ৰাইজ–চৰকাৰ ঐক্যবদ্ধ হৈ আগুৱাই গ’লে আত্মনির্ভৰশীল হ’ব অসমঃ মুখ্যমন্ত্রী
নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে দৃষ্টান্তমূলক পদক্ষেপ গ্রহণ কৰাত প্রতিখন জিলাই প্রগতিৰ দিশত আগুৱাই যাবলৈ সক্ষম হৈছে৷ মঙলবাৰে বঙাইগাঁৱত উপস্থিত হৈ এই মন্তব্য কৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷বঙাইগাঁও মহাবিদ্যালয় প্রাংগণত আয়োজিত ৰাজহুৱা সভাত অংশ লৈ আত্মনির্ভৰশীল অসম গঢ়াৰ আহ্বান জনাই মুখ্যমন্ত্রী সোণোৱালে কয় যে চৰকাৰ আৰু ৰাইজ ঐক্যবদ্ধভাৱে আগুৱাই গ’লে আত্মনির্ভৰশীল অসম গঢ়াৰ সপোন পূৰণ হ’ব৷ বিজেপি নেতৃত্বাধীন কেন্দ্র আৰু ৰাজ্য চৰকাৰে জনতাৰ মাজত সমবিকাশ আৰু সমমর্যাদাৰ নীতি আগত লৈ আগুৱাই যোৱা বুলিও তেওঁ মন্তব্য৷ আনহাতে তেঁও কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ আমোলত কোনো গোষ্ঠীসংঘর্ষ হোৱা নাই৷ এই কথাৰ পৰাই স্পষ্ট হৈ পৰে যে বিজেপি নেতৃত্বাধীন মিত্রজেজাটৰ চৰকাৰখনে সকলোকে সমমর্যাদা প্রদান কৰিছে৷ তেওঁ লগতে কয় যে মিত্রজেজাটৰ চৰকাৰখনৰ আমোলত ২০১৬ চনৰ পৰা ২০২১ চনলৈকে অসমৰ প্রতিখন জিলাতে যথেষ্ট উন্নয়নমূলক কাম কৰা হৈছে আৰু ৰাজ্যখনৰ সকলো জাতি–জনগোষ্ঠীৰ লোকে উন্নতিৰ জখলা বগাবলৈ সক্ষম হৈছে৷ উন্নয়নমূলক কাম–কাজৰ কিছু খতিয়ানো দাঙি ধৰি মুখ্যমন্ত্রী সোণোৱাল জনায় যে তেওঁৰ আমোলত অসমত প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অধীনত ১৯ হাজাৰ কিলোমিটাৰ পথ নির্মাণ কৰা হৈছে৷ এহেজাৰখন কাঠৰ দলং পকী দলঙলৈ উন্নীতকৰণ কৰা হৈছে৷ ৮খনকৈ নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে, ৯খন ইঞ্জিনীয়াৰিং কলেজ, ৩২খন আইটিআই, ৩০খন পলিটেকনিক স্থাপন কৰা হৈছে৷
তদুপৰি আন দুখন বিশ্ববিদ্যালয় স্থাপন কৰি অসমৰ ছাত্র সমাজৰ মাজত উন্নত শিক্ষা আৰু উচ্চ শিক্ষাৰ শক্তিশালী আন্তঃগাঁথনি প্রতিষ্ঠা কৰাৰ কৌশল চৰকাৰে হাতত লৈছে৷ তেওঁ লগতে কয় যে অসমত শিক্ষিত নিবনুৱা সমস্যা দূৰ কৰাৰ বাবে অসমৰ কৃষি খণ্ডৰ অধীনত মুখ্যমন্ত্রী সমগ্র গ্রাম উন্নয়ন আঁচনি ৰূপায়ণ কৰা হৈছে আৰু ৫৫ হাজাৰ কোটি টকা ব্যয় কৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত উদ্যোগ প্রতিষ্ঠা কৰা হৈছে৷ মুখ্যমন্ত্রীগৰাকীয়ে লগতে জনায় যেবঙাইগাঁও শোধনাগাৰৰ শোধন ক্ষমতা বর্তমান ২.৫ মেড্রিকটনৰ পৰা ৫ মেড্রিকটনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ যাৰ বাবে ১০ হাজাৰ কোটি টকা ধার্য কৰা হৈছে৷
