নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোকস্তব্ধ তিতাবৰ ৰাজীৱ ভৱনত গগৈক শ্রদ্ধাঞ্জলি গুণমুগ্ধৰ

ব্যৱসায়িক প্রতিষ্ঠান–চাহ বাগিচা বন্ধ

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ প্রিয় নেতা তৰুণ গগৈৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে তিতাবৰ৷ কালিৰ পৰা শোকত ম্রিয়মাণ হৈ থকা তিতাবৰত আজি পুৱাতে কংগ্রেছ দলৰ অগণন কর্মীৰ লগতে বিভিন্ন দল–সংগঠনৰ প্রতিনিধি আহি ষ্টেচন তিনিআলিৰ ৰাজীৱ ভৱনত উপস্থিত হয়৷ কালি সন্ধিয়াৰ পৰা অর্ধনমিত কৰি ৰখা দলীয় পতাকাৰ তলত তৰুণ গগৈৰ ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে উপস্থিত ৰাইজে৷ উপস্থিত মহিলাসকলে তৰুণ গগৈৰ আত্মাৰ সদ্গতিৰ কাৰণে প্রার্থনা কৰাৰ পাছতে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি তিতাবৰৰ কংগ্রেছৰ জ্যেষ্ঠ মহিলা নেত্রী মঞ্জুলা ৰাজপুতে কয়– আমাৰ বাবে এয়া অতি দুখৰ দিন৷ কিয়নো মানুহক ভালপোৱা ৰাইজৰ নেতা তৰুণ গগৈ ছাৰক হেৰুৱালোঁ৷ ছাৰৰ কাৰণে তিতাবৰৰ ৰাইজে উন্নয়নৰ মুখ দেখা পাইছিল৷ মহিলাসকলক স্বাৱলম্বী কৰিবৰ কাৰণে আত্মসহায়ক গোট খুলি গ্রামাঞ্চলৰ ৰাইজৰ উন্নয়ন কৰিছিল৷ তৰুণ গগৈ ছাৰৰ প্রচেষ্টাত তিতাবৰৰ লগতে অসমৰ গ্রামাঞ্চলৰ মহিলাসকলে কর্মমুখী হ’বলৈ আৰম্ভ কৰে৷ শ্রদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্রহণ কৰি সাংবাদিক প্রকাশ বৰদলৈ, ৰাইজৰ দলৰ নেতা প্রমোদ গগৈ, কংগ্রেছ নেত্রী জয়া বৰা, ৰেকিবুল হক, প্রকাশ বৰা, ৰূপজ্যোতি দাস, তিতাবৰ চেম্বার্ছ অৱ কমার্চৰ সভাপতি প্রদীপ কালোৱাৰ, সম্পাদক টিটোল লহকৰ, তিতাবৰ ব্যৱসায়ী সন্থাৰ সভাপতি দিলীপ জালান, সমাজকর্মী ৰেখা গগৈকে ধৰি অজস্রজনে শ্রদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্রহণ কৰি তিতাবৰৰ জন্মভূমিলৈ তৰুণ গগৈক শেষবাৰৰ কাৰণে আনিবৰ কাৰণে চৰকাৰ তথা পৰিয়ালবর্গক অনুৰোধ জনায়৷ ইপিনে কালিয়ে তিতাবৰ চেম্বার্ছ অৱ কমার্চ আৰু ব্যৱসায়ী সন্থাই মঙলবাৰে তিতাবৰৰ সমূহ ব্যৱসায়িক প্রতিষ্ঠান বন্ধ ঘোষণা কৰাত মঙলবাৰে পুৱাৰ পৰা তিতাবৰৰ সমূহ ব্যৱসায়িক প্রতিষ্ঠান আৰু যাত্রীবাহী যান–বাহনসমূহ বন্ধ হৈ পৰে৷ ইয়াৰ মাজতে তিতাবৰ চাহ মজদুৰ সংঘৰ কার্যালয়ত তৰুণ গগৈৰ ছবিত চাহ মজদুৰ সংঘৰ কর্মকর্তাসকলে গগৈৰ প্রতি শ্রদ্ধা জ্ঞাপন কৰি শ্রদ্ধাঞ্জলি জনাই তিতাবৰ চাহ বাগিচাসমূহ দিনৰ ১১ বজাৰ পৰা বন্ধ ঘোষণা কৰে৷ তৰুণ গগৈয়ে আদিপাঠ গ্রহণ কৰা ৰঙাজান চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত আজি স্থানীয় ৰাইজ, ছাত্র–ছাত্রী, প্রাক্তন ছাত্র–ছাত্রী আৰু শিক্ষক–শিক্ষয়িত্রীস প্রাক্তন ছাত্র তৰুণ গগৈক অশ্রু অঞ্জলিৰে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তিতাবৰ বোকাহোলা গাঁও পঞ্চায়তত পঞ্চায়তখনৰ সভাপতি ৰাজু ভূঞাসহ কর্মীসকলে প্রাক্তন মুখ্যমন্ত্রীগৰাকীক শ্রদ্ধাঞ্জলি জনায়৷ একেদৰে তিতাবৰ ৰঙাজান চাহ বাগিচাত জন্মলাভ কৰি বাগিচাত ডাঙৰ–দীঘল হৈ দেশৰ জনপ্রিয় নেতা