নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ আসন্ন বিধানসভা নির্বাচনৰ প্রাকমুহূর্তত বর্ষীয়ান কংগ্রেছ নেতা তৰুণ গগৈৰ বিয়োগত কাণ্ডাৰীবিহীন হৈ পৰিল প্রদেশ কংগ্রেছ৷ অসমত সর্বাধিক কালৰ বাবে মুখ্যমন্ত্রিত্বৰ আসনত অধিষ্ঠিত হৈ থকা গগৈ আছিল কংগ্রেছৰ অন্যতম দিকদর্শক৷ দলৰ প্রতিটো কার্যসূচী আগুৱাই নিয়াৰ ক্ষেত্রত সন্মুখৰ পৰা নেতৃত্ব দি অহাৰ লগতে কেনেধৰণৰ কর্মপন্থাৰে দল আগুৱাই গৈ হূত জনপ্রিয়তা ওভতাই আনিব লাগিব, সেই ক্ষেত্রতো গগৈয়ে বিগত দিনসমূহত নানা পৰামর্শ আগবঢ়াই আহিছে৷ বহু সময়ত গগৈয়ে দলক পুনৰ ক্ষমতালৈ অনাৰ স্বার্থতেই এইক্ষেত্রত সন্মুখৰ পৰা নেতৃত্ব দিয়াৰো ঘোষণা কৰি দলৰ আনসকল নেতাক অধিক উদ্যমেৰে কাম কৰাৰ বাবে একপ্রকাৰ এলার্ট কৰিও আহিছিল৷ গগৈৰ তেনে পৰামর্শকে মূলধন হিচাপে লৈ আসন্ন বিধানসভা নির্বাচনত মহাজোঁট গঠনেৰে কংগ্রেছে পুনৰ ক্ষমতাত অধিষ্ঠিত হোৱাৰ পৰিকল্পনা কৰিছিল আৰু সেই পৰিকল্পনা বাস্তৱায়িত কৰাত প্রধান নেতাৰ ভূমিকা গ্রহণ কৰিছিল স্বয়ং গগৈয়ে৷ যোৱা ২৬ আগষ্টত ক’ভিডত আক্রান্ত হোৱাৰ আগলৈকে গগৈৰ দিছপুৰস্থিত চৰকাৰী বাসভৱনেই হৈ পৰিছিল মহাজোঁট গঠনৰ ৱাৰ ৰূম৷ কংগ্রেছ, এ আই ইউ ডি এফৰ বহুচর্চিত মিত্রতাৰ প্রথমখন বৈঠক আগষ্ট মাহৰ প্রথম ভাগতে গগৈৰ বাসভৱনতেই দুই দলৰ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হয়৷ কিন্তু গগৈৰ মৃত্যুৰ লগে লগে যেন একপ্রকাৰ সেই পৰিকল্পনা ফলৱতী কৰাৰ ক্ষেত্রতো নানা প্রশ্ণবোধক চিনৰ উদ্ভৱ হৈছে৷ কাৰণ কেৱল কংগ্রেছী ৰাজনীতিৰ ক্ষেত্রতেই নহয়, অন্যান্য ৰাজনৈতিক দলৰ ক্ষেত্রতো গগৈ আছিল আটাইৰে বাবে গ্রহণযোগ্য নেতা৷ গগৈৰ বিশাল ব্যক্তিত্ব আৰু দূৰদৃষ্টিসম্পন্ন চিন্তা শক্তিৰ বাবে সকলোৱে তেওঁক মানি লৈছিল৷ গগৈৰ অবর্তমানত সেই স্থিতি কোনে পূৰ কৰিব, তাক লৈও দলৰ ভিতৰচ’ৰাত প্রশ্ণ উদ্ভৱ হৈছে৷
ইতিমধ্যে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্রত শইকীয়া, প্রাক্তন মুখ্যমন্ত্রী ডাঃ ভূমিধৰ বর্মন, প্রাক্তন মন্ত্রী শৰৎ বৰকটকী, প্রাক্তন কেন্দ্রীয় মন্ত্রী পৱন সিং ঘাটোৱাৰ, সাংসদ প্রদ্যুৎ বৰদলৈ, সাংসদ ৰাণী নৰহ, প্রাক্তন মন্ত্রী ভৰত নৰহৰ পৰা আৰম্ভ কৰি দলটোৰ প্রতিজন নেতা–কর্মীয়ে গগৈৰ বিয়োগত দলে অভিভাৱকক হেৰুৱালে বুলি অভিহিত কৰাই নহয়, তেওঁৰ বিয়োগ অসমত কংগ্রেছ দলৰ অপূৰণীয় ক্ষতি বুলি অকপটে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে৷ মহাজোঁটৰ ক্ষেত্রতো বিশেষকৈ অংশীদাৰ দলসমূহৰ মাজত আসন বুজাবুজিৰ ক্ষেত্রত উদ্ভৱ হ’ব পৰা সমস্যা কোনে অভিভাৱকত্ব খটুৱাই সকলোকে পতিয়ন নিয়াব, তেনে ধৰণৰ দ্বিতীয় এজন নেতা আজিৰ তাৰিখত কংগ্রেছত নাই বুলিব পাৰি৷ আনকি এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে কিছুদিন পূর্বে গগৈৰ অসুস্থতাৰ বাবেই মহাজোঁট গঠনৰ প্রক্রিয়া থমকি ৰৈছে বুলি কৰা মন্তব্যও এই প্রসংগতে অতি তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ কাৰণ কংগ্রেছে যিসমূহ দলৰ সৈতে মহাজোঁট গঠনৰ কুচকাৱাজ চলাই আছে, প্রতিটো দলৰে একমাত্র গ্রহণযোগ্য আৰু বিশ্বাসী নেতাজনেই আছিল তৰুণ গগৈ৷ সকলোকে আঁকোৱালি ল’ব পৰা, প্রতিটো মুহূর্ততে আটাইকে সমমর্যাদা প্রদান কৰা ব্যক্তিজনেই আছিল তৰুণ গগৈ৷ সেয়েহে অনাগত দিনত অসমত কংগ্রেছী ৰাজনীতি কেনেদৰে আগবাঢ়ে সেয়া লক্ষণীয় হ’ব৷ সুদীর্ঘ কালৰ ৰাজনৈতিক অভিজ্ঞতাৰে পুষ্ট গগৈৰ ৰাজনৈতিক বিচক্ষণতা আৰু দূৰদর্শী চিন্তাৰে গ্রহণ কৰা বাস্তৱমুখী পদক্ষেপৰ বাবে অসম আন্দোলনৰ পৰিণতিত কংগ্রেছৰ পৰা আঁতৰি যোৱা মূলসুঁতিৰ জাতি–জনগোষ্ঠীসমূহ কংগ্রেছৰ প্রতি আকৃষ্ট কৰিবলৈ সক্ষম হৈছিল৷