উল্লেখ্য যে অহা ২২ ফেব্রুৱাৰীত প্রধানমন্ত্রীৰ অসম ভ্রমণৰ দিনাবঙাইগাঁও শোধনাগাৰৰ এই প্রকল্পৰ বাবদ ৩ হাজাৰ কোটি টকাৰ কামৰ বাবে আবণ্টন জনাব আৰু প্রাৰম্ভিক কামৰ শুভাৰম্ভ কৰিব৷ তেওঁ লগতে কয় যে অসমৰ ৩৬খন জিলাৰ ভিতৰত বঙাইগাঁও অন্যতম জিলা৷ এই জিলাখনক দেশ অথবা বিশ্বৰ বুকুত অন্যতম জিলা হিচাপে জনাজাত কৰিব লাগিব৷ যোগীঘোপাত ৩,৫০০ কোটি টকা ব্যয় কৰি মাল্টি মডেল লজিষ্টিক পার্ক নির্মাণ কৰা হৈছে৷ এই লজিষ্টিক পার্কৰ কাম সম্পূর্ণ হ’লে নদী পথত যোগাযোগৰ ক্ষেত্রত এক আন্তর্জাতিক ভূমিকা পালন কৰিব বঙাইগাঁও জিলাৰ এই যোগীঘোপাই৷ লগতে বঙাইগাঁৱত স্থাপন হ’বলগীয়া ইঞ্জিনীয়াৰিং কলেজৰ পাঠ্যক্রম আৰম্ভ হ’লে নিশ্চিতভাৱেবঙাইগাঁৱ্ দেশৰ ভিতৰতে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হ’ব৷ তেওঁ আৰু জনায় যে বর্তমান চৰকাৰৰ আমোলত ৪৮ লাখ হিতাধিকাৰীলৈ আধুনিক শৌচালয় নির্মাণ কৰি দিছে৷ আৰু প্রায় ৪০ লাখ মহিলাক বিনামূলীয়াভাৱে ৰন্ধন গেছৰ যোগান ধৰা হৈছে৷ প্রায় ৭ লাখ হিতাধিকাৰীক প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত নতুন ঘৰ নির্মাণ কৰি দিয়া হৈছে বুলিও তেওঁ জনায়৷ অৰুণোদয় আঁচনিৰ জৰিয়তে প্রায় ২২ লাখ পৰিয়ালক মাহিলি ৮৩০ টকাৰ সাহায্য প্রদান কৰা হৈছে, যাতে এওঁলোক অন্ন–বস্ত্র–চিকিৎসা পৰা বঞ্চিত নহয়৷ এই লক্ষ্য আগত লৈয়ে এই আঁচনি ৰূপায়ণ কৰা হৈছে৷ চাহ বাগিচাৰ গর্ভৱতী মহিলাসকলক ছয় মাহৰ বাবে উন্নত পুষ্টি গ্রহণৰ উদ্দেশ্যে ১২ হাজাৰকৈ অর্থ–সাহায্য প্রদান কৰা বুলিও মুখ্যমন্ত্রীগৰাকীয়ে জনায়৷ প্রায় ৪০ লাখ মহিলাৰ আত্মসহায়ক গোটৰ প্রতিটো গোটলৈ ২৫ হাজাৰ টকাৰ প্রথম পর্যায়ৰ আর্থিক সাহায্য প্রদান কৰা বুলি তেওঁ জনায়৷
উল্লেখ্য যে মুখ্যমন্ত্রীগৰাকীয়ে মঙলবাৰে কেইবাটাও প্রকল্পৰ আধাৰশিলা আৰু শুভাৰম্ভ কার্যসূচী হাতত লৈ বঙাইগাঁও পদার্পণ কৰে৷ তেওঁ উত্তৰ শালমাৰাত গোল্ডী দুগ্ধ সংশোধন প্রকল্প, মাণিকপুৰ আৰু বঙাইগাঁও থানাৰ নৱনির্মিত ভৱন উদ্ধোধন কৰাৰ লগতে উত্তৰ বঙাইগাঁও ষ্টেডিয়াম, প্রজেক্টৰ অধীনত মৎস্য প্রকল্প আৰু প্রজেক্ট যাযাবৰৰ আধাৰশিলা স্থাপন কৰে৷ আজিৰ এই সভাত মন্ত্রী ফণীভূষণ চৌধুৰী, প্রাক্তন বিধায়ক ভূপেন ৰায়, বঙাইগাঁও জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্রিয়া, বিজেপিৰ বঙাইগাঁও জিলা সভানেত্রী হিমানী অধিকাৰীসহ আৰু কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