এছপি শ্বেতাংগ মিশ্রৰ শাস্তিৰ দাবীত আছুৰ ৰাজ্যজুৰি বিক্ষোভ
ডিব্রুগড়ত ছাত্র সন্থাৰ কর্মীক আৰক্ষীৰ প্রহাৰ
নিয়মীয়া বাৰ্তা ৩০ ডিচেম্বৰঃ ডিব্রু মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ নির্বাচনকেন্দ্রিক সংঘাতৰ আলম লৈ ডিব্রুগড় আৰক্ষীয়ে সদৌ অসম ছাত্র সন্থা (আছু)ৰ কর্মীক প্রহাৰৰ লগতে শ্বহীদ ভৱনত প্রৱেশক লৈ সৃষ্টি হোৱা প্রতিক্রিয়া অব্যাহত আছে৷ ডিব্রুগড় জিলা আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্রসহ দোষী বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ আৰু গ্রেপ্তাৰ কৰা প্রতিজন আছু কর্মীক বিনাচর্তে মুকলি কৰি দিয়াৰ দাবীত বুধবাৰে ৰাজ্যজুৰি উত্তাল বিক্ষোভ কার্যসূচী ৰূপায়ণ কৰে আছুৱে৷ প্রতিখন জিলা–মহকুমা সদৰত ছাত্র সংগঠনটোৱে এই প্রতিবাদী কার্যসূচী পালন কৰে৷ গুৱাহাটীৰ দীঘলীপুখুৰীপাৰতো সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্র সন্থাই দিনৰ ১১ বজাৰ পৰা ১ বজালৈ মুখত ক’লা কাপোৰ বান্ধি ২ দুঘণ্টীয়া বিক্ষোভ প্রদর্শন কৰে৷ আৰক্ষীৰ বর্বৰতা নচলিব, অপশাসন নচলিব, গ্রেপ্তাৰ কৰা আছু কর্মীক বিনাচর্তে মুক্তি দিয়ক, আছু কর্মীৰ পিঠিৰ ওপৰত পৰা লাঠীৰ কোবৰ হিচাপ আমাক লাগিব আদি বিভিন্ন দাবী সম্বলিত প্লেকার্ড হাতত লৈ জিলাখনৰ ভিন্ন প্রান্তৰ পৰা অহা তিনি শতাধিক প্রতিবাদকাৰীয়ে বিক্ষোভত অংশ লয়৷
এক বিবৃতিত সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্র সন্থাৰ সভাপতি ৰজমিল আলী আৰু সাধাৰণ সম্পাদক টুটুমণি কলিতাই কয় যে ডিব্রুগড় জিলাৰ আৰক্ষী অধীক্ষকজনৰ নেতৃত্বত শ্বহীদ ভৱনত প্রৱেশ কৰি আছু কর্মীৰ ওপৰত কৰা অমানুষিক অত্যাচাৰ সহ্য কৰা নহ’ব৷ ৰাজনৈতিক হেঁচাত অসম আৰক্ষীয়ে কৰা অপশাসন মানি লোৱা নহ’ব৷ অসমীয়া মানুহৰ আৱেগ শ্বহীদ ভৱনত জড়িত হৈ আছে৷ য’ৰ পৰা ছাত্র সন্থাৰ বিভিন্ন শৈক্ষিক কাম–কাজ চলে, ছাত্র–ছাত্রীসকলে বিনামূলীয়া কম্পিউটাৰ প্রশিক্ষণ গ্রহণ কৰে, যাৰ পৱিত্রতা আছে৷ তাত আৰক্ষীয়ে এনেদৰে অনধিকাৰ প্রৱেশ কৰি ছাত্র কর্মীৰ পিঠিত কোব সোধোৱা কার্য আমি সহ্য নকৰোঁ৷ ইয়াৰ বিৰুদ্ধে ব্যাপক প্রতিবাদ হ’ব৷ আমি ছাত্র সন্থাই কেতিয়াও এনে দমনক সহ্য নকৰোঁ, ভয় নাখাওঁ৷ যেতিয়ালৈ আছু কর্মীসকলক মুক্তি নিদিয়ে, দোষী আৰক্ষী বিষয়াগৰাকীক কঠোৰ শাস্তি নিদিয়ে, তেতিয়ালৈ আমাৰ গণতান্ত্রিক প্রতিবাদ অব্যাহত থাকিব৷
