নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত সংস্থাপন নাপাই মায়ানগৰীলৈ গৈ আৱদ্ধ হৈ পৰা দুকুৰি শ্ৰমজীৱি যুৱকঃ ঘৰলৈ আহিবলৈ হাতত নাই গাড়ীৰ ভাড়া

নিয়মীয়া বাৰ্তা ১৮ মেঃ নিজৰ আপোন ৰাজ্য অসমত সংস্থাপন নাপাই সুদূৰৰ মায়ানগৰী মুম্বাইলৈ ঢাপলি মেলা প্ৰায় দুকুৰি অসমীয়া শ্ৰমজীৱী যুৱক নিজগৃহলৈ আহিবৰ বাবে সম্প্ৰতি উদ্বাউল হৈ পৰাৰ খবৰ পোৱা গৈছে । তেনেই কম দৰমহাত কাম কৰি থকা অসমৰ কেইবাখনো জিলাৰ এইসকল শ্ৰমজীৱি যুৱকে বিশ্বজুৰি ভয়ংকৰ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে ঘোষিত লকডাউনৰ ফলত বিগত প্ৰায় দুমাহ ধৰি কৰ্মহীন হৈ মায়ানগৰীত নাজল-নাথল অৱস্থাত জীৱন কটাই থাকিবলগীয়া হৈছে । নিজৰ আপোন ঘৰখনলৈ ঘূৰি আহিৱলৈ উদ্বাউল হৈ পৰিলেও প্ৰয়োজনীয় বৃহু পৰিমানৰ গাড়ীৰ ভাড়া যোগাৰ কৰিব নোৱাৰাত এই যুৱকসকলে মনৰ আশা মনতে পুহি ৰাখি কাৰ্যত মুম্বাইতে একপ্ৰকাৰ বন্দিত্বৰ জীৱন কটাই থাকিব লগাত পৰিছে । এই সন্দৰ্ভত পোৱা খবৰ অনুসৰি জীৱিকাৰ সন্ধানত প্ৰায় এক দশক পূৰ্বৰে পৰা কামৰূপ জিলা,দৰংজিলা,নগাঁও জিলা আৰু মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা মুম্বাইলৈ গৈ থানে জিলাৰ ৰাবালা আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত থকা “মাইণ্ডস্পেছ” এটা নেটৱৰ্কিং কোম্পানীত চালক,খালাচী,শ্ৰমিক আদি কামত যোগদান কৰে । দীৰ্ঘদিন ধৰি নিজগৃহলৈ নহাকৈ থকা এইসকল অসমীয়া যুৱকে বিগত বহাগ বিহু আৰু সমাগত ঈদৰ সময়ত ঘৰলৈ অহাৰ সপোন দেখিছিল । কিন্তু লকডাউনৰ বাবে বহাগ বিহুৰ সময়ত অহাৰ সপোন ইতিমধ্যে মৰহি যোৱাৰ লগতে ঈদৰ সময়ত অহাৰ সপোনো সপোনে হৈ ৰোৱাৰ উপক্ৰম হৈছে ।

মাথো দহ হাজাৰ টকাৰ পৰা পোন্ধৰ হাজাৰ টকাৰ দৰমহাত কাম কৰি থকা এইসকল অসমীয়া যুৱকে গৰাকীয়ে এখন বাছৰ বিপৰীতে ধাৰ্য কৰা দুই লাখ ষাঠি হাজাৰ টকাৰ পৰা তিনি লাখ টকা কোনো কাৰণতে দিয়াৰ সাম্যৰ্থ নথকাত চৰম প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈ থাকিব লগা হৈছে । এনে কাৰণত হাত বাউল দি থকা নিজৰ গাঁওখনলৈ আহিবলৈ অধৈৰ্য হৈ পৰিলেও আনৰ সহায় অবিহনে অহাটো হয়তো অসম্ভৱ হৈ পৰিছে । এইক্ষেত্ৰত ৭৮৭৭৬০৩১৬৭ ফোন নম্বৰৰে আজি আমাৰ প্ৰতিবেদকৰে ফোনযোগে যোগাযোগ কৰি যিকোনো প্ৰকাৰে তেওঁলোকৰ এই দুৰ্বিষহ জীৱনৰ বিষয়টো অসম চৰকাৰৰ দৃষ্টিত অনাৰ বাবে কাতৰ অনুৰোধ কৰিছে মুম্বাইত থকা কামৰূপ জিলাৰ সেপকুছিৰ আতোৱাৰ ৰহমান,আখতাৰ আলী,পুতুল আলী, ৰিজাউল আলীসহ বিভিন্নজনে । একেদৰে আন জিলাকেইখনৰো অমূল্য দাস,অনু বিশবাস,অজয় দাস সমন্বিতে আনসকলে নিজগৃহলৈ প্ৰত্যাগমনৰ বাবে উদগ্ৰীৱ হৈ থকাৰ কথা ব্যক্ত কৰে । লগতে তেওঁলোকে জনোৱামতে অনলাইনযোগে কৰা আবেদনৰ আধাৰত তেওঁলোকৰ ১৭ গৰাকীয়ে অসমলৈ অহাৰ অনুমতি লাভ কৰিছে যদিও ধনৰ অভাৱত এটাও খোজ আগবঢ়াব পৰা নাই কাম নাপাই মুম্বাইত মজদুৰৰ দৰে জীৱন কটাবলৈ গৈ আৱদ্ধ হৈ পৰা এইসকল শ্ৰমজীৱিয়ে । এনে কাৰণত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি উদ্ধাৰ কৰিবলৈ তেওঁলোকে কৰযোৰে সকৰুণ অনুনয়-বিনয় কৰিছে ।

You might also like