নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউৰ মৈদামত প্রত্নতত্ত্ব বিভাগৰ খনন; ছেপ্টেম্বৰত আহিব ইউনেস্ক’ৰ প্রতিনিধি

  • ৯০টা মৈদামৰ জি আই টেগিং সম্পূর্ণ
  • আৱিষ্কাৰ প্রাচীন গড, দুৱাৰৰ অৱশেষ
  • বিশ্ব ঐতিহ্য ক্ষেত্রৰ প্রাৰম্ভিক মানচিত্র মুকলি

 

নিয়মীয়া বাৰ্তা, ৪এপ্ৰিল: ডেৰশটাতকৈ অধিক আহোম ৰাজমৈদাম থকা এটা বিশাল অঞ্চল৷ আর্কি’লজিকেল ছার্ভে অৱ ইণ্ডিয়াৰ তত্ত্বাৱধানত থকা মৈদামথলীৰ দাঁতিয়েদি ঠেক আৰু ওখৰা– মোখোৰা পথেৰে আমি আগবাঢ়ি গ’লোঁ৷ সাধাৰণ মানুহৰ বাবে প্রৱেশ নিষিদ্ধ কৰা হৈছে বৃহত্তৰ এই অঞ্চলটোত৷ বাটত দেখা পালোঁ পুৰণা চাহবাগিচাৰ অৱশিষ্ট৷ দূৰৈৰ পৰা দেখা পালোঁ কিছু মৈদাম৷ প্রত্নতত্ত্ব সঞ্চালকালয়ৰ উপ–সঞ্চালক ড০ নৱজিৎ দেউৰীয়ে বাটত বুজাই গ’ল৷ হাবিয়নি আৰু পৰিত্যক্ত চাহ বাগিচাৰ মাজে মাজে আমাৰ গাডী আগবাঢ়িল৷ কিছুদূৰ যোৱাৰ পাছত চৰাইদেউৰ প্রস্তাৱিত বিশ্ব ঐতিহ্য ক্ষেত্রৰ ‘ক’ৰ এৰিয়া’ত প্রৱেশ কৰিলোঁ৷ প্রস্তাৱিত বিশ্ব ঐতিহ্য ক্ষেত্রৰ কামৰ অগ্রগতিৰ গম ল’বলৈ গুৱাহাটীৰ পৰা গৈ মই উপস্থিত হৈছিলোঁ ৰজাদিনীয়া মৈদামৰ মূল খননস্থলীত৷ প্রত্যক্ষ কৰিলোঁ বিশাল মৈদাম ক্ষেত্রৰ চাৰিওফালে দিয়া হৈছে পকী দেৱাল৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ বাবে স্থাপন কৰা হৈছে আৰক্ষীৰ ছাউনি৷ বিভিন্ন ঠাইত শ্রমিকে কাম কৰি আছে৷ উপ–সঞ্চালক ড০ দেউৰীয়ে জনালে যে চাৰি কিলোমিটাৰ দৈর্ঘ্যৰ দেৱালেৰে সমুদায় মৈদাম ক্ষেত্র বেৰি দিয়া হৈছে৷ প্রকল্পৰ মুখ্য বিজ্ঞানী ড০ কে চি নৌৰিয়াল আৰু তেওঁৰ সহযোগী প্রত্নতত্ত্ববিদকেইগ্ আমাৰ বাবে অপেক্ষা কৰি আছিল৷ তেওঁলোকৰ লগত প্রকল্পস্থলী পৰিভ্রমণ কৰি নিৰীক্ষণ কৰিলোঁ ইটোৰ পাছত আনটো ৰাজমৈদাম৷ কিছুমান মৈদামৰ দাঁতিত ৰজাদিনীয়া গাঁথনিৰ মেৰামতিৰ কাম চলি আছে৷ কিছুমান মৈদামত খনন চলি আছে৷ মিৰজুমলাৰ আক্রমণৰ সময়ত চৰাইদেওত থকা বহু মৈদাম ক্ষতিগ্রস্ত হৈছিল৷ পাছৰ কালতো দুর্বৃত্তই মৈদাম খান্দি লৈ গৈছিল আহোম যুগৰ বিভিন্ন মূল্যৱান সম্পদ৷ হৰপ্পা সভ্যতাৰ প্রত্নতাত্ত্বিক সমলৰ বৈজ্ঞানিক অধ্যয়নত জডিত ভাৰতৰ বিশিষ্ট প্রত্নতত্ত্ববিদ ড০ কে চি নৌৰিয়ালৰ নেতৃত্বত প্রত্নতাত্ত্বিকৰ এটা দলে ইয়াত বাহৰ পাতি লৈছে আৰু দিনে–নিশাই আহোম ৰজাঘৰীয়া মৈদামসমূহৰ অধ্যয়ন আৰু সমল সংগ্রহত তেওঁলোক ব্যস্ত হৈ আছে৷ মৈদামসমূহৰ খননৰ সমান্তৰালভাৱে চলিছে সংৰক্ষণ, অধ্যয়ন আৰু প্রৱেশ পথ আদিৰ উন্নয়নৰ কাম৷ ইউনেস্ক’ক ড’ছিয়াৰ জমা দিয়াৰ পাছত ইতিমধ্যে যাৱতীয় কাৰিকৰী যোগ্যতা লাভ কৰিছে প্রস্তাৱিত এই ক্ষেত্রই৷ ছেপ্ঢেম্বৰ মাহত ইউনেস্ক’ৰ প্রতিনিধি দল চৰাইদেউলৈ অহাৰ কথা৷MOIDAMS THE BURIAL SYSTEM OF AHOM DYNESTY হিচাপে ড’ছিয়াৰ দাখিল কৰাৰ পাছত