এই বিক্ষোভ কার্যসূচীত আছুৰ উপ–সভাপতি বিপুল ৰাভা, সাংগঠনিক সম্পাদক ৰইফুদ্দিন আহমেদ, দিব্যজ্যোতি মেধি, সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্র সন্থাৰ সভাপতি ৰজমিল আলী, সাধাৰণ সম্পাদক টুটুমণি কলিতা, সদৌ গুৱাহাটী ছাত্র সন্থাৰ সভাপতি আনোৱাৰ হুছেইন, চন্দ্রপুৰ আঞ্চলিক ছাত্র সন্থাৰ নেতৃত্ব, আন্তঃডিমৰীয়া আঞ্চলিক ছাত্র সন্থাৰ নেতৃত্বৰ লগতে তিনি শতাধিক প্রতিবাদকাৰীয়ে অংশগ্রহণ কৰে৷ ন্যায় নোপোৱা পর্যন্ত আছুৱে ক্ষান্ত নোহোৱাৰ হুংকাৰ প্রদান কৰিছে৷
এছ পি, ডি এছ পিক শাস্তি প্রদানৰ দাবীঃ শ শ প্রতিবাদকাৰীয়ে কঁপালে ডিব্রুগড় চহৰ
বুধবাৰে বিশাল বিক্ষোভ কার্যসূচী ৰূপায়ণেৰে ডিব্রুগড় চহৰ কঁপালে আছুৱে৷ ডিব্রুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্রৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ দাবীত বিভিন্ন শ্লোগানেৰে উত্তাল হৈ পৰে প্রতিবাদথলীৰ পৰিৱেশ৷ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্রক সুবোধ বিশ্বাসৰ আখ্যা দিয়াৰ লগতে বিধায়ক শ্বেৰমান আলী আহমেদৰ সৈতেও তুলনা কৰে আছুৰ নেতৃবৃন্দহ৷ অসম আন্দোলনৰ সময়ত আত্মবলিদান দিয়া জাতীয় শ্বহীদক চূডান্তভাৱে অপমান কৰা কার্যত লিপ্ত আৰক্ষী অধীক্ষকজনৰ ওপৰত শীঘ্রে যথাবিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক দাবী জনায় আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যহ৷ চহৰখনৰ থানা চাৰিআলিত হোৱা এখন প্রতিবাদী সভাত ড০ ভট্টাচার্যহ কয় যে জাতিৰ স্বাভিমানত আঘাত কৰা কোনো কামেহ আছুৱে সহ্য নকৰে৷ তেনেস্থলত এজন আৰক্ষী অধীক্ষক হৈ শ্বহীদ বেদী জোতাৰে, ভৰিৰে মোহাৰিব, এয়া কোনো প্রকাৰেহ ক্ষমাৰ যোগ্য নহয়৷ এখন মহাবিদ্যালয়ৰ ছাত্র একতা সভাৰ নির্বাচনক কেন্দ্র কৰি উদ্ভৱ হোৱা পৰিস্থিতি জিলা প্রশাসন বা আৰক্ষী প্রশাসনে সমাধা কৰিব পাৰিলহেঁতেন৷ কিন্তু ওলতাহ শ্বহীদ ভৱনত প্রৱেশ কৰি আছুৰ কর্মীসকলক মাৰপিট কৰিয়েহ ক্ষান্ত নাথাকি থানালৈ আনিও বর্বৰ আচৰণ কৰে আৰক্ষীয়ে৷ এয়া সুশাসন নহয় বুলি ড০ ভট্টাচার্যহ মন্তব্য কৰি জে’ললৈ নিক্ষেপ কৰা আছুৰ কর্মীকেহজনক মুক্তি দিবলৈ দাবী জনায়৷
