বিধানসভা নির্বাচনঃ মার্চতে চূড়ান্ত হ’ব অগপ–বিজেপিৰ আসন বুজাবুজি
ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ ঘোষণা
নিয়মীয়া বাৰ্তা ৯ ফেব্ৰুৱাৰীঃ দিছপুৰত পুনৰ ক্ষমতা দখলৰ লক্ষ্যৰে ব্যাপক ৰণকৌশল প্রস্তুত কৰা বিজেপিয়ে মিত্রদল অগপৰ সৈতে আসন বুজাবুজিৰ ক্ষেত্রত মার্চ মাহৰ প্রথম ভাগতে আলোচনাত বহিব৷ আজি এই কথা স্পষ্ট কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷ ১০০+ আসন দখলৰ লক্ষ্যৰে তৎপৰ হৈ পৰা বিজেপিয়ে অগপৰ সমষ্টিতো আৰম্ভ কৰিছে ৰাজনৈতিক কুচকাৱাজ৷ সমান্তৰালভাৱে অগপয়ো বিজেপিৰ দখলত থকা সমষ্টিত জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত কৰি নির্বাচনৰ ৰণডংকা বজাইছে৷ এনে পৰিস্থিতিত আগন্তুক নির্বাচনত বিজেপিয়ে কিমানখন আসন আৰু অগপই কিমানখন আসনত প্রতিদ্বন্দ্বিতা কৰিব, তাক লৈ দলৰ ভিতৰচ’ৰাত চলিছে চর্চা৷ এনে চর্চাৰ মাজতে আজি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে মার্চ মাহৰ প্রথম ভাগতে অগপ–বিজেপিৰ আসন বুজাবুজিৰ আলোচনা অনুষ্ঠিত হ’ব বুলি স্পষ্ট কৰি দিয়ে৷ চামগুৰি সমষ্টিত আজি পৃষ্ঠাপ্রমুখ সন্মিলনত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰাৰ লগতে ইয়াকো স্পষ্ট কৰে যে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ লগতে বঢ়মপুৰ সমষ্টিতো বিজেপিয়ে সাংগঠনিক দিশ শক্তিশালী কৰিছে৷ গতিকে বিধানসভা নির্বাচনত এই সমষ্টি দুটাত কোনে প্রতিদ্বন্দ্বিতা কৰে, সেয়া পৰৱর্তী সময়তহে সিদ্ধান্ত হ’ব৷ বঢ়মপুৰ যদিও অগপৰ দখলত আছে সমষ্টিটোত অগপৰ জয়ৰ সম্ভাৱনা কিমান অথবা বিজেপিৰ জয়ৰ সম্ভাৱনা কিমান, সেয়া আলোচনাৰ পাছতহে চূড়ান্ত হ’ব৷ অগপ আৰু বিজেপি ব্যক্তিৰ ওপৰত নির্ভৰ নকৰে৷ দল সংগঠনৰ ওপৰতহে নির্ভৰ কৰে৷ মন কৰিবলগীয়া যে আগন্তুক নির্বাচনত বিজেপিয়ে অগপৰ দখলত থকা পাটাছাৰকুছি, তেজপুৰ, বঢ়মপুৰ, দেৰগাঁও, নাহৰকটীয়া আৰু পশ্চিম গুৱাহাটী সমষ্টিত প্রার্থী প্রক্ষেপৰ বাবে ইতিমধ্যে প্রস্তুতি সম্পূর্ণ কৰিছে৷ একেদৰে অগপয়ো বিজেপিৰ দখলত থকা ঢ়কুৱাখনা, নগাঁও, ধেমাজি, দিছপুৰ আৰু পলাশবাৰী সমষ্টিত নিজাববীয়াকৈ প্রার্থী প্রক্ষেপৰ বাবে ৰণকৌশল প্রস্তুত কৰিছে৷ প্রার্থিত্বক কেন্দ্র কৰি দল দুটাৰ ভিতৰচ’ৰাত কিছু বিতর্ক সৃষ্টি হৈছে৷ এনে অৱস্থাত আসন বুজাবুজিৰ ক্ষেত্রত অহা মার্চ মাহত হ’বলগীয়া বৈঠকে এইক্ষেত্রত কি সিদ্ধান্ত দিয়ে, সেয়া লক্ষণীয় হৈ পৰিছে৷