বর্তমান পৰিপূৰক প্রতিবেদন প্রস্তুত কৰাৰ কাম পূর্ণগতিত চলিছে৷ অঞ্চলটোত থকা ১৫০টা মৈদামৰ ভিতৰত ৯০টা ৰাজমৈদামৰ বর্তমান সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ সুখৰ খবৰ যে এই ৯০টা মৈদামৰ জি আই টেগিং ইতিমধ্যে সম্পন্ন হৈছে৷ অর্থাৎ ইণ্টাৰনেটত ছার্চ কৰি পৃথিৱীৰ যিকোনো ঠাইৰ পৰা এই মৈদামকেইটাৰ লোকেচন চিনিব পোৱা যাব৷ মৈদামৰ খননত উদ্ধাৰ হৈছে মাটিৰ সামগ্রীৰ অৱশেষ৷ ড০ নৌৰিয়ালে জনোৱা মতে, মৈদামৰ দাঁতিত চলা খননত আৱিষ্কাৰ হৈছে প্রাচীনকালৰ ইটাৰে নির্মিত গড৷ এটা মৈদামৰ কাষত উদ্ধাৰ হৈছে প্রাচীনকালৰ প্রৱেশদ্বাৰৰ চিন আৰু অৱশিষ্ট৷ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে গুৰুত্বসহকাৰে লৈছে এই প্রকল্পটোক৷ এদল বিজ্ঞানীয়ে বিগত দুটা বছৰ ধৰি মৈদাম তথা সমগ্র অঞ্চলত পৰিষ্কৰণ আৰু অধ্যয়নৰ বিভিন্ন কাম চলোৱাৰ পাছত শেহতীয়াকৈ আৰম্ভ হৈছে আহোম যুগৰ মৈদাম প্রথাৰ সাংস্কৃতিক সমলৰ সন্ধানত প্রত্নতাত্ত্বিক খনন কার্য৷ স্থানীয় ৰাইজৰ মতে, ইয়াত থকা মৈদামৰ ভিতৰতে আছে স্বর্গদেউ চাওলুং চুকাফা, গদাধৰ সিংহ, ৰুদ্রসিংহ, ৰাজেশ্বৰ সিংহ, ফুলেশ্বৰী কুঁৱৰী আদিৰ মৈদাম৷ প্রত্নতত্ত্ববিদসক বর্তমান মৈদামসমূহ যথোচিত ৰূপত চিনাক্তকৰণৰ কাম–কাজ আগবঢ়োৱাৰ লগতে মৈদামৰ ভিতৰত স্বর্গদেউসকলৰ প্রাচীন মুদ্রাৰ সন্ধান চলাইছে৷ এতিয়ালৈকে কোনটো মৈদাম কোনজন স্বর্গদেউৰ সেয়া থিৰাং কৰিব পৰা হোৱা নাই যদিও বিশেষ গাঁথনিৰ পুৰণা ইটাৰে ঘেৰা এটা বিশেষ মৈদাম আহোম ৰাজপৰিয়ালৰ কোনো এজন গুৰুত্বপূর্ণ সদস্য অথবা কোনো স্বর্গদেউৰ আছিল বুলি প্রাথমিকভাৱে ধাৰণা কৰা হৈছে৷ এই কথাৰ আনুষ্ঠানিক ঘোষণা এতিয়াও কৰিব পৰা হোৱা নাই৷ ইফালে, ইউনেস্ক’ক জমা দিবলগীয়া পৰিপূৰক প্রতিবেদনৰ বাবে শেহতীয়া খননত আহোম যুগৰ বিভিন্ন সাংস্কৃতিক সমলৰ সন্ধান চলাইছে প্রত্নতাত্ত্বিক দলটোৱে৷ বহু বছৰ ধৰি পৰিত্যক্ত হৈ থকাৰ ফলত এই অঞ্চলটো ঘন হাবিয়ে আগুৰি ধৰিছিল আৰু ইংৰাজ শাসকে এই স্থানত স্থাপন কৰিছিল চৰাইপর্বত নামৰ এখন চাহ বাগিচা৷ বাগিচাৰ চিলিং ছাৰপ্লাছ মাটি সঞ্চালকালয়ে নিজৰ হাতলৈ নিয়াৰ পাছত বর্তমানৰ ৰাজ্য চৰকাৰৰ সদিচ্ছাত গুৰুত্বপূর্ণ এই প্রকল্পৰ কাম দ্রুতগতিত আগবাঢ়ি গৈছে৷ ৯৫.০২ হেক্টৰ ভূমিত ৯০টা মৈদাম আগুৰি ৪ কিলোমিটাৰ দৈর্ঘ্যৰ পকী দেৱাল নির্মাণ সম্পূর্ণ হোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰিছোঁ৷ ইয়াৰ উপৰি বাফাৰ জ’নত আছে ৭৫৪.৫২ হেক্টৰ মাটি৷ এই বিশাল অঞ্চলটোত অসমত ছশ বছৰ ধৰি ৰাজত্ব কৰা আহোমসকলৰ বহুকেইজন স্বর্গদেউকে ধৰি ৰাজবংশৰ বিভিন্ন লোকৰ ডেৰশতকৈও অধিক মৈদাম আছে যদিও ১৯৫১ চনত আর্কি’লজিকেল ছার্ভে অৱ ইণ্ডিয়াই প্রথমবাৰলৈ ইয়াৰে মাত্র চাৰিটা মৈদামৰ সংৰক্ষণৰ ব্যৱস্থা কৰিছিল৷