আনহাতে, আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাহ উদাত্ত কণ্ঠেৰে প্রতিবাদী সভাত জিলা আৰক্ষী অধীক্ষকৰ লগতে সদৰৰ উপ–আৰক্ষী অধীক্ষকজনক চোকা ভাষাৰে সমালোচনা কৰে৷ তেওঁ কয়– অসমত অসমীয়াগিৰিয়েহ নচলি ক’ত চলিব? সাৱধান এছ পি শ্বেতাংগ মিশ্র৷ শ্বহীদক অপমান কৰাৰ লগতে পাঁচজনকৈ নিৰীহ ছাত্রক সন্ত্রাসবাদীৰ দৰে গ্রেপ্তাৰ কৰি সদৰ থানত পশুৰ দৰে আচৰণ কৰা, পানী এটুপিও খাবলৈ নিদিয়া, ইয়াৰ সকলো হিচাপ লাগিব৷ ন্যায় নোপোৱালৈকে এহ যুঁজ তীব্রৰ পৰা অধিক তীব্র কৰি তোলাৰ হুংকাৰ দিয়ে শংকৰজ্যোতি বৰুৱাহ৷ নির্দোষী ছাত্রকেইজনৰ ওপৰত পৰা প্রতিটো লাঠীৰ কোবৰ হিচাপ দিব লাগিব বুলি অংগীকাৰ কৰি পুত্রৰ বাবে কান্দি কান্দি চকুৰে বাট নেদেখা হোৱা সেহ আইমাতৃসকলৰ ওচৰতো ক্ষমা খোজাৰ দাবী জনায় সাধাৰণ সম্পাদকজনে৷ আনহাতে অসমত অসমীয়াগিৰি নচলে বুলি অশ্লীল ভাষাৰে গালি পৰা আৰক্ষী বিষয়াজনক কঠোৰ প্রত্যাহ্বান জনাহ অসমত অসমীয়াগিৰি নচলিলে ক’ত চলিব বুলি প্রশ্ণ উত্থাপন কৰে শংকৰজ্যোতি বৰুৱাই৷ অসমীয়া জাতীয় স্বাভিমান ৰক্ষা কৰিব আছুৱে জানে, হয়াত শ্বেতাংগ মিশ্রৰ দাদাগিৰি, দমন কেতিয়াও নচলিব৷ আছুৱে তাক কেতিয়াও কেৰেপ নকৰে বুলি সকীয়নি দি পাঁচটা ল’ৰাৰ আহমাতৃৰ চকুপানীৰ মূল্য শ্বেতাংগ মিশ্রহ দিবহ লাগিব বুলিও উল্লেখ কৰে৷
উপ–আৰক্ষী অধীক্ষক আশ্বর্য্য জীৱন বৰুৱাৰ দৰে এ পি এছ চি চাকৰি কেলেংকাৰিত অভিযুক্ত আৰক্ষী বিষয়াৰ পৰা আছুৱে কেতিয়াও নীতিশিক্ষা গ্রহণ নকৰে বুলি শংকৰজ্যোতি বৰুৱাহ কয় যে এনে এজন আৰক্ষী বিষয়াহ আছুৰ শ্বহীদ বেদীত তাণ্ডৱ কৰিছে, তাক কেতিয়াও সহ্য কৰা নহয়৷ মেধাৱী ছাত্রৰ মূৰত মাৰ মাৰি দুর্নীতিৰে চাকৰি লোৱা আৰক্ষী উপ–পৰিদর্শক হ’ল আশ্বুর্য্য জীৱন বৰুৱা৷ এ পি এছ চিৰ পৰীক্ষাত তেওঁ ৮৯টা প্রশ্ণৰ মুঠ নম্বৰ আছিল ১৭৮ নম্বৰ৷ কিন্তু তেওঁ লাভ কৰিছিল ১৯৬ নম্বৰ৷ এনে দুর্নীতিগ্রস্ত