নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়াৰ সংজ্ঞা নির্ধাৰণ নোহোৱালৈকে কেন্দ্রীয় চৰকাৰে একো কৰিব নোৱাৰেঃ ড০ শর্মা

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ অসমীয়াৰ সংজ্ঞা নির্ধাৰণ কৰাৰ অধিকাৰ কেৱল অসম বিধানসভাৰহে আছে৷ অসমীয়াৰ সংজ্ঞা নিৰূপণ নোহোৱাকৈ কেন্দ্রই ৬নং দফা কার্যকৰীকৰণৰ ক্ষেত্রত কোনো পদক্ষেপ গ্রহণ কৰিব নোৱাৰে৷ –এই ভাষ্য ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ অসম চুক্তিৰ ৬নং দফা কার্যকৰী নকৰাৰ অভিযোগ তুলি কালি সদৌ অসম ছাত্র সন্থাই (আছু) প্রতিবেদনখন ৰাজহুৱা কৰাৰ পাছত সৃষ্টি হোৱা বিতর্কৰ পাছত আজি এই মন্তব্য কৰি মন্ত্রীগৰাকীয়ে স্পষ্টকৈ কয় – ৰাজ্য চৰকাৰে অসম চুক্তিৰ ৬নং দফা কার্যকৰীকৰণৰ ক্ষেত্রত প্রস্তুত কৰা প্রতিবেদন কোনোবা সময়ত অসম বিধানসভালৈ আনিব৷ ৰাইজৰ যি চিন্তা, সেয়া অসম বিধানসভাতে প্রতিফলিত হয়৷ বিধানসভাত যেতিয়ালৈকে অসমীয়াৰ সংজ্ঞা নিৰূপণ নহয়, তেতিয়ালৈকে কেন্দ্রীয় চৰকাৰে ৬নং দফাৰ ওপৰত বিশেষ কৰিবলগীয়া একো নাথাকে৷ কিন্তু বিষয়টোৰ গুৰুত্বৰ প্রতি লক্ষ্য ৰাখি কেন্দ্রীয় চৰকাৰে আগতীয়াকৈ সমষ্টি পুনৰ গঠন আদি পদক্ষেপ গ্রহণ কৰি ৬নং দফা কার্যকৰীকৰণৰ ক্ষেত্রত প্রাৰম্ভিক ব্যৱস্থা হাতত লৈছে৷ জনতা ভৱনত মন্ত্রীগৰাকীয়ে ইয়াকো কয়– ৬নং দফা কার্যকৰীকৰণ সমিতিয়ে প্রতিবেদনত এই কথা উল্লেখ কৰি কৈছে যে প্রতিবেদনত যিবোৰ পৰামর্শ দিয়া হৈছে, সেই পৰামর্শসমূহ দুবছৰৰ ভিতৰতে কার্যকৰী কৰিব লাগিব৷ প্রতিবেদনত উল্লেখ থকা একাংশ পৰামর্শ যথেষ্ট জটিল৷ সেয়েহে এজন অৱসৰপ্রাপ্ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত তিনিজনীয়া কমিটী গঠন কৰি বিষয়বোৰ চালি–জাৰি চাই এই দিশত আগুৱাব দিছে৷ আছুৰ মঞ্চৰ পৰা কালি প্রতিবেদন সন্দর্ভত যি পাঁচ মাহৰ কথা উল্লেখ কৰিছে, অর্থাৎ পাঁচ মাহ একো পদক্ষেপ গ্রহণ নকৰাৰ অভিযোগ তুলিছে, তাৰ বিপৰীতে প্রতিবেদন প্রকাশ নকৰাকৈ সতর্কতাৰে আগবাঢ়িলে বিতর্ক নহ’লহেঁতেন৷ প্রতিবেদনখন ৰাজহুৱা কৰি আছুৱে একপ্রকাৰ জটিলতাৰ বাদে একো কৰা নাই৷ কিন্তু এটা কথা স্পষ্ট– ৰাজ্য চৰকাৰে অসম চুক্তিৰ ৬নং দফা কার্যকৰীকৰণৰ বাবে প্রতিশ্রুতিবদ্ধ৷ ৰাজ্য চৰকাৰৰ হাতত থকা কাৰিকৰী কামসমূহ সম্পূর্ণ কৰাৰ পাছত কেন্দ্রীয় চৰকাৰে এই দিশত আগবাঢ়িব৷ কিন্তু ১২গৰাকী ব্যক্তিয়ে অসমীয়াৰ সংজ্ঞা নির্ধাৰণ কৰি দিলে তাক অসমীয়াৰ সংজ্ঞা বুলি মানি ল’ব পৰা নাযায়৷ বিষয়টো নিশ্চিতভাৱে অসম বিধানসভাৰ মজিয়াত গৃহীত হ’ব লাগিব৷ প্রতিবেদনখন বিধানসভাই অনুমোদন দিলেহে ইয়াক কার্যকৰী কৰিব পৰা যাব৷ কিয়নো প্রতিবেদনত ১৯৫১ৰ এন আৰ চিৰ কথা কৈছে৷ কিন্তু এন আৰ চিৰ বাবে ১৯৫১ কেনেদৰে নির্ধাৰণ কৰা হ’ব, সেই দিশত সমিতি নীৰৱ হৈ আছে৷ এই বিষয়বোৰ চালি–জাৰি চোৱাৰ বাবে সমিতিখনে নিজেই চৰকাৰক দুবছৰ সময় নির্ধাৰণ কৰি দিছে৷ গতিকে এই দিশত ৰাইজৰ মাজত ভুল ধাৰণাৰ সৃষ্টি হ’ব নালাগে৷ ইফালে আছুৱে প্রতিবেদনখন কার্যকৰীকৰণৰ ক্ষেত্রত চৰকাৰৰ সদিচ্ছাৰ অভাৱ আছে বুলি তোলা অভিযোগ সন্দর্ভত মন্ত্রী ড০ শর্মাই কয়– ৰাজ্য চৰকাৰৰ সদিচ্ছা আছে নে নাই, সেয়া আমি কামৰ দ্বাৰাহে দেখুৱাম৷ মোৰ মনত কি আছে, সেয়া আছুৱে কেনেকৈ জানিব৷ বুকু ফালি মই সদিচ্ছা দেখুৱাব নোৱাৰোঁ৷ আছু বর্তমান এটা ৰাজনৈতিক দল৷ তেওঁলোকে এতিয়া ৰাজনীতি কৰিব বিচাৰিছে৷ সেয়েহে আমাক সদিচ্ছাৰ অভাৱ বুলি কৈছে৷ এটা ৰাজনৈতিক দলে আন এটা ৰাজনৈতিক দলক অপবাদ, অপব্যাখ্যা দিয়াটো নির্বাচনৰ আগত এটা চিৰন্তন নিয়ম৷ অৰাজনৈতিক মঞ্চৰ পৰা এই মন্তব্য দিলে বেলেগ কথা আছিল যদিও বর্তমান আছু এটা ৰাজনৈতিক দল৷ গতিকে চৰকাৰে আছুৰ অভিযোগ সন্দর্ভত যুক্তি–তর্কলৈ যাব বিচৰা নাই৷

You might also like