হাথৰাছৰ কাণ্ডৰ মাজতে তামিলনাডুত দলবদ্ধ ধর্ষণৰ বলি অসমৰ যুৱতী
নিয়মীয়া বাৰ্তা, ৪ অক্টোবৰঃ দৰঙৰ এগৰাকী ২২ বছৰীয়া যুৱতী দলবদ্ধ ধর্ষণৰ বলি হ’ল তামিলনাডুৰ পাল্লাড়াম নামৰ স্থানত৷ হাথৰাছ ধর্ষণ–হত্যাক লৈ দেশজুৰি উত্তাল প্রতিবাদৰ সময়তে অসমীয়া যুৱতী এগৰাকী এনেদৰে বহিঃৰাজ্যত নৰপিশাচৰ কামনাৰ বলি হ’ব লগা হয়৷
ঘটনা সন্দর্ভত আৰক্ষী সূত্রে প্রকাশ যে অসমীয়া যুৱতীগৰাকী বিগত ২ বছৰে কইম্বাটুৰৰ এক ব্যক্তিগত প্রতিষ্ঠানত কর্মৰত হৈ আছিল৷ যোৱা ৩০ ছেপ্টেম্বৰত যুৱতীগৰাকীক চাকৰি সম্পর্কীয় বিষয়ত তিৰুপুৰ জিলাৰ পাল্লাড়ামৰ ৰাজেশ কুমাৰ নামৰ লোকজনে মাতি পঠিয়ায়৷ পৰৱর্তী সময়ত যুৱতীগৰাকীক সমীপৱর্তী এক বাছ আস্থানত আগবঢ়াই থ’বলৈ ২১ বছৰীয়া ভায়েক ৰাজু কুমাৰক দু–চকীয়া বাহনত পঠিয়ায়৷
কিন্তু সন্ধিয়া কম পোহৰৰ সুযোগ লৈ ৰাজুৱে নির্জন ঠাইত আন ৫ সতীর্থৰ সৈতে মিলি যুৱতীগৰাকীক দলবদ্ধ ধর্ষণ কৰে৷ স্থানীয় ৰাইজে পাছত ঘটনা সন্দর্ভত আৰক্ষীক অৱগত কৰে৷ আৰক্ষীয়ে যুৱতীগৰাকীক উদ্ধাৰ কৰি স্থানীয় এখন চিকিৎসালয়ত ভর্তি কৰায়৷ সামান্য সুস্থ হোৱাৰ পাছত যুৱতীগৰাকীয়ে দিয়া পৰিচয়ৰ ভিত্তিত আৰক্ষীয়ে যুৱতীগৰাকীৰ কর্মৰত প্রতিষ্ঠান তথা পৰিয়ালক অৱগত কৰে৷
ইপিনে, তিৰুপুৰ জিলা আৰক্ষী অধীক্ষকে বিষয়টো সন্দর্ভত সদৰী কৰা মতে, ভাৰতীয় দণ্ডবিধিৰ ১৪৭/৩৮৪/১০৯/৩৭৬ ডি ধাৰাত এটা গোচৰ ৰুজু কৰি ৰাজু কুমাৰ, অনবু, কভিন কুমাৰক তৎকালে গ্রেপ্তাৰ কৰিছে যদিও আন তিনিজন অপৰাধী পলাতক হৈ আছে৷ এই সন্দর্ভত এটা তদন্তকাৰী দল গঠন কৰা বুলিও অধীক্ষকগৰাকীয়ে প্রকাশ কৰিছে৷