উজ্জ্বল জ্যোতি দাসৰ অসমীয়া চলচ্চিত্ৰ আৰু ৰূপে-ৰসে নগাঁও গ্ৰন্থ উন্মোচন
বিশেষ বাৰ্তা, ১২ জুনঃ নগাঁৱত আজি ব্যতিক্ৰমী ৰূপত এখন গ্ৰন্থ উন্মোচন কৰা হয়। উদীয়মান লিখক উজ্জ্বল জ্যোতি দাসৰ “অসমীয়া চলচ্চিত্ৰ আৰু ৰূপে-ৰসে নগাঁও” শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়। বিশিষ্ট চিকিৎসক তথা সাহিত্যিক ডা: সৰ্বেশ্বৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি চলচ্চিত্ৰ পৰিচালক অৰূপ মান্নাই অসমীয়া চলচ্চিত্ৰৰ উত্তৰন আৰু ইয়াৰ লগত জড়িত বিভিন্ন দিশ সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে। সভাত সাহিত্যিক কৃষ্ণ দুলাল বৰুৱা, চিদানন্দ গোস্বামী, সমাজ কৰ্মী মুকুট ভূঞা, শিল্পী সূৰ্য ৰাজা, ৰেকিবুদ্দিন আহমেদ,চিকিৎসক ডা: ভূবন শৰ্মা, নাট্যকাৰ সপোনটি বৰদলৈৰ লগতে অঞ্জলী কটকী, অঞ্জলী মহন্ত, দিপশিখা বৰদলৈ, গাৰ্গী প্ৰীতম বৰা , গৌৰীবল্লভ গোস্বামী, দূৰ্লভ পৱন বৰুৱা, মানু শইকীয়া, অনিতা বৰকাকতি , সাংবাদিক জে পি সিং , পংকজ শইকীয়া আদিয়ে অংশ গ্ৰহণ কৰে। গ্ৰন্থখন উন্মোচন কৰে সাংবাদিক কনক হাজৰিকাই । লিখিকা নিজৰা শইকীয়াই আত ধৰা সভাত গ্ৰন্থখনৰ প্ৰকাশক আমিনুৰ ৰহমানে ভাষন প্ৰদান কৰি কয় যে গ্ৰন্থখনে চলচ্চিত্ৰ প্ৰেমীসকলৰ সমাদৰ লাভ কৰিব। গ্ৰন্থখন নগাঁৱৰ আনন্দ প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে। গ্ৰন্থখন সাংবাদিক কনক হাজৰিকাৰ বাস গৃহত উন্মোচন কৰা হয় ।
প্ৰেৰক কনক হাজৰিকা