অসমীয়া ছবি ‘ব্রিজ’ৰ পৰিচালক কৃপাল কলিতা–অভিনেত্রী শিৱাৰাণী কলিতালৈ আন্তঃৰাষ্ট্রীয় সন্মান
নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ ‘ব্রিজ’ৰ জৰিয়তে অসমীয়া চলচ্চিত্রলৈ আহিছে এক সুখবৰ৷ যোৱা ৫ৰ পৰা ২১ আগষ্টলৈ অনুষ্ঠিত সন্মানীয় ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল চিনচিনেটি Indian film festival of CINCINNATI2021)ত কৃষ্টি পথাৰৰ বেনাৰত কৃপাল কলিতাৰ পৰিচালনাৰে নির্মিত পূর্ণদৈর্ঘ্যৰ চলচ্চিত্র ‘ব্রিজ’ৰ মূল অভিনেত্রী শিৱাৰাণী কলিতাই লাভ কৰিছে শ্রেষ্ঠ অভিনেত্রীৰ সন্মান আৰু পৰিচালক কৃপাল কলিতাই লাভ কৰিছে শ্রেষ্ঠ নৱাগত পৰিচালকৰ সন্মান৷
ইতিমধ্যেই শিৱাৰাণী কলিতাই অটোৱা আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱতো শ্রেষ্ঠ অভিনেত্রীৰ আন্তঃৰাষ্ট্রীয় সন্মান লাভ কৰিছে৷ লখিমপুৰ জিলাৰ ঢ়কুৱাখনাৰ শিৱাৰাণী কলিতাই অভিনয় কৰা ব্রিজৰ চৰিত্রটো যথেষ্ট প্রত্যাহ্বানমূলক, য’ত তেওঁ পথাৰত হাল বোৱা, ভৰা নদীত কলৰ ভূৰ চলোৱাৰ দৰে অভিনয় কৰিব লগা হৈছিল৷ এইখন চিনেমাত অভিনয় কৰাৰ পূর্বে শিৱাৰাণীয়ে কোনো ধাৰাবাহিক বা চিনেমাত অভিনয় কৰাৰ অভিজ্ঞতা নাছিল৷ অভিনয়ৰ অভিজ্ঞতা কেৱল এখন মঞ্চ নাটকত অভিনয়৷ পৰিচালক কৃপাল কলিতাৰ ব্রিজ প্রথমখন পূর্ণদৈর্ঘ্যৰ চিনেমা৷ সুদীর্ঘ সময় ধৰি কৃপালে নাটক, চিনেমা, ধাৰাবাহিক, চুটি চিনেমা আদিৰ পৰিচালনা, চিত্রনাট্য ৰচনা, অভিনয় আদিত নিৰৱচ্ছিন্নভাৱে জডিত হৈ আহিছে৷
ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্রযোজিত ব্রিজে ইতিমধ্যে ৩৫কৈও অধিক আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত প্রদর্শিত হৈছে৷ ৫১সংখ্যক ভাৰতীৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত IFFI2020 চনত ভাৰতৰ পৰা পুৰস্কাৰ লাভ কৰা একমাত্র ভাৰতীয় চিনেমা হিচাপে কৃতিত্ব অর্জন কৰা ব্রিজে লাভ কৰিছে আন কেইবাটাও আন্তঃৰাষ্ট্রীয় সন্মান৷ গ’ল্ডেন জুৰী আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত সামাজিক বিষয়ৰ শ্রেষ্ঠ ছবি, ১৬সংখ্যাক ত্রিশূৰ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ ছবিৰ সন্মান, ভাৰতৰ চলচ্চিত্র সমালোচকসকলৰ সংস্থাFIPRESCIৰ বিচাৰত ২০২০ চনত ভাৰতৰ শ্রেষ্ঠ দহখন চিনেমাৰ ভিতৰত ব্রিজৰ স্থান লাভ আদি উল্লেখযোগ্য৷