নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুনোদই প্রকাশৰ স্বর্ণিল অধ্যায় আমি পাহৰিব নালাগেঃ সঞ্জয় দ্বিবেদী

অসমত সংবাদ মাধ্যমৰ ১৭৫ বছৰীয়া যাত্রাক সোঁৱৰণ মহাবাহুৰ

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ ‘অৰুনোদই’ প্রকাশেৰে আৰম্ভ হোৱা অসমীয়া সংবাদ জগতৰ ১৭৫ বছৰীয়া বর্ণিল যাত্রাৰ স্মৰণেৰে দেওবাৰে এক গাম্ভীর্যপূর্ণ অনুষ্ঠান অনুষ্ঠিত হয়৷ মহাবাহু আৰু মাল্টিকালচাৰেল এডুকেচনেল ডেভেলপমেণ্ট ট্রাষ্টৰ যুটীয়া উদ্যোগত পাণবজাৰস্থিত ইনষ্টিটিউচন অৱ ইঞ্জিনীয়ার্ছৰ প্রেক্ষাগৃহত অনুষ্ঠিত এই গাম্ভীর্যপূর্ণ অনুষ্ঠানত প্রত্যাহ্বানৰ মাজেৰে আৰম্ভ হোৱা অসমীয়া সংবাদ মাধ্যমৰ ইতিহাস সোঁৱৰণ কৰা হয়৷ ১৮৪৬ চনৰ জানুৱাৰী মাহত ‘অৰুনোদই’ প্রকাশৰ পাছত সাম্প্রতিক সময়লৈ সংবাদ মাধ্যমত অহা পৰিৱর্তন আৰু প্রত্যাহ্বানকে ধৰি বিভিন্ন দিশ এই অনুষ্ঠানত আলোচনা কৰা হয়৷ নতুন দিল্লীস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেচনৰ (আই আই এম চি) সঞ্চালকপ্রধান সঞ্জয় দ্বিবেদীয়ে এই কার্যসূচীৰ উদ্বোধনী ভাষণ প্রদান কৰি বৰ অসমৰ ভেটি গঢঁোতা শ্রীমন্ত শংকৰদেৱ, শ্রীশ্রীমাধৱদেৱ, আজান ফকীৰ, চাওলুং চুকাফা, বীৰ লাচিত বৰফুকন, লোকপ্রিয় গোপীনাথ বৰদলৈ, সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ অৱদান স্মৰণ কৰে৷ ‘অৰুনোদই’ প্রকাশেৰে আৰম্ভ হোৱা অসমীয়া সংবাদ জগতৰ বর্ণময় যাত্রাৰ কথা উল্লেখ কৰি তেওঁ কয়– ‘অসমৰ সংবাদ মাধ্যম বর্তমান বহু আগুৱাই গ’ল৷ তৎসত্ত্বেও অৰুনোদই প্রকাশৰ সেই স্বর্ণিল অধ্যায় আমি পাহৰি যাব নালাগিব৷ শিপাক পাহৰি গ’লে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম৷ আমি কৰা কামৰ জৰিয়তে সমাজে যাতে সুফল লাভ কৰিব পাৰে, সেই ধৰণে আগবাঢ়িব লাগে৷’ অসমত অসমীয়া সংবাদ মাধ্যমৰ লগতে হিন্দী সংবাদ মাধ্যমৰ আৰম্ভণিৰ কথা উল্লেখ কৰি তেওঁ কয় যে দেশৰে বৰেণ্য ব্যক্তিসকলে সময়ে সময়ে সংবাদ মাধ্যমৰ ব্যৱহাৰেৰে দেশবাসীক সজাগ কৰাৰ কাম কৰি আহিছিল৷ জাতিৰ পিতা মহাত্মা গান্ধী, লোকমান্য বাল গংগাধৰ তিলকে বাতৰিকাকতৰ জৰিয়তে সমাজৰ মাজত সচেতনতা সৃষ্টি কৰিছিল৷ বর্তমান সমাজ ব্যৱস্থাৰ সৈতে খাপ খুৱাই ডিজিটেল মিডিয়াৰ প্রচলন বৃদ্ধি পোৱাৰ প্রসংগও তেওঁ উল্লেখ কৰে৷ ইতিমধ্যে বিভিন্ন বাতৰিকাকতেও ই–কাকতৰ জৰিয়তে ডিজিটেল প্লেটফর্ম ব্যৱহাৰেৰে পাঠকৰ ওচৰ চাপিবলৈ আৰম্ভ কৰিছে বুলি তেওঁ উল্লেখ কৰে৷ ইফালে অসমৰ সংবাদ মাধ্যমৰ এই গুৰুত্বপূর্ণ সময়ৰ আলোচনাৰ বাবে দিল্লীৰ আই আই এম চিত এক অনুষ্ঠানৰ আয়োজন কৰা হ’ব বুলিও তেওঁ সদৰী কৰে৷