হোৱা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈক বাগিচাখনৰ শ্রমিকসকলে শ্রদ্ধাৰে সোঁৱৰণ কৰি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷বাগিচাখনৰ শ্রমিকসকলে তৰুণ গগৈৰ আত্মাৰ সদ্গতিৰ কাৰণে সর্বধর্মীয় প্রার্থনা সভা অনুষ্ঠিত কৰে৷ তিতাবৰৰ আটছাই তৰুণ গগৈয়ে প্রদান কৰা চাহ জনজাতি ছাত্রাৱাসত প্রয়াত গগৈৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ আটছাৰ কেন্দ্রীয় সভাপতি ধীৰাজ গোৱালাই তৰুণ গগৈৰ প্রতিচ্ছবিত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি চাহ জনগোষ্ঠীৰ লোকসকলৰ প্রতি তৰুণ গগৈৰ অৱদান শ্রদ্ধাৰে সোঁৱৰে৷ লগতে আটছাৰ নেতাগৰাকীয়ে তৰুণ গগৈৰ আত্মাৰ সদ্গতিৰ কাৰণে ভগৱানক প্রার্থনা জনায়৷ তাই আহোম ছাত্র সন্থাৰ তিতাবৰ মহকুমা সমিতিয়ে ৰঙাজান তিনিআলিত তৰুণ গগৈৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ জ্যোতিনগৰ কলা–কৃষ্টি কেন্দ্রত জ্যোতিনগৰবাসীয়ে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তিতাবৰৰ ভোজপুৰী সমাজে চাৰিআলিৰ ৰাম মন্দিৰত গগৈৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি বন্তি প্রজ্বলন কৰে৷ অসম ঢুলীয়া শিল্পী সন্মিলনৰ জালুকনিবাৰী কার্যালয়ত সম্পাদক অজিত গগৈৰ নেতৃত্বত শিল্পীসকলে তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ জাতীয় যুৱ শক্তি, তিতাবৰ সমিতিয়ে তিতাবৰ চাৰিআলিত প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ প্রতিচ্ছবিত শ্রদ্ধা নিবেদন কৰি বন্তি প্রজ্বলন কৰে৷
ৰাজনৈতিক মহীৰূহ তৰুণ গগৈৰ দেহাৱসানত শোকস্তব্ধ ভোলাগুৰিবাসী
ৰাজ্যৰ বর্ষীয়ান ৰাজনীতিবিদ, জননেতা, প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ মৃত্যুত শোকত ম্রিয়মাণ গোলাঘাট জিলাৰ বাদুলিপাৰৰ ভোলাগুৰিবাসী৷ প্রয়াত প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ পিতৃৰ কর্মসূত্রে ১৯৪৫ চনত গোলাঘাট জিলাৰ বাদুলীপাৰ ভোলাগুৰি কমলা মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঞ্চম আৰু ষষ্ঠ শ্রেণীত অধ্যয়ন কৰিছিল প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে৷ সেই সময়ছোৱাত তেওঁৰ বাল্যকালৰ একেখন বেঞ্চতে অধ্যয়নৰত বন্ধু আছিল বাদুলীপাৰৰ সমীপৰ ভোলাগুৰি গাঁৱৰ থানেশ্বৰ বডা৷ ভোলাগুৰি কমলা মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঞ্চম আৰু ষষ্ঠ শ্রেণীত একেখন বেঞ্চত বহি অধ্যয়ন কৰাৰ লগতে বাদুলীপাৰ চাহ বাগিচা খেলপথাৰত ফুটবল খেলা আদি পুৰণি স্মৃতিৰ কথা ৰোমন্থন কৰি শিক্ষক থানেশ্বৰ বডা আৱেগিক হৈ পৰে৷ আনহাতে, বাল্যকালৰ সহপাঠী তথা ৰাজ্যৰ বর্ষীয়ান ৰাজনীতিবিদগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰাৰ লগতে ল’ৰালি কালৰ কিছু স্মৃতি আজি থানেশ্বৰ বডাই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে৷ আনহাতে, প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ সৈতে গাঁওখনৰ লোকসকলৰ এক মধুৰ সম্পর্ক থকাৰ কথাও গাঁওবাসীয়ে উল্লেখ কৰিছে৷

You might also like