ইফালে প্রার্থিত্ব প্রদানক কেন্দ্র কৰি সভাপতি ৰঞ্জিত দাসৰ মন্তব্য– আগন্তুক নির্বাচনত কোনে প্রার্থিত্ব লাভ কৰিব, সেয়া নির্ভৰ কৰিব দলৰ সমীক্ষাৰ ওপৰত৷ বিজেপিৰ ৰাষ্ট্রীয় সমিতিয়ে ইতিমধ্যে প্রতিটো সমষ্টিতে কোন প্রার্থীৰ জয়ৰ সম্ভাৱনা কিমান, তাৰ ওপৰত তিনিটাকৈ সমীক্ষা চলাইছে৷ একেদৰে ৰাজ্যিক বিজেপিয়েও প্রার্থী জয়ৰ সম্ভাৱনাক লৈ এটা সমীক্ষা সম্পন্ন কৰিছে৷ এই চাৰিটা সমীক্ষাৰ তালিকাত দুয়োজন প্রার্থীৰ যিজনৰ নাম সর্বাধিক উল্লিখিত হয়, সেইজন প্রার্থীয়েই প্রার্থিত্ব লাভ কৰিব৷ লক্ষণীয় যে আগন্তুক নির্বাচনত ৰাজ্যিক বিজেপিয়ে একাধিক সমষ্টিত প্রার্থিত্ব সলনিৰ তৎপৰতা আৰম্ভ কৰিছে৷ বিশেষকৈ উজনিৰ ১৫টাতকৈ অধিক সমষ্টিত আৰু বৰাকত ৭টা সমষ্টিত নতুন প্রার্থিত্ব দিয়াৰ বাবেও চিন্তা–চর্চা আৰম্ভ কৰিছে ৰাজ্যিক বিজেপিয়ে৷ এনে চিন্তা–চর্চাৰ মাজতে আজি সভাপতি ৰঞ্জিত দাসে প্রার্থিত্বক লৈ কৰা মন্তব্যই বিশেষ তাৎপর্য বহন কৰিছে৷ সভাপতিগৰাকীয়ে আগন্তুক নির্বাচনত বিজেপিয়ে ১০০+ আসন দখল কৰিব বুলি আজি পুনৰ দৃঢ় মন্তব্য কৰে৷ তেওঁ কয়– বিজেপিয়ে সংগঠন শক্তিশালী কৰাৰ বাবে ৭ বছৰ কঠোৰ পৰিশ্রম কৰিছে৷ এইবাৰ নির্বাচনত ৩.২০ লাখ পৃষ্ঠাপ্রমুখে তৃণমূল পর্যায়ত দলৰ ভেটি শক্তিশালী কৰিছে৷ একেদৰে ৪২ লাখ সদস্যৰে দলে ইতিমধ্যে নির্বাচনৰ বাবে সকলো প্রস্তুতি সম্পূর্ণ কৰিছে৷
উল্লেখ্য যে আগন্তুক নির্বাচনৰ বাবে বিজেপিয়ে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ কৰিছে পৃষ্ঠাপ্রমুখ সন্মিলন৷ এই সন্মিলনৰ পাছতেই ১৬ ফেব্রুৱাৰীৰ পৰা ২৩ ফেব্রুৱাৰীলৈ শাসকীয় দলটোৱে আৰম্ভ কৰিব পৰিয়াল সম্পর্ক অভিযান৷ প্রতিগৰাকী পৃষ্ঠাপ্রমুখে এই অভিযানৰ জৰিয়তে প্রতিজন ভোটাৰৰ ওচৰলৈ আৰু প্রতিটো পৰিয়ালৰ ওচৰলৈ গৈ চৰকাৰৰ উন্নয়নমূলক কাম–কাজৰ বিস্তৃত বিৱৰণ দাঙি ধৰিব৷ চৰকাৰ আৰু দলৰ নীতি–আদর্শসমূহ দাঙি ধৰাৰ লগতে কংগ্রেছৰ সমর্থনত থকা ভোটাৰক বিজেপিৰ পক্ষলৈ অনাৰ বাবে প্রস্তুতি চলাব৷ মুখ্যতঃ এই কার্যসূচীৰে শাসকীয় দলটোৱে নির্বাচনৰ বাবে আৰম্ভ কৰিছে মাইক্র’মেনেজমেণ্ট অভিযান৷ তৃণমূল পর্যায়ৰ প্রতিগৰাকী কার্যকর্তা তথা দলীয় কর্মীক সক্রিয় কৰি বিৰোধীৰ ভোট কাঢ়ি অনাৰ বাবে ইতিমধ্যে প্রস্তুত কৰি তুলিছে বিশেষ ব্লুপ্রিণ্ট৷
সমষ্টি তত্ত্বাৱধায়ক, সংযোজকৰ সৈতে অডিঅ’ কনফাৰেঞ্চ
ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে আজি ১২৬টা বিধানসভা সমষ্টিৰ তত্ত্বাৱধায়ক আৰু সংযোজকসকলৰ সৈতে এক অডি’ কনফাৰেঞ্চযোগে বার্তালাপ কৰে৷ গুৱাহাটীৰ পৰা চামগুৰিৰ পৃষ্ঠাপ্রমুখ সভালৈ গৈ থকা অৱস্থাত ফোনযোগে কৰা এই বার্তালাপৰ জৰিয়তে প্রতিটো মণ্ডলৰ সভাপতি, উপ–সভাপতি, সাধাৰণ সম্পাদককে ধৰি সমূহ বিষয়ববীয়া, কার্যকর্তা, মর্চাৰ সভাপতি, বিষয়ববীয়াসকলৰ লগতে নির্বাচিত জনপ্রতিনিধি, প্রাক্তন বিষয়ববীয়াসকল আৰু কার্যকর্তাসকলৰ নাম–ঠিকনা, টেলিফোন নম্বৰ সম্বলিত এখন বুকলেট প্রস্তুতৰ বাবে নির্দেশ দিয়ে৷ এই বুকলেটখন অহা ১৮ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সভাত জমা দিয়াৰ বাবেও পৰামর্শ দিয়ে৷ আজিৰ এই অডি’ কনফাৰেঞ্চত ৪০০গৰাকী সভাপতি আৰু ১২৬গৰাকী বিধানসভাৰ তত্ত্বাৱধায়ক, সংযোজকে অংশ লয়৷