ইফালে এই অনুষ্ঠানত উপস্থিত থাকি আউনীআটী সত্রৰ সত্রাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়ে ভাষণ প্রদান কৰি কয় যে সকলো শিল্পৰ ভিতৰত ছন্দ শিল্প হৈছে আটাইতকৈ শক্তিশালী শিল্প৷ ১৮৪৬ চনত অৰুনোদই প্রকাশেৰে আৰম্ভ হোৱা যাত্রাৰ কথা উল্লেখ কৰি তেওঁ অসমত দ্বিতীয়খন বাতৰিকাকত প্রকাশ কৰা আউনীআটী সত্রৰ পূর্বৰ সত্রাধিকাৰ দত্তদেৱ গোস্বামীৰ অপ্রকাশিত সৃষ্টিৰাজি প্রকাশ কৰি উলিয়াবলৈ আহ্বান জনায়৷ এই সভাত তেওঁ কয়– ‘সত্রৰ কঠোৰ ৰীতি–নীতিৰ মাজত থাকি এখন বাতৰিকাকত সেই সময়ত প্রকাশ কৰাটো দত্তদেৱ গোস্বামীৰ বাবে সহজ নাছিল৷ কিন্তু এই প্রত্যাহ্বান নেওচি সুদূৰ কলকাতাৰ পৰা জাহাজেৰে ছপাশাল আনি তেওঁ ‘আসাম বিলাসিনী’ প্রকাশ কৰি উলিয়াইছিল৷ জাহাজেৰে অনা এই ছপাশাল দুটা হাতীৰে আউনীআটী সত্রলৈ লৈ যোৱা হৈছিল৷ এই ছপাশালটোৰ তেওঁ নাম দিছিল ধর্মপ্রকাশ যন্ত্র৷ অসমীয়া সমাজ জীৱনত এই ছপাশালৰ জৰিয়তে আগবঢ়োৱা সেৱা অনস্বীকার্য৷ কিন্তু দুর্ভাগ্যজনকভাৱে আমি এই ছপাশালৰ স্মৃতি সংৰক্ষণ কৰি ৰাখিব নোৱাৰিলোঁ৷ আউনীআটী সত্র চাৰিবাৰলৈ গৰাখহনীয়াৰ কবলত পৰিছে৷ বর্তমান পঞ্চম স্থানত আমি আশ্রয় লৈ আছোঁ৷ যাৰ বাবে এই ছপাশালৰ স্মৃতি সংৰক্ষণ কৰাটো আমাৰ বাবে সম্ভৱ নহ’ল৷ দত্তদেৱ গোস্বামীৰ কর্মৰাজি প্রকাশ হ’লে অসমীয়া ৰাইজ যথেষ্ট উপকৃত হ’ব৷ তেওঁৰ ৮খন নাটক, ২০০ৰো ওপৰত সংস্কৃত গীত, ১০০ৰো ওপৰত গায়ন–বায়নৰ গীত–মাত এতিয়াও প্রকাশ পোৱা নাই৷’

