ৰাজ্যত ক’ভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৫৫৮৬ জনলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২২ জুন: ৰাজ্যত নতুনকৈ ১৯৮ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
যাৰ পাছতে অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৫৫৮৬ জনলৈ বৃদ্ধি পায় ৷ লগতে ৰাজ্যত সম্প্ৰতি ২১৭০ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷
আনহাতে ক’ৰোনাৰ ফলত ৯ লোকৰ প্ৰাণ হেৰুৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ৩৪০৪ জন লোক ।
উল্লেখ্য যে দেওবাৰৰ দিনটোত মুঠ ৩৩১ গৰাকী লোকৰ দেহত পোৱা গৈছিল ক’ভিডৰ অৱস্থিতি ।