অসমে লাভ কৰিলে কভিডৰ ২ লাখ ভেকচিন
নিয়মীয়া বাৰ্তা ২৪ এপ্ৰিলঃ কৰোনাৰ ছুনামীৰ মাজতে অসমৰ বাবে এক ভাল খবৰ। অসমে নতুনকৈ ভাৰত চৰকাৰৰ পৰা covishieldৰ ২ লাখ ভেকচিন লাভ কৰিলে।
এই সকলো কথা টুইট যোগে জানিবলৈ দিছে মন্ত্ৰী ড০ হিংমন্ত বিশ্ব শৰ্মাই। এই নতুন ভেকচিন লাভ কৰাৰ পিছতে অসমত ভেকচিন মজুত আছে ৪০৬৬১০।
মন্ত্ৰী গৰাকীয়ে টুইট যোগে লিখিছে যে, ‘আমি ভাৰত চৰকাৰৰ পৰা আৰু ২ লাখ কভিশ্বিল্ড ভেকচিনৰ নতুন ড’জ লাভ কৰিছো বুলি জনাবলৈ পাই আনন্দিত হৈছো, যিয়ে আমাক অসমত আমাৰ কভিড ভেকচিনেশ্যন কাৰ্যসূচীত সহায় কৰিব’।
Pleased to share that we’ve received fresh batch of 2 lakh more doses of #CovishieldVaccine from Government of India, which shall help us further step up our #COVIDVaccination program in Assam.
Our current doses availability stands at 406,610.
Stay safe. pic.twitter.com/TPSZzxIiQJ
— Himanta Biswa Sarma (@himantabiswa) April 24, 2021