বিশেষ বাৰ্তা, ১৬ অক্টোবৰ : আজি কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই এগৰাকী সহকাৰী আয়ুক্তক গ্ৰেপ্তাৰ কৰে । উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল কামৰূপৰ সহকাৰী আয়ুক্ত দীপাংকৰ কলিতা । জানিব পৰা মতে, চৰকাৰী কামৰ ফাইল ৰখাই ধন দাবী কৰি আহিছিল দীপাংকৰ কলিতাই । আজি দুৰ্নীতি নিবাৰক শাখাই পতা জালত পৰে সহকাৰী আয়ুক্ত দীপাংকৰ কলিতা । মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে সহকাৰী আয়ুক্তজনক । উল্লেখ্য যে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায় সহকাৰী আয়ুক্তৰ কক্ষত ।