সুদীর্ঘ কালৰ অন্তত অসম চৰকাৰৰ প্রত্নতত্ত্ব বিভাগৰ তত্ত্বাৱধানত ৯০টা মৈদামৰ উদ্ধাৰ আৰু সংৰক্ষণৰ ব্যৱস্থা লোৱাৰ পাছত পর্যটকক আকর্ষণ কৰিবলগীয়া বিশ্বৰ ভিতৰতে এক গুৰুত্বপূর্ণ ঐতিহ্য ক্ষেত্র হ’বলৈ গৈ আছে চৰাইদেউ৷ মৈদামস্থলীৰ দেওশালৰ পূবলৈ স্বর্গদেউসকল আৰু ৰাজপৰিয়ালৰ পুৰুষসকলৰ মৈদাম আছে৷ দেওশালৰ পশ্চিমলৈ আছে ৰাণীসকলৰ মৈদাম৷ তথ্য মতে, ১২৫৩ চনৰ পৰা ১৮২০ চনলৈ সুদীর্ঘকাল ৰাজপৰিয়ালৰ লোকক মৈদাম দিয়া হৈছিল এই ঠাইত৷ গৌৰৱৰ কথা যে স্বর্গদেউ চাওলুং চুকাফাৰ পৰা স্বর্গদেউ পুৰন্দৰ সিংহৰ দিনলৈ বহু ৰাজমৈদাম আছে চৰাইদেউত৷ সমগ্র বিশ্বতে একেখন ঠাইত বিশাল ভূমিখণ্ডত এইদৰে কোনো ৰাজপৰিয়ালৰ লানি লানি সমাধি নাই৷ প্রস্তাৱিত বিশ্ব ঐতিহ্য ক্ষেত্রৰ সমুদায় অঞ্চলটোৰ প্রাৰম্ভিক মানচিত্র ইতিমধ্যে মুকলি কৰা হৈছে৷ মৈদাম সংযোগী সমীপৰ অঞ্চলৰ বাট–পথ আদিৰো উন্নয়নৰ কাম চলি আছে৷ প্রত্নতত্ত্ব সঞ্চালকালয়ৰ শীর্ষ বিভিন্ন বিষয়াই মাহৰ পাছত মাহ বাহৰ পাতি আছে প্রকল্পস্থলীত৷ মৈদামস্থলীৰ এই নতুন বর্ধিত অংশ মুকলি কৰা হ’ব পৰৱর্তী এটা বছৰৰ ভিতৰত৷ বর্তমান প্রকল্পস্থলীত দর্শনার্থীৰ বাবে নির্মাণ কৰি থকা হৈছে উন্নত প্রৱেশ পথ৷ সকলোৱে আশা কৰিছে অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্র ৰূপে স্বীকৃতি লাভ কৰিব অসমৰ গৌৰৱ বিজডিত চৰাইদেউৰ এই ঐতিহাসিক স্থানে৷

 

চৰাইদেউৰ প্রকল্পস্থলীৰ পৰা পংকজ কুমাৰ দত্ত

You might also like