নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ জুনৰ পৰা দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে খুলিব ৰাজ্যৰ বিদ্যালয়সমুহ; শীঘ্ৰে চৰকাৰে প্ৰকাশ কৰিব নিয়মাৱলী

নিয়মীয়া বাৰ্তা, ২৬ মে’: ১ জুনৰ পৰা ১৫ জুনৰ ভিতৰত দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰাৰ ইংগিত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰেই এই সন্দৰ্ভত নিয়মাৱলী প্ৰকাশ কৰিব চৰকাৰে ।

আজি সংবাদ মাধ্যমত মন্ত্ৰী ড০ শৰ্মাই কয়- “আমি ১ জুনৰ পৰা নহ’লেও ১৫ জুনৰ ভিতৰত ৰাজ্যৰ বিদ্যালয়সমুহ দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে পুনৰ আৰম্ভ কৰাৰ কথা চিন্তা চৰ্চা কৰোছোঁ । এই সন্দৰ্ভত ইতিমধ্যে কিছু নিয়মাৱলীও ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰস্তুত কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা যি নিৰ্দেশাৱলী আহে তাৰ ওপৰত ভিত্তি কৰি শীঘ্ৰে এই সন্দৰ্ভত ঘোষণা হ’ব ।”

আনহাতে দ্বাদশ শ্ৰেণীৰ বাবে আজিৰে পৰা কিতাপ বিতৰণ কৰা আৰম্ভ হৈছে বুলিও জনায় মন্ত্ৰী ড০ শৰ্মাই ।

You might also like