপুৰৰ পৰা সদস্যকেইজনক আজি অসম আৰক্ষীয়ে আনি ১৪ দিন কোৱাৰেণ্টাইন কৰিছে৷ উল্লেখ্য যে বিগত বর্ষত ম্যানমাৰ সেনা বাহিনীয়ে দেশখনত আশ্রয় লৈ থকা বিদ্রোহী সংগঠনসমূহৰ বিৰুদ্ধে অভিযান চলাই শিবিৰসমূহ উৎখাত কৰাৰ লগতে বহু সদস্যক গ্রেপ্তাৰ কৰিছিল৷

দেশখনত কাৰাবন্দী হৈ থকা বিদ্রোহী সদস্যসকলক ভাৰত চৰকাৰৰ সৈতে হোৱা আলোচনামর্মে ম্যানমাৰে সদস্যকেইজনক গতাই দিয়ে৷

You might also like