নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ ছেপ্টেম্বৰৰ পৰা আৰক্ষীত নিযুক্তি প্রক্রিয়াঃ ১৫ জিলাৰ ৬,৬৬২টা পদত হ’ব নিযুক্তি

নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ  ৰাজ্যৰ নিবনুৱা যুৱক–যুৱতীসকলৰ বাবে সুখবৰ কঢ়িয়াই অসম আৰক্ষীৰ ৬,৬৬২টা কনিষ্টবল পদৰ নিযুক্তি প্রক্রিয়া আৰম্ভ কৰিছে চৰকাৰে৷ বুধবাৰে এই কথা টুইটযোগে সদৰী কৰিলে অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই৷

উল্লেখ্য যে চলিত বর্ষতে এক লাখ যুৱক–যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি প্রদানৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনে কৰা ঘোষণাৰ পাছতে ৰাজ্যৰ বিভিন্ন বিভাগত খালী হৈ থকা পদ পূৰণৰ প্রক্রিয়া আৰম্ভ হৈছে৷ আৰক্ষী সঞ্চালক প্রধানগৰাকীয়ে টুইটযোগে প্রকাশ কৰা অনুসৰি ১৫খন জিলাৰ পৰা এই নিযুক্তি প্রক্রিয়া আৰম্ভ হ’ব৷ ইয়াৰ বাবে অনুষ্ঠিত হ’ব ফিজিকেল ষ্টেণ্ডার্ড টেষ্ট (পিএছটি) আৰু ফিজিকেল এফিচিয়েঞ্চী টেষ্ট (পেট)৷ এই পৰীক্ষাত অৱতীর্ণ হ’ব খোজা প্রার্থীসকলে ২০ আগষ্টৰ পৰা প্রৱেশ পত্র অনলাইনযোগে সংগ্রহ কৰিব লাগিব৷

প্রার্থীসকলে www.slprbassam.in ৱেবছাইটৰ পৰা তেওঁলোকৰ প্রৱেশ পত্র ডাউনলোড কৰিব পাৰিব৷ উল্লেখ্য যে ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’র্ডে কালি আনুষ্ঠানিকভাৱে এইক্ষেত্রত প্রকাশ কৰা তথ্য অনুসৰি ২০১৮ চনৰ বাবে পিএছটি–পেট অহা ১ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব৷

সদ্যসমাপ্ত বিধানসভা নির্বাচনৰ বাবে ১৫খন জিলাৰ বাবে হ’বলগা এই বাছনি পৰীক্ষা পিছুওৱা হৈছিল৷ পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া জিলাকেইখন হ’ল বিশ্বনাথ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, হাইলাকান্দি, হোজাই, যোৰহাট, মৰিগাঁও, কামৰূপ (মহানগৰ), কৰিমগঞ্জ, কার্বি আংলং, শিৱসাগৰ, শোণিতপুৰ আৰু ওদালগুৰি৷ এই জিলাকেইখনৰ ৪,২৭১টা সশস্ত্র কনিষ্টবল আৰু ২,৩৯১টা সাধাৰণ কনিষ্টবলৰ পদৰ বিপৰীতে অনুষ্ঠিত হ’ব বাছনি পৰীক্ষা৷

You might also like