নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ৫ বিশিষ্ট ব্যক্তিক পদ্মশ্রী প্রদান

নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ ক’ভিড মহামাৰীৰ বাবে ২০২০ আৰু ২০২১ চনৰ পদ্ম বঁটা প্রদান সোমবাৰৰ পৰা দুদিনীয়া কার্যসূচীৰে ৰাষ্ট্রপতি ভৱনত আৰম্ভ হৈছে৷ লক্ষণীয়ভাৱে ক’ভিড প্রট’কলৰ বাবে ২০২০ চনৰ মুঠ ১৪১গৰাকী পদ্ম পুৰস্কাৰ পোৱা সন্মানীয় ব্যক্তিক আজি পুৱা আৰু বিয়লি দুলানি কার্যসূচীৰে ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে আনুষ্ঠানিকভাৱে মানপত্র প্রদান কৰে৷ পুৱাৰ কার্যসূচীত চিকিৎসা বিজ্ঞানত বিশেষ অৱদানৰ বাবে অসমৰ ডাঃ ৰবি কান্নন আৰ, ডাঃ কুশল কোঁৱৰ শর্মা আৰু সাহিত্য আৰু শিক্ষাখণ্ডত বিশেষ অৱদানৰ বাবে যোগেন্দ্র নাথ ফুকনক পদ্মশ্রী পুৰস্কাৰ প্রদান কৰা হয়৷ আনহাতে, সন্ধিয়াৰ কার্যসূচীত কলা খণ্ডত বিশেষ অৱদানৰ বাবে অসমৰ ইন্দিৰা পি পি বৰা আৰু সাহিত্য–শিক্ষাখণ্ডত যোগোৱা অৱদানৰ বাবে লিল বাহাদুৰ ছেত্রীক ২০২০ চনৰ পদ্মশ্রী সন্মান প্রদান কৰে ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দে৷

উল্লেখ্য যে ৰাষ্ট্রপতি ভৱনত আয়োজিত  এই কার্যসূচীত উপ–ৰাষ্ট্রপতি ভেংকায়া নাইডু, প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহো উপস্থিত থাকে৷ মন কৰিবলগীয়া যে  মৰণোত্তৰভাৱে তিনি প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা বিশিষ্ট ৰাজনীতিক জর্জ ফার্ণাণ্ডেজ, অৰুণ জেটলি আৰু সুষমা স্বৰাজক ২০২০ চনৰ পদ্মবিভূষণ সন্মান প্রদান কৰা হয়৷ লগতে বলীউডৰ তাৰকা অভিনেত্রী কংকণা ৰাণাৱট, প্রযোজক কৰণ জহৰ আৰু সংগীত শিল্পী আদনান ছামীও পদ্মশ্রী বঁটা গ্রহণ কৰে৷ ক্রীড়া ক্ষেত্রত অনবদ্য অৱদান আগবঢ়োৱা শ্বাটলাৰ পি ভি সিন্ধুক পদ্মভূষণ সন্মান অর্পণ কৰে ৰাষ্ট্রপতিগৰাকীয়ে৷

উল্লেখ্য যে আজি ২০২১ চনৰ পদ্ম সন্মান প্রদান কৰিব ৰাষ্ট্রপতিগৰাকীয়ে৷ আজি পদ্ম সন্মান গ্রহণ কৰিবলগীয়া ব্যক্তিসকলৰ ভিতৰত আছে মৰণোত্তৰভাৱে পদ্মভূষণ বঁটা লাভ কৰা অসমৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ৷ তেওঁৰ পত্নী ডলী গগৈয়ে ৰাষ্ট্রপতিৰ পৰা এই বঁটা গ্রহণ কৰিব বুলি জানিব পৰা গৈছে৷ আনহাতে, চলিত বছৰৰ ২৬ জানুৱাৰীত কৰা ঘোষণা অনুসৰি দেশৰ মুঠ ১১৯গৰাকী পদ্ম সন্মান লাভ কৰা ব্যক্তিৰ ভিতৰত তৰুণ গগৈৰ উপৰি অসমৰ ৮গৰাকী ব্যক্তিয়ে পদ্মশ্রী বঁটা লাভ কৰে৷ তেওঁলোক হ’ল– লখিমী বৰুৱা, বিৰুবালা ৰাভা, গোপীৰাম বৰবায়ন বুঢ়াভকত, দুলাল মানকি, বিজয়া চক্রৱর্তী, মংগল সিং হাজোৱাৰী, ইমৰান শ্বাহ আৰু ৰোমান শর্মা৷

You might also like