অৱশ্যে এই অপ্রকাশিত সৃষ্টিৰাজি প্রকাশ কৰিব বুলি আজিৰ আনুষ্ঠানতে ঘোষণা কৰিছে মহাবাহু গোষ্ঠীয়ে৷ এই অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী বেপ্ঢিষ্ট মিছনৰ পাষ্টৰ আজিজ–উল হকে অৰুনোদই প্রকাশৰ জৰিয়তে মিছনেৰীসকলে অসমীয়া ভাষা–সাহিত্যলৈ আগবঢ়াই যোৱা অৱদান স্মৰণ কৰে৷ তেওঁ কয় যে অৰুনোদইৰ জৰিয়তে স্থানীয় লোকসকলৰ মৌখিক শব্দ লিপিবদ্ধ কৰি ৰাখিছিল৷ যাৰ বাবে সেই শব্দসমূহ লুপ্তপ্রায় হোৱাৰ পৰা ৰক্ষা পৰিল৷ অনুষ্ঠানত প্রেছ ইন আছাম শীর্ষক বত্তৃণতা প্রদান কৰে ড০ সুনীলপৱন বৰুৱাই৷ তেওঁ নিজৰ বক্তব্যত অসমীয়া সংবাদ মাধ্যমৰ ইতিহাসৰ বিষয়ে উল্লেখ কৰি কয় যে ১৭৫ বছৰ পূর্বে আৰম্ভ হোৱা অৰুনোদইৰ সাংবাদিকতা আৰু বর্তমানৰ সাংবাদিকতা সম্পূর্ণ পৃথক৷ ভাৰতত সাংবাদিকতাই ৪০০ বছৰ অতিক্রম কৰিলে৷ এই ৪০০ বছৰত সংবাদ মাধ্যম এক বিপ্লৱত পৰিণত হৈছে৷ কিন্তু ইয়াৰ লগে লগে ছপা মাধ্যমলৈ প্রত্যাহ্বান নমাই আনিছে ছ’চিয়েল মিডিয়াই৷ আমেৰিকান বেপ্ঢিষ্টসকলে অৰুনোদই প্রকাশৰ জৰিয়তে অসমীয়া ভাষা–সাহিত্যলৈ আগবঢ়োৱা অৱদান সদায় স্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰি তেওঁ কয়– ‘অসমীয়া সংবাদ মাধ্যমৰ সুকীয়া ব্যৱসায় নীতি নাই৷ যাৰ বাবে অসমীয়া বাতৰিকাকত নচলে৷ এখন বাতৰিকাকত ৰাজহুৱা আৰু ব্যক্তিগত দুটা নীতিৰ ওপৰত চলাব লাগিব৷ এই ৰাজহুৱা আৰু ব্যক্তিগত নীতিৰ মাজত দ্বন্দ্বৰ সৃষ্টি হ’লে বাতৰিকাকত নচলা হয়৷’ সাম্প্রতিক সময়ত সকলো বিষয় বজাৰকেন্দ্রিক হোৱা বাবে সংবাদ মাধ্যমৰ ভৱিষ্যততো অনিশ্চয়তাৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে বর্তমান সংবাদ মাধ্যম সম্পূর্ণৰূপে বজাৰে গ্রাস কৰি লৈছে৷ উল্লেখ্য যে আজিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি ‘অসমৰ সংবাদ মাধ্যম ঃ ১৭৫ বছৰীয়া বর্ণিল ইতিহাস আৰু বহিঃপ্রেক্ষাপট’ শীর্ষক এখন দ্বিভাষিক গ্রন্থ উন্মোচন কৰা হয়৷ তদুপৰি ড০ সুনীলপৱন বৰুৱাৰ ‘প্রেছ ইন আছাম’ শীর্ষক গ্রন্থৰো এই অনুষ্ঠানতে উন্মোচন কৰা হয়৷ উদ্যাপন সমিতিৰ সভাপতি প্রবীৰ কুমাৰ দাসে সঞ্চালনা কৰা এই অনুষ্ঠানত আদৰণী ভাষণ প্রদান কৰে উদ্যাপন সমিতিৰ উপদেষ্টা হেমেন দাসে৷ অনুষ্ঠানৰ আঁত ধৰে সাংবাদিক বেদব্রত মিশ্র আৰু মণিকংকণ বৰুৱাই৷

You might also like