বিষয়া ডিব্রুগড়ত চাকৰি কৰি আছে৷ এনে আৰক্ষী বিষয়াৰ নেতৃত্বত মানুহে কি ন্যায় লাভ কৰিব? দুর্নীতিত নিমজ্জিত এগৰাকী বিষয়াহ খেদি খেদি আছু কর্মীক বিনা অপৰাধত বর্বৰভাৱে প্রহাৰ কৰি নীতিশিক্ষা প্রদান কৰাটো কেতিয়াও মানি ল’ব নোৱাৰি৷অনাগত দিনবিলাকত যদি এহ দুহ আৰক্ষী বিষয়াৰ বিৰুদ্ধে চৰকাৰে যথাযথ ব্যৱস্থা গ্রহণ নকৰে, তেন্তে এহ জুহ খাণ্ডৱদাহত পৰিণত হ’ব বুলি শংকৰজ্যোতি বৰুৱাই ভাষণত সদৰী কৰে৷
আনহাতে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে প্রতিবাদী বিক্ষোভ কার্যসূচীত বক্তব্য প্রদান কৰি কয় যে আৰক্ষীয়ে ছাত্র সন্থাৰ নির্দোষী কর্মকর্তাক নির্যাতন চলাহছে৷ ওৰেনিশা থানাত প্রহাৰ কৰিছে৷ পাঁচজন আছুৰ কর্মীক বিনাচর্তে মুক্তি নিদিয়া পর্যন্ত ক্ষান্ত নহয় আছু৷ কুখ্যাত আৰক্ষী বিষয়াক শীঘ্রে অসম চৰকাৰে শাস্তি বিহক৷ ডিব্রুগড়ৰ বিক্ষোভ কার্যসূচী পাছত দিহানামেৰে আৰু মৃদং–খোল বজাহ শ্বহীদ বেদী অপমানৰ শুদ্ধিকৰণ কৰা হয়৷ প্রতিবাদী বিক্ষোভ কার্যসূচীত শ্বহীদ পৰিয়ালেও অংশগ্রহণ কৰি প্রতিবাদ সাব্যস্ত কৰাৰ লগতে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্রীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈয়ে অংশগ্রহণ কৰি আৰক্ষীৰ বর্বৰতাৰ বিৰুদ্ধে সৰৱ হৈপৰে৷ প্রতিবাদত আছুৰ উপদেষ্টা উদ্দীপজ্যোতি গগৈসহ অন্যান্য বিষয়ববীয়া উপস্থিত থাকি বক্তব্য প্রদান কৰাৰ লগতে ভিন্ন প্রান্তৰ পৰা অহা আছুৰ কেহবাশ প্রতিবাদকাৰী উপস্থিত থাকি উত্তাল কৰি তোলে সমগ্র পৰিৱেশ৷ আনহাতে আছুৱে পুনৰ অহা ৩১ ডিচেম্বৰত ডিব্রুগড় সদৰত ৩০ ঘণ্টীয়া অনশন, ৩ জানুৱাৰীত মন্ত্রী অতুল বৰা আৰু আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্রৰ পুত্তলিকা ওলমোৱা, ৪ জানুৱাৰীত দুলীয়াজানত প্রতিবাদী কার্যসূচী ৰূপায়ণ, ৫ জানুৱাৰীত আঞ্চলিক ছাত্র সন্থাহ ৰাজহুৱা স্থানত এশ ক’লা পতাকা উৰুৱাহ পতাকা প্রতিবাদ সাব্যস্ত কৰা, ৭ জানুৱাৰীত মুখত ক’লা কাপোৰ মাৰি প্রতিবাদ কৰা, ৯ জানুৱাৰীত চাহকেল ৰেলী প্রতিবাদ, ১১ জানুৱাৰীত সত্যাগ্রহ কার্যসূচী আৰু ১৩ জানুৱাৰীত ৰূপায়ণ কৰা হ’ব জোঁৰ সমদল কার্যসূচী৷