প্রথম অসমীয়া ৰূপে মৃদুল বৰালৈ পৰিৱেশ সুৰক্ষা বঁটা
নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ আমেৰিকা যুক্তৰাষ্ট্রৰ পৰিৱেশ সম্পর্কীয় আন্তঃৰাষ্ট্রীয় সংস্থা নর্থ এমেৰিকান এছ’চিয়েচন ফৰ এনভাইৰনমেণ্ট এডুকেচনৰ (এন এ এ ই ই) চলিত বর্ষৰ ‘৩০ আণ্ডাৰ ৩০’ বঁটাৰে সন্মানিত হৈছে এগৰাকী অসমীয়া যুৱক৷ আন্তঃৰাষ্ট্রীয় সংস্থাটোৱে প্রতিবছৰে বিভিন্ন দেশৰ ৩০গৰাকীকৈ পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত ৩০ বছৰ বয়সৰ তলৰ ব্যক্তিক বিশেষ বঁটাৰে সন্মানিত কৰি আহিছে৷ চলিত বর্ষত প্রথম অসমীয়া ৰূপে এই বঁটাৰে সন্মানিত হৈছে মৃদুল বৰা৷ মৃদুল বৰাৰ লগতে দেশৰ ৩০গৰাকীকৈ যুৱকে পৰিৱেশ শিক্ষাত আগবঢ়োৱা অৱদানৰ বাবে এই পুৰস্কাৰেৰে সন্মানিত হৈছে৷ উল্লেখ্য যে প্রথমবাৰৰ বাবে আন্তঃৰাষ্ট্রীয় সংস্থাটোৰ দ্বাৰা সন্মানিত হোৱা মৃদুল বৰাই মানুহ আৰু নাহৰফুটুকী বাঘৰ সংঘাত নিৰাময়ৰ বাবে এক বিশেষ গৱেষণাত জড়িত হৈ আছে৷ ইতিমধ্যে তেওঁ এই গৱেষণাৰ বাবে আর্থিক সাহায্য লাভ কৰিছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এনিমেল ইক’লজী এণ্ড ৱাইল্ড লাইফ বায়’লজী বিষয়ত স্নাতকোত্তৰ মৃদুল বৰাই ২০১১ চনতে আৰণ্যকে ধৰি কেইবাটাও প্রকৃতিপ্রেমী সংগঠনৰ সৈতে জড়িত হৈ বিভিন্ন গৱেষণা চলাই আছে৷ ২০২১ চনত মৃদুলে ৰাষ্ট্রপতি পুৰস্কাৰপ্রাপ্ত পূর্ণিমা দেৱীৰ নেতৃত্বত হাড়গিলা সংৰক্ষণৰ বাবে সজাগতা সৃষ্টিত অংশ লয়৷ আনহাতে, পৰৱর্তী পর্যায়ত নাহৰফুটুকী বাঘ আৰু মানুহৰ সংঘাতৰ ওপৰত গষেণা চলাই দেশ–বিদেশৰ বিভিন্ন আলোচনা–চক্রৰ বাবেও তেওঁ নির্বাচিত হয়৷ ২০১৭ চনত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ (এ পি পি এছ অ’) প্রকল্প ‘হাৰমনি উইথ লি’পার্ড’ত কো–র্ডিনেচন ভলিউনটি হিচাপে কার্যনির্বাহ কৰি বন্যপ্রাণী সুৰক্ষাৰ সজাগতাৰ দিশটোৰ ওপৰত কাম কৰি আহিছে৷ বর্তমানে ‘ফেণ্টম’ নামৰ প্রকৃতিপ্রেমী সংগঠনটোৰ সাধাৰণ সম্পাদক হিচাপে কার্যনির্বাহ কৰি থকা মৃদুল বৰাই মানুহ–নাহৰফুটুকীৰ্ সংঘাত নির্মূলৰ উপৰি মিঠা পানীৰ কাছৰ কৃত্রিম প্রজনন, আর্ছেনিকমুক্ত খোৱাপানীৰ ব্যৱস্থা, বন্যপ্রাণী–মানুহৰ সংঘাত নিৰাময় আদি বিভিন্ন দিশত জড়িত হৈ আছে৷