নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুর্ভাগ্যজনক কিবা ঘটিলে অসমৰ ৩ কোটি জনতা বিশ্বত লজ্জিত হ’ব

নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ  কুইপৰ দুই বিষয়া প্রণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক শীঘ্রে মুক্তি দিবলৈ শুকুৰবাৰে আলফা (স্বাধীন)লৈ কাতৰ অনুৰোধ জনালে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উল্লেখ্য যে আলফাৰ দ্বাৰা অপহূত কুইপৰ এই দুই বিষয়াক সংগঠনটোৱে চৰম শাস্তি দিয়াৰ কথা  ঘোষণা কৰিছে৷ আলফা আৰু কুইপৰ মাজত আলোচনা বিফল হোৱাৰ পাছত এই চৰম শাস্তিৰ কথা ঘোষণা কৰিছে বিদ্রোহী সংগঠনটোৱে৷

আলফাৰ এই ঘোষণাৰ পাছতেই  মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত কয়– এই ঘটনা কোনো কাৰণতেই গ্রহণযোগ্য নহয়৷ সঞ্জয় ঘোষৰ মৃত্যুৰ পাছত, ধেমাজি ঘটনাৰ পাছত যি ধৰণে অসমীয়া জাতিয়ে ভাৰত অথবা বিশ্বৰ ওচৰত থিয় হ’ব পৰা নাছিল, আমাৰ অৱস্থা পুনৰ তেনেকুৱা হ’ব৷ আজি যদি নিৰপৰাধী প্রণৱ গগৈ আৰু ৰাম কুমাৰৰ কিবা এটা হয়, তেন্তে অসমবাসীৰ শিৰ একেবাৰে নত হৈ যাব৷ আমি অসমবাসী আজি এটা পর্যায়ত উপনীত হৈছোঁ৷ মানুহে ধেমাজিৰ কাণ্ড পাহৰিছে, সঞ্জয় ঘোষৰ মৃত্যুৰ ঘটনা পাহৰিছে৷ কিন্তু ইয়াৰ পাছত যদি পুনৰ তেনে এক ঘটনাৰ পুনৰাবৃত্তি হয়, তেতিয়াহ’লে অসম পুনৰ লজ্জানত হ’ব৷ আমাৰ জাতিটোক তালিবানী বুলি তুলনা কৰিব৷ গতিকে মই অত্যন্ত বিনম্রতাৰে আলফাক অনুৰোধ কৰিম যাতে নিৰপৰাধী ব্যক্তিকেইগৰাকীক তেওঁলোকে মুকলি কৰি দিয়ক৷ মই পৰেশ বৰুৱাকো বিনম্রতাৰে দুই হাতযোৰ কৰি অনুৰোধ কৰিম আপুনি দুয়োগৰাকী ব্যক্তিক তেওঁলোকৰ পৰিয়ালৰ ওচৰলৈ ওভতাই পঠিয়াওক৷ আমি কৃতজ্ঞ হৈ থাকিম৷

You might also like