নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজলগাঁৱৰ এটি ব্যক্তিগত ভঁৰালত আৰক্ষীৰ অভিযান, জব্দ টিনপাত, কম্বল

এছ চি, অ'বি চি হিতাধিকাৰীক বিতৰণ কৰিবলৈ ৰাখিছিল মজুত

নিয়মীয়া বাৰ্তা, ২০ জুনঃ চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত এটি ব্যক্তিগত ভঁৰাল গৃহত আৰক্ষীয়ে তালাচী অভিযান চলাই বহু পৰিমানৰ টিনপাত, কম্বল তথা অন্যান্য সামগ্ৰী জব্দ কৰে।

দণ্ডাধীশৰ উপস্থিতিত তথা জিলা আৰক্ষীৰ অতিৰিক্ত অধীক্ষক বেদান্ত প্ৰকাশ বৰকাকতীৰ নেতৃত্বত চিৰাং আৰক্ষীৰ এটি বৃহৎ দলে শুকুৰবাৰে সন্ধিয়া কাজলগাঁও গ্ৰাম্য ষ্টেডিয়ামৰ সমীপত চেন্ট বাগানত থকা উক্ত ভঁৰাল গৃহত অভিযান চলাই ৮ফুট দৈৰ্ঘ্যৰ ১৯৯৮ খন টিনপাত, বহু পৰিমানৰ কম্বল, আঁঠুৱা,ছাত্ৰ-ছাত্ৰীৰ ব্যৱহাৰযোগ্য বহী তথা অন্যান্য সামগ্ৰীৰ টোপোলা জব্দ কৰে।

জব্দ কৰা সামগ্ৰী সমূহ নিশাৰ ভাগতে অন্য স্থানলৈ স্থানান্তৰ কৰা হয়। জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বৰকাকতীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে কোনো এটা ৰাজনৈতিক দলে উক্ত সামগ্ৰী খিনি সন্দেহজনকভাৱে ব্যক্তিগত ভঁৰাল গৃহটোত মজুত ৰখা সম্পৰ্কে অভিযোগ দিয়ে। যাৰ বাবে প্ৰাথমিক তদন্ত কৰি সামগ্ৰী খিনি জব্দ কৰি প্ৰশাসনৰ জিম্মাত ৰখাৰ বাবে অন্য স্থানলৈ স্থানান্তৰ কৰা বুলি জানিবলৈ দিয়ে ।

আনহাতে উক্ত সামগ্ৰী খিনি অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা সম্প্ৰদায়ৰ হিতাধিকাৰীৰ মাজত বিতৰণ কৰাৰ বাবে চৰকাৰী ভাৱে যোগান ধৰা সামগ্ৰী বুলি জানিব পৰা গৈছে। বিটিচিৰ নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ আগ মুহুৰ্তত সামগ্ৰী খিনি অহাৰ পাছত উক্ত ভঁৰালত ৰখাৰ ব্যৱস্থা কৰে বুলি এজন বিভাগীয় কৰ্মচাৰীয়ে মন্তব্য কৰে।

কাৰ নিৰ্দেশত তথা কি পৰিস্থিতিত এই সামগ্ৰী খিনি উক্ত ব্যক্তিগত ভঁৰাল গৃহটোত ৰখা হৈছিল তথা কিমান পৰিমাণৰ সামগ্ৰী মজুত আছে আটাইবোৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত সংবাদ মাধ্যমক আৱগত কৰিবলৈ সমৰ্থ হ’ব বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক বৰকাকতীয়ে মন্তব্য কৰে ।।

You might also like